ETV Bharat / state

Miya Museum controversy : মিঞা মিউজিয়ামক লৈ সৰব মুখ্যমন্ত্ৰী ড৹ শৰ্মা

author img

By

Published : Oct 25, 2022, 3:44 PM IST

Updated : Oct 25, 2022, 4:51 PM IST

‘‘লুঙিখনৰ বাদে মিঞা মিউজিয়ামটোত কি নতুনত্ব আছে ৷ অসমীয়া মানুহৰ সামগ্ৰী লৈ মিঞা মিউজিয়াম কেনেকৈ হ’ল ? ইয়াৰ উত্তৰ চৰকাৰক দিব লাগিব ।’’ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM reaction on Miya Museum ) ৷

Miya Museum controversy
মিঞা মিউজিয়ামক লৈ সৰব মুখ্যমন্ত্ৰী ড৹ শৰ্মা

গুৱাহাটী,২৫ অক্টোবৰ : ‘‘মিঞা মিউজিয়াম এটা গুৰুত্বপূৰ্ণ বিষয় । এনেবোৰ বিষয়ে জাতিটোৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰি আহিছে । ইয়াক সৰস আলোচনাৰ বিষয় কৰা উচিত নহয় । বুদ্ধিজীৱীসকলে এই সন্দৰ্ভত চিন্তা কৰা উচিত’’ । মঙলবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM reaction on Miya Museum) ।

লগতে তেওঁ কয়, ‘‘মিঞা মিউজিয়ামটো কি মই বুজি নাপালো । নাঙল অসমীয়া মানুহেও ব্যৱহাৰ কৰে । মাছ মৰা যি কেইটা সঁজুলি মিউজিয়ামটোত আছে সেই কেইটা অসমীয়াৰে । অসমীয়া অনুসূচিত জাতিৰ লোকসকলে অতীজৰে পৰাই এই সঁজুলিবোৰ ব্যৱহাৰ কৰি আহিছে । লুঙিখনৰ বাদে মিউজিয়ামটোত কি নতুনত্ব আছে ?’’

আনকি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘নাঙলটো যদি অসমীয়াৰ নহয় মিঞাৰহে হয় তাক প্ৰমাণ কৰিব লাগিব । নাঙল মিঞা মানুহে ব্যৱহাৰ কৰি অহাৰ ঐতিহাসিক তথ্য দিব লাগিব । অসমীয়া মানুহৰ সামগ্ৰী লৈ মিঞা মিউজিয়াম কেনেকৈ হ’ল ইয়াৰ উত্তৰ চৰকাৰক দিব লাগিব । এই সন্দৰ্ভত গোচৰো তৰা হ’ব’’ (Miya Museum controversy )।

আনহাতে, ইয়াৰ লগত জড়িত লোকসকলে মিঞা মিউজিয়াম সম্পৰ্কত বিশেষজ্ঞ কমিটিৰ সন্মুখত জবাবদিহি হ’ব লাগিব ৷ মিউজিয়াম স্থাপনৰ বাবে পুঁজি কৰ পৰা আহিল সেই বিষয়টো আৰক্ষীয়ে তদন্ত কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

উল্লেখ্য যে, মিঞা সংগ্ৰহালয়ক লৈ শাসক-বিৰোধীৰ লগতে ৰাজ্যৰ সচেতন মহলৰ মাজতো সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ কিন্তু এই বিতৰ্ক চলি থকাৰ মাজতে দেওবাৰে অনুষ্ঠিকভাৱে উদ্বোধন কৰা হয় এটা মিঞা সংগ্ৰহালয়টো (Miya Museum inaugurated at Lakhipur) । বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে মিঞাসকলৰ অতীজৰে পৰা ব্যৱহাৰ কৰা সামগ্ৰীবোৰ কলাক্ষেত্ৰৰ সংগ্ৰহালয়ত ৰখাৰ বাবে দাবী কৰি বিতৰ্কৰ সৃষ্টি কৰি আহিছিল ।

এই বিতৰ্কৰ মাজতে মিঞা সংগঠনৰ একাংশ লোকে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল মিঞা সংগ্ৰহালয় । অৱশ্যে কলাক্ষেত্ৰৰ পৰিৱৰ্তে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ডাপকাৰভিটাত স্থাপন কৰা হয় এই সংগ্ৰহালয়টো (Miya museum Establishment in Goalpara) ।

মিঞা পৰিষদৰ গোৱালপাৰা জিলাৰ সমিতিৰ উদ্যোগত মিঞা সংগ্ৰহালয় উদ্বোধন কৰে আহোম ৰয়েল চ’চাইটিৰ মুখ্য সাংগঠনিক সম্পাদক ধাদু মিঞাই । উদ্বোধনী ভাষণ প্ৰদান কৰে মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহৰ আলীয়ে । নকৈ উদ্বোধন কৰা মিঞা সংগ্ৰহালয়টোত আছে মিঞাসকলে অতীজৰে পৰা ব্যৱহাৰ কৰি অহা বিভিন্ন সামগ্ৰী ৷

লগতে পঢ়ক : Miya Museum inaugurated : কলাক্ষেত্ৰত নহয় লক্ষীপুৰত উদ্বোধন হ’ল মিঞা সংগ্ৰহালয়

Last Updated : Oct 25, 2022, 4:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.