ETV Bharat / state

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ - চাহ বাগান অঞ্চলত 100 দিনৰ ভিতৰত 100খন বিদ্যালয়

শনিবাৰে অসম মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকৰ পিচত এখন সংবাদমেলযোগে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৈঠকত আলোচিত কেতবোৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে ৷

আজি অসম মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত
আজি অসম মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত
author img

By

Published : Dec 21, 2019, 10:35 PM IST

গুৱাহাটী, 21 ডিচেম্বৰ: শনিবাৰে অসম মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকৰ পিচত এখন সংবাদমেলযোগে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৈঠকত আলোচিত কেতবোৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে ৷

বৈঠকত সংবিধানৰ 345 ধাৰাৰ সংশোধন কৰি অসমত অসমীয়াক ৰাজ্যিক ভাষা হিচাপে সাংবিধানিক অধিকাৰ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায় ৷ অৱশ্যে বৰাক উপত্যকা, বড়োলেণ্ড শাসিত অঞ্চল আৰু পাৰ্বত্য জিলা দুখনৰ বাবে সহযোগী ৰাজ্যিক ভাষা হিচাপে বড়ো, বঙালী, কাৰ্বি, ডিমাচা আদি ভাষাক সন্নিবিষ্ট কৰিব লাগে বুলি কেবিনেটে মত প্ৰকাশ কৰে ৷ মৰাণ আৰু মটক স্বায়ত্ব পৰিষদ গঠন হ'ব বুলিও জনায় মন্ত্ৰী শৰ্মাই।

অসম মন্ত্ৰীসভাৰ বৈঠকৰ পিচত সংবাদ মেলযোগে প্ৰকাশ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গোলাঘাট জিলাত সতী-সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় নিৰ্মাণৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । বজালী মহকুমাক অসমৰ নৱতম জিলা হিচাপে সংযোজন কৰাৰ সিদ্ধান্ত লয় কেবিনেটে ৷ অসমৰ সমগ্ৰ বিশ্ববিদ্যালয়তে টাই-আহোম, কোচ-ৰাজবংশী আৰু চুতীয়া সম্প্ৰদায়ৰ বাবে আসন সংৰক্ষণ কৰাৰ কথা সংবাদ মেলত প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

চাহ বাগান অঞ্চলত 100 দিনৰ ভিতৰত 100খন বিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত ৷ খিলঞ্জীয়াৰ বাবে ভূমি অধিকাৰ সুনিশ্চত কৰি এখন আইন গ্ৰহণ কৰা হ'ব বুলিও সংবাদমেলত প্ৰকাশ কৰা হৈছে ৷ সত্ৰৰ মাটি কিনা-বেচা বা দখল কৰা লোকক দোষী হিচাপে গণ্য কৰা হ'ব জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে ৷ পুৰণি শিৱসাগৰ জিলাত এখন মেডিকেল কলেজ নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: হৰি নামৰ ধ্বনিৰে তেজপুৰত কা বিৰোধী সমদল

Intro:অসম চৰকাৰৰ মন্ত্ৰী সভাৰ কেবিনেট বৈঠকৰ অন্তত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , কেশৱ মহন্ত , চন্দ্ৰ মোহন পটুৱাৰী আৰু চন্দন ব্ৰহ্মৰ যুটীয়া সংবাদমেল ।

Body:• সংবিধানৰ 345 ধৰাত সংশোধন কৰি অসমীয়া ভাষাক ৰাজ্যিক ভাষা স্বীকৃতি দিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিব অসম চৰকাৰে ।

• অসমীয়া ভাষা সকলো মাধ্যমৰ বিদ্যালয়ত বাধ্যতামূলক ।
কিন্তু বড়ো আৰু পাহাৰীয়া জিলা সমূহত প্ৰযোজ্য নহয় ।

• অবিভক্ত গোৱালপাৰা জিলাত কমতাপুৰ স্বায়কত শাসিত পৰিষদ গঠন কৰা হব ।

• মৰাণ আৰু মটক স্বায়কত পৰিষদ গঠন হব ।
এই তিনিখন পৰিষদৰ সংবিধান আগুণটোক বিধানসভা ঠিক কৰিব আৰু নিৰ্বাচন মে মাহৰ ভিতৰত কৰাৰ সিদ্ধান্ত ।

• সাধাৰণ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহত চাহ জনজাতিৰ বাবে আসন থাকিব ।
• গোলাঘাট জিলাত সতী-সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় নিৰ্মান হব ।
• বিশ্ববিদ্যালয়, মেডিকেল মহাবিদ্যালয়, অভিযান্ত্ৰিকমহাবিদ্যালয় , পশু মহাবিদ্যালয়ত তাই আহোম, কোচ ৰাজবংশী, চুতীয়া সম্প্ৰদায় আসন সংৰক্ষণ থাকিব ।

• ১০০ দিনৰ ভিতৰত ১০০ খন হাই স্কুলৰ কাম আৰম্ভ হব

• চাহ শ্ৰমিকৰ মজদূৰী বৃদ্ধি কৰাৰ সিদ্ধান্ত চৰকাৰৰ ।

• বৰাক উপত্যকাত চাহ শ্ৰমিকৰ মজদূৰী 115 to 145 লৈ বৃদ্ধি
• অসমৰ বিশ্বনাথ জিলাত মেডিকেল কলেজ নিৰ্মান হব
• ভূমি অধিকাৰ অকল খিলঞ্জীয়াৰ বাবে ভূমি অধিকাৰ আইন আনিব চৰকাৰে
• আইন গৃহীত হলে খিলঞ্জীয়া ই অকল খিলঞ্জীয়া ক বিক্ৰী কৰিব পাৰিব
• খিলঞ্জীয়া ৰ ভূমি অধিকাৰ অকল খিলঞ্জীয়া ৰ থাকিব ।
• ব্ৰহ্মপুত্ৰ উপত্যকা সকলো ফলক অসমীয়াত হব লাগিব দুমাহৰ ভিতৰত -- মন্ত্ৰী হিমন্ত

• বৰাক উপত্যকাত, BTAD আৰু পাহাৰীয়া জিলাত অসমীয়া ভাষা ৰাজ্যিক ভাষা নহব
Conclusion:• ব্ৰহ্মপুত্ৰ উপত্যকা সকলো ফলক অসমীয়াত হব লাগিব দুমাহৰ ভিতৰত -- মন্ত্ৰী হিমন্ত

• বৰাক উপত্যকাত, BTAD আৰু পাহাৰীয়া জিলাত অসমীয়া ভাষা ৰাজ্যিক ভাষা নহব
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.