ETV Bharat / state

ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ বৃদ্ধি, ২৪ ঘণ্টাত মৃত্যু ৭৫ গৰাকীৰ - দৰং

দিনক দিনে ৰাজ্যৰ ক'ভিড পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । শেহতীয়াকৈ দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ লকডাউন দিয়া হৈছে ৰাজ্যত। কিন্তু এই অৰ্ধ লকডাউনেও ৰুধিব পৰা নাই ক'ভিডৰ সংক্ৰমণ ।

assam_covid_situation_update
ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ বৃদ্ধি ২৪ ঘণ্টাত মৃত্যু ৭৫ গৰাকীৰ
author img

By

Published : May 14, 2021, 5:14 PM IST

গুৱাহাটী, ১৪ মে' : বিগত এমাহ ধৰি কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰাৰ পাছতো ৰাজ্যৰ ক'ভিড পৰিস্থিতি উন্নত হোৱা নাই। বৰং দিনক দিনে ৰাজ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । শেহতীয়াকৈ দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ লকডাউন দিয়া হৈছে । কিন্তু, এই অৰ্ধ লকডাউনেও ৰুধিব পৰা নাই ক'ভিডৰ সংক্ৰমণ । নিতৌ অভিলেখ সংখ্যক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ লগতে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা ।

বিগত ২৪ ঘণ্টাত ৭৫ গৰাকী লোকৰ কৰ'ণাত মৃত্যু হোৱাৰ বিপৰীতে আক্ৰান্ত হৈছে ৫,৪৬৮ গৰাকী । ইয়াৰ পাচতে ৰাজ্যত কৰ'ণা আক্ৰান্তৰ হাৰ ৯.১৮ শতাংশলৈ বৃদ্ধি পায় । অৰ্থাৎ ক'ভিড টেষ্ট কৰা ১০০ জন লোকৰ ভিতৰত ৯ জনৰ দেহত পোৱা গৈছে ক'ভিডৰ অৱস্থিতি । বিগত দহ দিনত ক'ভিডত আক্ৰান্ত হৈ ৰাজ্যৰ ৬২৪ গৰাকী লোকে প্ৰাণ হেৰুৱালে । ৰাজ্যৰ ভিতৰত গুৱাহাটী মহানগৰীত ব্যাপক তথা ভয়াৱহ হাৰত কৰ'ণাৰ সংক্ৰমণ হৈছে । বিগত দহ দিনত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১৪,২৮৮ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে ।

অসমত নতুনকৈ আক্ৰান্ত ৫,৪৬৮ গৰাকীৰ ভিতৰত ১,১৭৩ গৰাকী কামৰূপ মহানগৰ জিলাৰ । ইফালে ৪৫২ গৰাকী ডিব্ৰুগড় জিলাৰ, ৪৩১ গৰাকী কামৰূপ গ্ৰাম্য জিলাৰ আৰু ৩৩২ গৰাকী নগাঁও জিলাৰ। আনহাতে মৃত্যু হোৱা ৭৫ গৰাকীৰ ভিতৰত ২৩ গৰাকী লোক কেৱল কামৰূপ মহানগৰ জিলাৰ ।

সেইদৰে কৰ'ণাত ডিব্ৰুগড় জিলাত ৭ জন, কামৰূপ গ্ৰাম্য আৰু তিনিচুকীয়াত ৫ জনকৈ, বৰপেটা, দৰং, গোলাঘাট, কাৰ্বি-আংলং, নলবাৰী আৰু শোণিতপুৰত ৩ জনকৈ, বঙাইগাঁও, হোজাই, নগাঁও আৰু ওদালগুৰিত দুজনকৈ আৰু চৰাইদেউ, ধেমাজী, ধুবুৰী, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট, কৰিমগঞ্জ, লখিমপুৰ আৰু মৰিগাঁৱত এজনকৈ লোকৰ মৃত্যু হৈছে ।

উল্লেখ্য যে বৰ্তমান ৰাজ্যখনত কৰ'ণাত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪২,১১৪ গৰাকী । আনহাতে, অসমত বৰ্তমানলৈকে ক'ভিডত আক্ৰান্ত হোৱা মুঠ ৰোগীৰ সংখ্যা হৈছে ৩১,১৫,৫৫৪ গৰাকী । ইয়াৰে ২,৭০,০৭৯ গৰাকী ৰোগী সুস্থ হৈছে । ইফালে ৰাজ্যখনত ক'ভিড আক্রান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ১,৯৮৪ গৰাকী লৈ বৃদ্ধি পাইছে ।

ক'ভিডৰ এই ভয়াৱহ সংক্ৰমণৰ মাজতে এটা ভাল খবৰ যে, বিগত ২৪ ঘণ্টাত কৰ'ণাৰ পৰা আৰোগ্য লাভ কৰিছে ৪,২১৯ গৰাকী লোক । ইয়াকে লৈ ৰাজ্যখনত ক'ভিড-১৯ ৰোগীৰ আৰোগ্যৰ হাৰ ৮৫.৫৯ শতাংশ হৈছে । ইফালে এতিয়ালৈকে ৰাজ্যৰ ৩৮,৭৮,৬১৩ গৰাকী লোকক ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে । ইয়াৰে ২৫,৫৪,৮৮০ গৰাকীক প্ৰথম পালি আৰু ৭,২৩,৭৩৩ গৰাকীক দ্বিতীয় পালি প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে, ক'ভিডৰ সংক্ৰমণ আৰু মৃত্যুৰ হাৰ ৰোধ কৰাৰ উপায় হিচাপে ভেকচিন প্ৰদান বিবেচিত হৈছে যদিও ৰাজ্যত সহজলভ্য হোৱা নাই জীৱনদায়িনী ভেকচিন । বৰ্তমানেও প্ৰায় দুই কোটি লোকে ভেকচিন পাবলৈ বাকী আছে ।

লগতে পঢ়ক : নিজ বাসগৃহত উপস্থিত হৈ কি ক’লে মন্ত্ৰী বিমল বৰাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.