ETV Bharat / state

Assam govt exam: নিযুক্তি পৰীক্ষাত অনুত্তীৰ্ণ প্ৰাৰ্থীক মাচুল ঘূৰাই দিয়াৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে ?

author img

By

Published : Jul 8, 2023, 5:48 PM IST

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত অনুত্তীৰ্ণ প্ৰাৰ্থীসকলক মাচুল কিদৰে ঘূৰাই দিয়া হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ৷ এই সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Assam govt exam
Assam govt exam
নিযুক্তি পৰীক্ষাত অনুত্তীৰ্ণ প্ৰাৰ্থীক মাচুল ঘূৰাই দিয়াৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে ?

গুৱাহাটী, ৮ জুলাই: তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত বিফল হোৱা প্ৰাৰ্থীয়ে প্ৰ-পত্ৰ পূৰণৰ সময়ত প্ৰদান কৰা ধন ঘূৰাই দিয়া হ’ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শনিবাৰে এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

তেওঁ কয়, ‘‘তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত অনুত্তীৰ্ণ প্ৰাৰ্থীক চৰকাৰে ঘূৰাই দিব লগা টকা বহু প্ৰাৰ্থীয়ে ঘূৰাই নিদিবৰ বাবে আহ্বান জনাইছে ৷ কাৰণ সেই ধন ঘূৰাই দিলে CSC (Common Services Centres) অপাৰেটৰ সকলে পাব ৷ এই ক্ষেত্ৰত সমস্যা আছে ৷’’

আগন্তুক নিযুক্তি পৰীক্ষাত বিফল প্ৰাৰ্থীসকলৰ পৰা মাচুল নলৈ বিনামূলীয়াকৈ পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিব পৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যোগ্যজনক কেনেদৰে ধনখিনি ঘূৰাই দিব পাৰি সেয়া চিন্তা কৰা হ’ব বুলি মন্তব্য কৰে ৷’’

স্মৰ্তব্য যে বিগত বৰ্ষত ৰাজ্যৰ ২৪ খন জিলাত কেইবাটাও বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল । প্ৰায় ২৬০০০ পদৰ বাবে ১৪ লাখ ৩০ হাজাৰ ৪৩৭ গৰাকী প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল । পৰীক্ষাৰ পিচত মুখ্যমন্ত্ৰীয়ে পৰীক্ষাত বিফল প্ৰাৰ্থীসকলক আবেদনৰ ধন ঘূৰাই দিয়া হব বুলি ঘোষণা কৰিছিল ৷

কিন্তু সেই ধনৰাশি ঘূৰাই দিবলৈ এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে বিভিন্ন দল-সংগঠনে চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ লগতে সেই ধনৰাশি ঘূৰাই দিবলৈ দাবী উত্থাপন কৰি আহিছিল ৷ কিন্তু এই ক্ষেত্ৰত এতিয়া চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Ghy Water pipe burst: পানীৰ পাইপ দিল্লী, কেৰালাতো ফুটে; মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.