গুৱাহাটী, ২০ আগষ্ট: অবৈধভাৱে প্ৰৱেশ কৰা নাইবা ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো বসবাস কৰা বিদেশী তথা বিচাৰাধীন সন্দেহজনক বিদেশীক স্বদেশলৈ প্ৰত্যাৱৰ্তন নকৰা পর্যন্ত বন্দী কৰি ৰখা ডিটেনচন কেন্দ্ৰ(Detention centre)সমূহ এতিয়াৰে পৰা 'ট্ৰেনজিত কেম্প'(Transit camp) হিচাপে পৰিচিত হ'ব । ডিটেনচন কেন্দ্ৰবোৰক নতুনকৈ ট্ৰেনজিত কেম্প হিচাপে নামকৰণ কৰা হৈছে । উল্লেখ্য যে, অসমত ৬ টা ডিটেনচন চেণ্টাৰ আছে আৰু এই কেন্দ্ৰসমূহ অস্থায়ীভাৱে ডিব্ৰুগড়, যোৰহাট, গোৱালপাৰা, কোকৰাঝাৰ, শিলচৰ আৰু তেজপুৰৰ কেন্দ্রীয় কাৰাগাৰত প্ৰতিষ্ঠা কৰা হৈছিল । আনহাতে, গোৱালপাৰা জিলাৰ মাটিয়াত ৪৫০০ বন্দী ৰাখিব পৰা এটা বৃহৎ ডিটেনচন কেন্দ্ৰ নিৰ্মীয়মান অৱস্থাত আছে ।

গৃহ আৰু ৰাজনৈতিক বিভাগে জাৰি কৰা জাননীত উল্লেখ কৰা মতে, ডিটেনচন কেম্প নামটো সলনি কৰি ট্ৰেনজিত কেম্প নাম দিয়া হৈছে । ২০০৯ চনত তদানীন্তন চৰকাৰে ডিটেনচন কেন্দ্ৰ নিৰ্মাণৰ কাৰণে প্ৰথমখন জাননী জাৰি কৰিছিল । উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ই অসম বিধানসভাত জনোৱা মতে, অসমৰ ৬টা ডিটেনচন কেম্পত ১৮১ জন লোক বন্দী হৈ আছে । ইয়াৰে ৬১ জন বিদেশী ন্যায়াধীকৰণৰ যোগেদি ঘোষিত বিদেশী আৰু ১২১ জন সাব্যস্ত বিদেশী যি প্ৰত্যাৱৰ্তনৰ কাৰণে অপেক্ষাৰত হৈ আছে ।
দুটা কেন্দ্ৰত মাতৃৰ লগত ২২গৰাকী শিশু বন্দী হৈ আছে । উল্লেখ্য যে, ৰাজ্যৰ অবৈধ বিদেশী চিনাক্ত হোৱাৰ পাছত ৰখাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অসমত ডিটেনচন চেণ্টাৰ নিৰ্মাণ কৰা হৈছিল । ২০০৮ চনত অসমৰ গোৱালপাৰা জিলাত প্ৰথমটো ডিটেনচন চেণ্টাৰ নিৰ্মাণ কৰা গৈছিল সেই সময়ৰ তৰুণ গগৈ নেতৃত্বাধীন অসম চৰকাৰৰ দিনত ।
লগতে পঢ়ক:বঙালী ভাষা নোকোৱাৰ বাবে চাকৰিৰ পৰা বহিষ্কাৰৰ ভাবুকি দুই অসমীয়া যুৱতীক