গুৱাহাটী,৪ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৫ টা গেৰাণ্টি লৈ ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ প্ৰয়াস কৰা কংগ্ৰছে মুকলি কৰিলে চাকৰি গেৰাণ্টি ৱেবছাইট। এই ৱেবছাইটত নাম পঞ্জীয়ন কৰা নিবনুৱাসকলে কংগ্ৰেছৰ চৰকাৰ হ'লে অগ্ৰাধিকাৰৰ ভিত্তিত লাভ কৰিব চাকৰি। বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰি কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে। সংবাদমেলত চাকৰিৰ বাবে নাম পঞ্জীয়নৰ www.congressor5guarantee.in ৱেবছাইটটো মুকলি কৰে ।
সংবাদমেলত বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি সিঙে কয়,'অসমৰ অন্যতম এটা সমস্যা হৈছে নিবনুৱা সমস্যা। বিজেপি চৰকাৰে এই সমস্যাৰ সমাধানৰ বিপৰীতে অসমৰ ওপৰত 'কা' জাপি দিছে। নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনত কংগ্ৰেছৰ চৰকাৰ হ'লে ৫ লাখ নিবনুৱাক দিয়া হ'ব চাকৰি। এয়া আমাৰ প্ৰতিশ্ৰুতি নহয়, আমাৰ গেৰাণ্টিহে।'
একেখন সংবাদমেলতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়, 'এইবাৰ আমাৰ চৰকাৰ হ'ব আৰু ৫ লাখ নতুন চাকৰি সৃষ্টি কৰা হ'ব। ২০১৬ চনত বিজেপিয়ে ২৫ লাখ চাকৰি দিয়াৰ সপোন দেখুৱাইছিল। আমি ৫ লাখৰ গেৰাণ্টিহে দিছো। আমি বাস্তৱ সন্মত কথা কৈছো ।'
লগতে পঢ়ক: শুকুৰ আলী OUT জছিম খান IN