ETV Bharat / state

বনভোজ আৰু মাঘ বিহু উপলক্ষে ৰাজ্য চৰকাৰৰ নীতি-নিৰ্দেশনা জাৰি - মাঘ বিহু

বনভোজ আৰু মাঘ বিহু উপলক্ষে জনসাধাৰণে কেতবোৰ নীতি-নিয়ম মানি চলিব লাগিব ৷ কিছু বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে ৷

Assam Government Issues Guidelines
ৰাজ্য চৰকাৰৰ নীতি-নিৰ্দেশনা
author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 9:18 PM IST

গুৱাহাটী, 16 ডিচেম্বৰ : এটা বছৰক বিদায় দি আন এটা বছৰক আদৰিবলৈ সাজু ৰাজ্যবাসী ৷ ইফালে বছৰৰ শেষত নতুন বছৰক আদৰাৰ বাবে ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণে বনভোজস্থলীসমূহত ভিৰ কৰিবলৈ আৰম্ভ কৰিছে ৷ কিন্তু এই সময়ছোৱাতে ৰাজ্য চৰকাৰে বনভোজ সন্দৰ্ভত কিছু বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৷

Assam Government Issues Guidelines
বিশেষ নিৰ্দেশনা

কেৱল বনভোজেই নহয়, মাঘ বিহু উপলক্ষেও জনসাধাৰণে কেতবোৰ নীতি-নিয়ম মানি চলিব লাগিব ৷ অসম চৰকাৰে ইতিমধ্যে ৱেবছাইট যোগে জনসাধাৰণে বনভোজৰ সময়ত আৰু মাঘ বিহুৰ সময়ত কৰণীয় সন্দৰ্ভত বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৷ এইসময়ছোৱাত জনসাধাৰণে কি কৰিব বা নকৰিব সেই বিষয়ে উল্লেখ কৰা হৈছে ৷

চৰকাৰৰ নিৰ্দেশনা অনুসৰি বনভোজৰ সময়ত কোনো লোকে আৱৰ্জনা তথা পেলনীয়া খাদ্য আদি নৈ, জান, জুৰি, বিলৰ বুকুলৈ দলিয়াব নোৱাৰিব ৷ ইয়াৰ উপৰিও প্লাষ্টিকৰ গিলাচ, সুৰাৰ বটল আদি নৈৰ বুকুলৈ দলিওৱাতো কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ ৰাজ্য চৰকাৰে সকলো নাগৰিককে প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে ৷ ইফালে বনভোজৰ সময়ত বনভোজস্থলীত অত্যধিক শব্দ প্ৰদূষণ কৰাৰ পৰা বিৰত থাকিবলৈয়ো নিৰ্দেশ দিয়া হৈছে ৷

সকলোৱে বনভোজৰ সময়ছোৱাত যান-বাহন আইন কঠোৰভাৱে মানি চলিব লাগিব ৷ মটৰচাইকেল চালক, আৰোহী দুয়ো হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে ৷ অন্য বাহনত চালকৰ উপৰি যাত্ৰীসকলেও ছিট বেল্ট পৰিধান কৰিব লাগিব ৷ ইফালে সুৰা সেৱন কৰি বাহন চলোৱা চালকে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব ৷ অন্য কঠোৰ শাস্তিও ভোগ কৰিব লাগিব ৷ উল্লেখ কৰা নিয়মবোৰ উলংঘন কৰিলে জৰিমনাও ভৰিব লাগিব ৷

লক্ষণীয় যে চৰকাৰে বান্ধি দিয়া নিয়মসমূহ উলংঘা কৰিলে কেৱল জৰিমনাই নহয়, শাস্তিও ভোগ কৰিব লাগিব ৷ ইফালে নবৱৰ্ষ আৰু মাঘ বিহু উপলক্ষ্যে সুৰাপায়ী সকলক নাকি লগাবলৈ সাজু হৈছে আৰক্ষী-প্ৰশাসনৰ লগতে আবকাৰী বিভাগ আৰু পৰিবহন বিভাগ ৷ মূলতঃ দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে ইতিমধ্যে পৰিবহন বিভাগে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ লক্ষণীয় বিষয় যে প্ৰত্যেক বছৰে চৰকাৰী কঠোৰ নিৰ্দেশনাৰ পাছতো বনভোজস্থলী সমূহ বনভোজৰ পাছত আৱৰ্জনাৰে ভৰি পৰে ৷

লগতে পঢ়ক : ঋণৰ বোজাৰ কথা সাহিত্যিকে লিখা কথা...মোৰ মূৰত কোনো টেনচন নাই : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.