ETV Bharat / state

Oppositions Protest Against Delimitation : নিৰ্বাচন আয়োগ আৰু বিজেপি ভাই ভাই; দিল্লীত অসমৰ ১১ বিৰোধী দলৰ প্ৰতিবাদ

author img

By

Published : Jul 7, 2023, 7:25 PM IST

'নিৰ্বাচন আয়োগ আৰু বিজেপি ভাই ভাই'; দিল্লীত অসমৰ ১১ বিৰোধী দলৰ প্ৰতিবাদ ৷ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ বাতিলৰ দাবী বিৰোধীৰ ৷ নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত অসমৰ বিৰোধীৰ একত্ৰিত প্ৰতিবাদ । নিৰ্বাচন আয়োগে নিদিলে সাক্ষাৎ । প্ৰতিবাদী কাৰ্যসূচীৰ পৰা দূৰত্বত অৱস্থান গ্ৰহণ দিল্লীত উপস্থিত থকা আপ, অসমৰ নেতৃত্বৰ ৷

Oppositions Protest Against Delimitation

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে দিল্লীত বিৰোধীৰ প্ৰতিবাদ

গুৱাহাটী, ৭ জুলাই : 'নিৰ্বাচন আয়োগ আৰু বিজেপি ভাই ভাই'- অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবীৰে দিল্লীত এই শ্লোগান অসমৰ বিৰোধী দলৰ ৷ নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সমুখত প্ৰতিবাদত বহে অসমৰ ১১ টা বিৰোধী দলৰ প্ৰতিনিধি ৷ তাত অৱশ্যে নাছিল কেৱল আপ, অসমৰ নেতৃত্ব ৷ দেশৰ নিৰ্বাচন আয়োগে একপক্ষীয়ভাৱে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া চলোৱাৰ অভিযোগেৰে নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰে এই ধৰ্ণা কাৰ্যসূচী হাতত লয় অসমৰ বিৰোধী দলসমূহে ৷

অসমৰ এঘাৰটা বিৰোধী দলৰ প্ৰতিনিধিৰ এটা দলে শুকুৰবাৰে বিয়লি নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ যায় ৷ উদ্দেশ্য— সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰ যুক্তি দৰ্শাই আয়োগৰ ওচৰত দাখিল কৰিব এখন স্মাৰক-পত্ৰ ৷ সেই অনুসৰি নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত উপস্থিত হয়গৈ বিৰোধীৰ প্ৰতিনিধি দলটো ৷ কিন্তু নিৰ্বাচন আয়োগক সাক্ষাৎ কৰিবলৈ সক্ষম নহ’ল বিৰোধীৰ দলটো ৷ আনহাতে, নিৰ্বাচন আয়োগৰ পৰা লাভ নকৰিলে কোনো ধৰণৰ সঁহাৰি ৷ ফলত নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সমুখতে প্ৰতিবাদত বহি পৰে অসমৰ বিৰোধীৰ সন্মিলিত প্ৰতিনিধিৰ দলটো ৷

'বিজেপি আৰু নিৰ্বাচন আয়োগক ভাই ভাই' আখ্যাৰে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ বন্ধ কৰাৰ দাবীৰে অসমৰ বিৰোধীয়ে উত্তাল কৰি তোলে নিৰ্বাচন আয়োগৰ চৌহদ ৷ নিৰ্বাচন আয়োগ হায় হায়, অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ বন্ধ কৰক, অসমৰ সৰ্বনাশ বন্ধ কৰক, অসমৰ বিভাজন নচলিব আদি আদি ধৰ্ণা দিয়ে প্ৰতিবাদকাৰীসকলে ৷ দিল্লীত নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত এই ধৰ্ণা কাৰ্যসূচীত ভূপেন বৰা, বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন আদি কংগ্ৰেছী নেতা-বিধায়ককে ধৰি সহযোগী আন বিৰোধী দলৰ নেতৃবৃন্দয়ো অংশগ্ৰহণ কৰে ৷

সাংসদ অজিত ভূঞা, সাংসদ গৌৰৱ গগৈ, ৰাইজৰ দলৰ অখিল গগৈ, অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ, চিপিআইএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, চিপিআইৰ মুনীন মহন্তকে ধৰি বাঁওপন্থী দল আৰু তৃণমূল কংগ্ৰেছ দলৰ প্ৰতিনিধিয়েও নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ নতুন দিল্লীৰ নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সন্মুখত ১১ টা ৰাজনৈতিক দলৰ আজিৰ ধৰ্ণা কাৰ্যসূচীত অসম তৃণমূল কংগ্ৰেছৰ হৈ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা আৰু দলৰ কোষাধ্যক্ষ ঘনকান্ত চুতীয়াই অংশগ্ৰহণ কৰে ৷

লক্ষণীয়ভাৱে এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা দূৰত্বত অৱস্থান গ্ৰহণ কৰে দিল্লীত উপস্থিত থকা আপ, অসমৰ নেতৃত্বই ৷ উল্লেখ্য, যি নিৰ্বাচন আয়োগে অসমৰ পৰা দিল্লীলৈ যোৱা বিৰোধীৰ সন্মিলিত প্ৰতিনিধিৰ দলটোক সাক্ষাৎ কৰিবৰ বাবে সুযোগেই নিদিলে, সেইখন আয়োগে অসমৰ বিৰোধীৰ প্ৰতিবাদক কিমান গুৰুত্ব দিব সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক :Protest Against Liquor Shop : প্ৰতীকি ৰূপত মুখ্যমন্ত্রীক পিন্ধালে সুৰাৰ বটলৰ মালা; মহিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.