গুৱাহাটী,৩ এপ্ৰিল : কৃষি প্ৰধান ৰাজ্যখনৰ বাবে ভাল খবৰ যে ধানৰ বীজ উৎপাদনৰ ক্ষেত্ৰ ৰাজ্যখনৰ কেইবাখনো জিলালৈ সম্প্ৰসাৰিত হৈছে । লক্ষণীয় বিষয় যে কেইটামান বছৰ আগলৈ অসম ধানৰ বীজৰ বাবে বহিঃৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হৈ আছিল । বহিঃৰাজ্যৰ পৰা ধানৰ বীজ ক্ৰয়ৰ নামত বছৰত কোটি কোটি টকা ওলাই যোৱাই নহয়, ব্যাপক হাৰত লুণ্ঠনো চলিছিল (Syndicate in procurement of rice seeds from outside)। বহিঃৰাজ্যৰ পৰা ধানৰ বীজ ক্ৰয় কৰি কৃষকক যোগান ধৰাৰ নামত কৃষি বিভাগত বিষয়া-ঠিকাদাৰৰ মাজত চিণ্ডিকেট চলিছিল ।
কিন্তু অতি শেহতীয়াকৈ এই চিণ্ডিকেট দূৰ হোৱাই নহয় (Rice seeds procurement syndicate stopped in Assam), বহিঃৰাজ্যৰ পৰা ধানৰ বীজ ক্ৰয় কৰা বন্ধ কৰিছে অসম চৰকাৰে (Assam stops procurement of paddy seeds from outside)। কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ জিলা গোলাঘাটৰ লগতে ধুবুৰী, বৰপেটা, বঙাইগাঁও, নগাঁও, দৰং, কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা আদি জিলাক বীজ উৎপাদনৰ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰি বহিঃৰাজ্যৰ পৰা ধানৰ বীজ ক্ৰয় কৰাটো বন্ধ কৰাত চৰকাৰখন সফল হৈছে ।

অসম ৰাজ্যিক বীজ আৰু জৈৱিক প্ৰমাণিকৰণ অভিকৰণৰ তৰফৰ পৰা জানিব পৰা মতে ৰাজ্যখনত প্ৰতি বছৰে প্রায় ৩৮,০০০ মেট্ৰিকটন ধানৰ বীজ প্ৰয়োজন হয় আৰু এইবাৰ প্ৰায় ৩১-৩২ হাজাৰ মেট্ৰিকটন বীজ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।
প্রয়োজন অনুপাতে বীজ উৎপাদন বঢ়াবৰ বাবে বীজৰ খেতি কৰা কৃষি ভূমিৰ পৰিমাণ সম্প্ৰসাৰণ কৰা হৈছে । ২০২০-২১ বৰ্ষত প্ৰায় ৫০০০ হেক্টৰ কৃষি ভূমিত ধানৰ বীজৰ খেতি কৰা হৈছিল আৰু এইবাৰ ভূমিৰ পৰিমাণ ৮ হাজাৰ হেক্টৰলৈ সম্প্ৰসাৰণ কৰা হৈছে । ১১ হাজাৰ হেক্টৰ কৃষি ভূমিত ধানৰ বীজ উৎপাদন কৰিব পাৰিলে অসমে ভৱিষ্যতলৈ বীজ ৰপ্তানি কৰিব পাৰিব ।
ধানৰ বীজ উৎপাদনত কৃষকসকলক নিয়োজিত কৰিবৰ বাবে চৰকাৰে কেতবোৰ পদক্ষেপ গ্রহণ কৰাৰ পৰিপ্ৰেক্ষিতত অসমত ধানৰ বীজৰ উৎপাদন বৃদ্ধি পাইছে (Paddy seeds production increased in Assam)। কৃষকে উৎপাদন কৰা বীজৰ প্রমাণীকৰণ আৰু পঞ্জীয়নত থকা জটিলতা অতি শেহতীয়াকৈ চৰকাৰে দূৰ কৰিবলৈ সক্ষম হৈছে । ইফালে কৃষকে বীজ হিচাপে উৎপাদন কৰা ধানৰ মূল্য প্রায় দুগুণ হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া কেইবাখনো জিলাত বীজ উৎপাদনৰ ক্ষেত্ৰ সম্প্ৰসাৰিত হৈছে ।

কৃষি বিভাগে সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৰলীকৰণ কৰি কৃষকক সহযোগিতা আগবঢ়োৱাত এইবাৰ বহু কৃষকে কেৱল ধানৰ বীজৰ খেতি কৰিবলৈ আগবাঢ়ি আহিছে । অসমত কৃষকে থলুৱা জাতৰ ধানৰ সঁচৰ উৎপাদন ব্যাৱসায়িক ভিত্তিত আৰম্ভ কৰাত বিগত দুবছৰ মানৰ পৰা ধানৰ পতান ওলোৱা বন্ধ হৈছে । অৰ্থাৎ অসমৰ জলবায়ুৰ সৈতে মিল থকা ধানৰ সঁচ বা বীজৰ খেতি কৰাত পতান ওলোৱা বন্ধ হৈছে ।

পূৰ্বতে যেতিয়া বহিঃৰাজ্যৰ পৰা ধানৰ বীজ আমদানি কৰি কৃষকক যোগান ধৰা হৈছিল, তেতিয়া ধানৰ পতান ওলোৱা ঘটনা বিভিন্ন জিলাত হৈছিল । কাৰণ বহিঃৰাজ্যৰ জলবায়ুৰ সৈতে অসমৰ জলবায়ু নিমিলাত আমদানিকৃত বীজৰ উৎকৃষ্ট ফচল ওলোৱা নাছিল । কিন্তু এতিয়া স্থানীয় কৃষকে বীজ উৎপাদনত জড়িত হোৱাত পতান ওলোৱাও বন্ধ হৈছে । কৃষি প্ৰধান ৰাজ্যখনৰ বাবে এয়া এক ভাল খবৰ যে বীজ উৎপাদনত ৰাজ্যখন স্বাৱলম্বী হৈছে ।
লগতে পঢ়ক :ৰাজ্যৰ ১২৬ টা সমষ্টিত আদৰ্শ বিদ্যালয় স্থাপনৰ ঘোষণা মুখ্যমন্ত্রীৰ