ETV Bharat / state

HSLC Paper Leak Case : HSLC ৰ প্ৰশ্নকাকত ফাদিল গোচৰৰ অভিযোগনামা দাখিল আৰক্ষীৰ - সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল

দাখিল কৰা হ’ল HSLC পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ অভিযোগনামা (Charge Sheet into HSLC Paper Leak Case)৷ বুধবাৰে অসম আৰক্ষীৰ CID য়ে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযোগনামা দাখিল কৰে (HSLC Paper Leak Case) ।

Charge Sheet into HSLC Paper Leak Case
HSLC ৰ প্ৰশ্নকাকত ফাদিল গোচৰৰ অভিযোগনামা দাখিল
author img

By

Published : Jun 15, 2023, 7:43 AM IST

গুৱাহাটী, 15 জুন : সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ বুধবাৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা চমুকৈ CID য়ে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযোগ নামা দাখিল কৰে (HSLC Paper Leak Case) । যোৱা 13 মাৰ্চত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাকলৈ CID য়ে ভাৰতীয় দণ্ডবিধি 120B/ 420/427 ধাৰাত গোচৰ ৰুজু কৰিছিল । এই দীঘলীয়া 03/2023 নম্বৰৰ গোচৰটোৰ কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত CID য়ে অভিযোগনামা দাখিল কৰে (Charge Sheet into HSLC Paper Leak Case) ।

পৰীক্ষাৰ পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈছিল সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত । সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড হিচাপে উল্লেখ কৰা হৈছে প্ৰণৱ কুমাৰ দত্ত আৰু কুমুদ ৰাজখোৱাৰ নাম । অভিযোগ নামাত নাম সোমাইছে জ্যোতিৰেখা বৰগোঁহাই, হেৰম্ব কুমাৰ দাসৰো নাম । মুঠ 41 জন ব্যক্তিৰ বিৰুদ্ধে অভিযোগনামা দাখিল (CID files chargesheet against 41 accused in HSLC paper leak case)।

সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত 128 জনৰ সাক্ষ্য গ্ৰহণ কৰিছে CID য়ে । অভিযোগ নামাত মুঠ দহজন শিক্ষকক অভিযুক্ত কৰা হৈছে । লগতে 24 জন শিক্ষার্থী, দুজন অভিভাৱক আৰু পাঁচজন মধ্যভোগীকো অভিযুক্ত কৰা হৈছে । প্ৰশ্নকাকত ফাদিলকাণ্ড পোহৰলৈ অহাৰ ঠিক পাচতে গ্ৰেপ্তাৰ কৰা গুৱাহাটীৰ কাহিলিপাৰাৰ ভাউৰী দেৱী চেৰাউগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জ্যোতিৰেখা বৰগোহাই, সহকাৰী শিক্ষক হেৰম্ব কুমাৰ দাস আৰু অস্থায়ী কৰ্মচাৰী চিত্তঞ্জন ৰয়কো CID য়ে অভিযুক্ত কৰিছে ।

উল্লেখ্য যে, যোৱা 13 মাৰ্চত CID য়ে গোচৰ ৰুজু কৰাৰ পাচতে কাহিলিপাৰাৰ ভাউৰী দেৱী চেৰাউগী বিদ্যালয়ৰ অধ্যক্ষা জ্যোতিৰেখা বৰগোহাঁইসহ তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছিল । তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছিল যে প্ৰশ্নকাকতৰ টোপোলা চমজি লোৱাৰ সময়ত সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতৰ এটা ছেট কম থকাৰ বিষয়টো আওকাণ কৰি টোপোলাকেইটা সংগ্ৰহ কৰিছিল ।

প্ৰশ্নকাকত ফাদিলৰ মূল কাণ্ডাৰী লখিমপুৰৰ দুই শিক্ষক প্ৰণৱ কুমাৰ দত্ত আৰু কুমুদ ৰাজখোৱাক গ্ৰেপ্তাৰ কৰিছিল । তেওঁলোক দুজনেই ধনৰ বিনিময়ত একাংশ প্ৰার্থী আৰু মধ্যভোগীৰ সহায়ত সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতৰ টোপোলা চুৰ কৰি প্ৰশ্ন ফাদিল কৰিছিল বুলি CID য়ে তথ্য প্ৰমাণ লাভ কৰে । প্ৰণৱ কুমাৰ দত্তৰ বাসগৃহত উদ্ধাৰ কৰা আধাপোৰা প্ৰশ্নকাকত আচল প্ৰশ্নকাকত আছিল বুলি আৰু হাতেলিখা প্ৰশ্নকাকতখনৰ হাতৰ আখৰবোৰ দত্তৰেই আছিল বুলি ফৰেনচিক পৰীক্ষাত প্ৰমাণ হয় ।

দত্তই যোগান ধৰা প্ৰশ্নকাকত কপি কৰি কুমুদ ৰাজখোৱাই ধনৰ বিনিময়ত কেতবোৰ পৰিচিত শিক্ষার্থীলৈ হোৱাছএপযোগে প্ৰেৰণ কৰিছিল । ৰাজখোৱাৰ লগতে দুই শিক্ষার্থী সৌৰভজ্যোতি বাৰোৱাতী আৰু আদিত্য সিঙেও প্ৰশ্নকাকতৰ কপি কৰি বিলাইছিল বুলি CID য়ে অভিযোগনামাত উল্লেখ কৰিছে । ফাদিল হোৱা প্ৰশ্নকাকত ম’বাইলযোগে প্ৰেৰণ কৰা লোক, ধনৰ লেনদেনৰ বাবে ব্যৱহাৰ কৰা কিউ আৰ ক'ড আৰু ইউ পি আই যোগে হোৱা লেনদেনৰ সকলো তথ্য CID য়ে উদ্ধাৰ কৰিছে ।

অভিযুক্তসকলৰ পৰা জব্দ কৰা 47 টা ম’বাইল ফোনৰ পৰাও সকলো তথ্য পুনৰুদ্ধাৰ কৰা হৈছে । অভিযোগনামাৰ সৈতে CID য়ে 48 টা ম’বাইল ফোন , 86 খন বিভিন্ন নথি আৰু 128 জন সাক্ষীৰ জবানবন্দীও আদালতত দাখিল কৰিছে ।

লগতে পঢ়ক : HSLC Compartmental exam: ৪ জুলাইৰ পৰা ৮ জুলাইলৈ অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.