ETV Bharat / state

দিশপুৰত গুৰুত্বহীন হৈছে নেকি মুখ্য সচিব ? ৰাজ্যৰ মুখ্য সচিবৰ পত্ৰই জোকাৰিছে দিছপুৰ - Assam Chief Secretary letter

ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ জৰুৰী পত্ৰই জোকাৰিছে দিছপুৰ ৷ ৰাজনৈতিক আশীষ-পুষ্ট আমোলাৰে ভৰিছে নেকি দিছপুৰ ? কোনে কৰিছে মুখ্য সচিবক অৱমাননা !

Assam Chief Secretary Paban kumar borthakur
দিছপুৰত গুৰুত্বহীন হৈছে নেকি মুখ্য সচিব
author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 2:04 PM IST

গুৱাহাটী, 25 নৱেম্বৰ : কেনে চলিছে দিছপুৰৰ প্ৰশাসন ? চৰকাৰে ৰাইজক দিয়া ধাৰণা মতেই সু-ব্যৱস্থাৰে চলিছে নে শাসনৰ প্ৰাণকেন্দ্ৰ দিছপুৰ ? ৰাজ্যৰ প্ৰশাসনৰ মুৰব্বী মুখ্য সচিবৰ এখন জৰুৰী পত্ৰই উদঙাইছে কিদৰে চলিছে দিছপুৰৰ প্ৰশাসন ।

অসমৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে যোৱা 21 নৱেম্বৰত ৰাজ্যৰ প্ৰশাসনৰ সকলো বিভাগৰ অতিৰিক্ত মুখ্য সচিব, প্রধান সচিব, আয়ুক্ত-সচিব, সচিবলৈ এখন জৰুৰী পত্র প্ৰেৰণ কৰিছে ৷ মুখ্য সচিবগৰাকীয়ে চি এছ/2023/46 নম্বৰৰ এই পত্ৰখন প্ৰেৰণ কৰাৰ পাচতেই জোকাৰণি উঠিছে ৰাজ্যৰ প্ৰশাসনিক মহলৰ লগতে দিছপুৰত ।

ৰাজ্যৰ প্ৰশাসনিক দিশবোৰক লৈয়ো কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু সন্দেহ উত্থাপিত হৈছে পত্ৰখন ৰাজহুৱা হোৱাৰ পিচতে । পত্ৰখনৰ পৰা এটা কথা স্পষ্ট হৈছে যে, ৰাজ্যৰ প্ৰশাসনৰ ব্যৱস্থাৰ পৰিস্থিতিক লৈ ক্ষুণ্ণ মুখ্য সচিব বৰঠাকুৰ ।

21 নৱেম্বৰত সকলো বিভাগৰ অতিৰিক্ত মুখ্য সচিব, প্রধান সচিব, আয়ুক্ত-সচিব, সচিবলৈ দিয়া জৰুৰী পত্রত মুখ্য সচিবগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে কেতবোৰ নিৰ্দেশনা ৷ এই পত্ৰৰ পাচতে প্ৰশ্ন উত্থাপন হৈছে যে, বৰ্তমান চৰকাৰৰ কার্যকালত মুখ্য সচিবৰ পদ মর্যাদাক অৱমাননা কৰি কোনো চৰকাৰী বিভাগে পোনে পোনে গুৰুত্বপূৰ্ণ চৰকাৰী জাননী জাৰি কৰিছে নেকি ?

প্রশাসনৰ বিধি অনুসৰি, সকলো বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ক্ষেত্ৰত মুখ্য সচিবৰ অনুমোদনৰ প্ৰয়োজন । মুখ্য সচিবে নিজৰ পত্ৰখনত বিভাগসমূহৰ মুৰব্বীসকলক এই কথা সোঁৱৰাই দিবলৈ বাধ্য হোৱা দেখা গৈছে ৷ স্বাভাৱিকতে প্ৰশ্ন উঠিছে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক লৈ হঠাৎ এনেদৰে কিয় সক্ৰিয় হ’ল মুখ্য সচিব বৰঠাকুৰ ?

Assam Chief Secretary Paban kumar borthakur
দিছপুৰত গুৰুত্বহীন হৈছে নেকি মুখ্য সচিব

শেহতীয়াভাৱে বিভিন্ন সেৱাৰ মাচুল উচ্চ হাৰত নিৰ্ধাৰণক লৈ ৰাজ্যুজৰি ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে ৰাজ্য চৰকাৰ । ইমান উচ্চ হাৰত কেনেকৈ মাচুল বৃদ্ধি হ’বলৈ পালে সেই লৈ দিছপুৰত প্ৰশ্নৰ উদ্ৰেক ঘটিছে ৷ দিছপুৰৰ তথ্যৰ সন্দৰ্ভত জ্ঞাত নাছিল মুখ্য সচিবগৰাকী ৷ সমগ্ৰ বিষয়টো একো অৱগত নাছিল মুখ্য সচিবগৰাকী ৷ এক প্ৰকাৰ অন্ধকাৰত আছিল প্ৰশাসনৰ মুৰব্বীগৰাকী ৷

মাচুল বৃদ্ধি জাননী প্ৰসংগত অৱগত কৰা হোৱা নাছিল মুখ্য সচিব বৰঠাকুৰক । মুখ্যমন্ত্ৰীৰ অধীনত থকা গৃহবিভাগে নিজাকৈ জাননী প্রস্তুত কৰি মুখ্য সচিবৰ অগোচৰে যোৱা ছমাহৰ ভিতৰত দুবাৰকৈ মাচুল বিষয়ক জাননী প্রকাশ কৰিছিল ।

যোৱা 29 মে'ত গৃহ বিভাগৰ সচিব হৈ থকা দেৱপ্রসাদ মিশ্রই প্ৰথমখন জাননী প্রকাশ কৰিছিল । দ্বিতীয়খন বর্তমানৰ গৃহ সচিব বিশ্বজিৎ পেগুৱে প্রকাশ কৰিছিল যোৱা 15 নৱেম্বৰত ৷ তাৰ পিচতেই কোনো কোনো ক্ষেত্ৰত মাচুল দহগুণ পর্যন্ত বৃদ্ধি হোৱা ঘটনা পোহৰলৈ অহাৰ পিচত ৰাজ্যজুৰি হাহাকাৰ লাগে ৷ কিন্তু দুয়োখন জাননীৰ বিষয়েই জনোৱা হোৱা নাছিল মুখ্য সচিবক ৷

এই জাননীৰ পিচতেই ৰাজ্যৰ বিৰোধী আৰু সাধাৰণ জনতাৰ কঠোৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে চৰকাৰ । আনকি বিৰোধীয়ে ‘ইষ্ট-ইণ্ডিয়া কোম্পানীৰ কৰৰ লগতো তুলনা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উক্ত মাচুলক । আনহাতে সমালোচনাৰ ডেমেজ কন্ট্ৰ’ল কৰিবলৈ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়ক আৰু বিজেপি দল ব্যস্ত হৈ থাকিব লগীয়া হৈছে ৷ যাৰ বাবে এতিয়া চৰকাৰৰ তৰফৰ পৰা আওপকীয়াকৈ মুখ্য সচিবগৰাকীকো জবাব দিহি কৰাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে দিছপুৰত ৷

এতিয়া প্ৰশ্ন উঠিছে যে দিছপুৰত ৰাজনৈতিক প্ৰভাৱপুষ্ট আমোলাৰ ভিৰত সমন্বয়হীনতাত ভুগিছে নেকি ৰাজ্যৰ প্ৰশাসন ? য’ত খোদ ৰাজ্যৰ মুখ্য সচিবগৰাকীয়েই হৈ পৰিছে গুৰুত্বহীন ৷ যাৰ বাবে মুখ্য সচিবগৰাকীয়ে অধীনস্থ আমোলাসকলক জৰুৰী পত্ৰ দি সোঁৱৰাই দিব লগা হৈছে নিয়ম ৷ সেয়ে এতিয়া প্ৰশ্ন উত্থাপন হৈছে, মুখ্য সচিবৰ পদ মর্যাদাক অৱমাননা কৰি কোনো চৰকাৰী বিভাগে পোনে পোনে চৰকাৰী জাননী জাৰি কৰিছে নেকি ?

লগতে পঢ়ক:ভূমিৰ নথি জালিয়াতিত কোন কোন জড়িত ? ক’লে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.