ETV Bharat / state

কি আছে গো-সুৰক্ষা বিধেয়ক 2021 ত ?

বহু বিতৰ্কিত গো-সুৰক্ষা বিধেয়ক (cattle preservation bill) সোমবাৰে বিধান সভাত উত্থাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ গৰুৰ চোৰাং ব্যৱসায় ৰোধ (control over illegal cattle trading) কৰাৰ লগতে গো-মাংস বিক্ৰী (selling of beef)ৰ ক্ষেত্ৰতো কেতবোৰ কঠোৰ নীতি নিয়ম প্ৰৱৰ্তন কৰা হৈছে বিধেয়ক খনত ।

author img

By

Published : Jul 12, 2021, 9:46 PM IST

assam-cm-introduces-bill-to-ban-cow-slaughter-check-cattle-smuggling
কি আছে গো-সুৰক্ষা বিধেয়ক 2021 ত ?

নিউজডেস্ক, 12 জুলাই : ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে সোমবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই বিধান সভাত গো-সুৰক্ষা বিধেয়ক, ২০২১ (cattle preservation bill 2021) উত্থাপন কৰে ৷ এই বিধেয়কযোগে কেৱল গৰুৰ বধ, ভক্ষণ আৰু অবৈধ সৰবৰাহ নিয়ন্ত্ৰণ কৰিব বিচাৰিছে ৷ কেৱল এয়াই নহয়, প্ৰস্তাৱিত বিধেয়কখনৰ অধীনত যিকোনো গো সম্পৰ্কীয় নিষেধাজ্ঞা উলংঘন কৰাৰ বাবে নিম্নতম তিনি বছৰৰ কাৰাদণ্ড আৰু নিম্নতম ৩ লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছে ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Bishwa Sarma) সোমবাৰে বিধেয়কখন সদনত উত্থাপন কৰে । অসমত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত গো-হত্যা আৰু অবৈধ সৰবৰাহ নিষিদ্ধ কৰা আইন নাছিল ৷ কিন্তু অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে চলিত বছৰৰ মে’ মাহত বিধানসভাৰ অধিৱেশনৰ সময়ত কৈছিল যে, তেওঁৰ চৰকাৰে বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত গো-সুৰক্ষা বিধেয়ক উত্থাপন কৰাৰ পৰিকল্পনা কৰিছে ।

বিধেয়কৰ সংজ্ঞাত স্পষ্টকৈ কোৱা হৈছে যে "গো-মাংস(beef)"ৰ অৰ্থ হৈছে এই আইনৰ অধীনত হত্যা নিষিদ্ধ যিকোনো প্ৰকাৰৰ গৰুৰ মাংস ।" কোনো ব্যক্তিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদিত স্থানৰ বাহিৰে অন্যস্থানত কোনো প্ৰকাৰে গো-মাংস বা গো-মাংসৰ পৰা উৎপাদিত সামগ্ৰী ক্ৰয় অথবা বিক্ৰী কৰিব নোৱাৰিব ৷

assam-cm-introduces-bill-to-ban-cow-slaughter-check-cattle-smuggling
অসম বিধানসভা

" মুখ্যতঃ হিন্দু, জৈন, শিখ আৰু অন্যান্য গো-মাংস ভক্ষণ নকৰা সম্প্ৰদায় বাস কৰা অথবা যিকোনো মন্দিৰ, সত্ৰ, বা হিন্দু ধৰ্মৰ আন কোনো প্ৰতিষ্ঠান অথবা অঞ্চলৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অথবা, কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিব পৰা অন্য কোনো প্ৰতিষ্ঠান অথবা এলেকাত গো-মাংসৰ ক্ৰয় বিক্ৰীৰ অনুমতি দিয়া নহ’ব ।" বিধেয়কখনত উল্লেখ আছে যে, ইয়াৰ ধাৰা সমূহৰ উলংঘন কৰা ব্যক্তিক শাস্তি হিচাপে, নূন্যতম তিনি বছৰৰ পৰা আঠ বছৰ পৰ্যন্ত কাৰাদণ্ড অথবা 3 লাখ টকাৰ পৰা 5 লাখ টকালৈকে জৰিমনা বিহা হ’ব ৷

বিধেয়কখন বিধানসভাত উত্থাপন হোৱাৰ আগতে এজন চৰকাৰী মুখপাত্ৰই অৱগত কৰিছিল যে, এই বিধেয়কখন উত্থাপন কৰাৰ কাৰণ হৈছে, বাংলাদেশলৈ অবৈধ গৰুৰ চোৰাং ব্যৱসায় নিয়ন্ত্ৰণ কৰা ৷ যিহেতু, এই ব্যৱসায় কোটি টকাৰ ঘৰত ব্যাপকভাৱে চলি আছে ৷ উল্লেখ যোগ্য যে, অসমত গো-বধ নিষিদ্ধ নহয় । অসম গো-সুৰক্ষা আইন, 1950-ৰ অধীনত গো-বধ নিয়ন্ত্ৰণ কৰা হয় ।

এতিয়ালৈকে উপলব্ধ নিয়ম অনুসৰি, গৰুৰ বয়স 14 বছৰতকৈ অধিক হ'ব লাগিব আৰু হত্যা কৰা গৰু আনকৰ্মত ব্যৱহাৰৰ অনুপযোগী হ’ব লাগিব । গো-বধৰ পূৰ্বে পশু চিকিৎসা বিষয়াৰ দ্বাৰা বধৰ বাবে উপযুক্ত বুলি উল্লেখ থকা এখন প্ৰমাণপত্ৰ জাৰী কৰাটোও বাধ্যতামূলক । সোমবাৰে, বিধানসভাত উত্থাপিত গো-সুৰক্ষা বিধেয়ককলৈ ইতিমধ্যে সমগ্ৰ ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : কেনেদৰে চলে মানৱ দেহৰ অংগৰ বেহা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.