ETV Bharat / state

এজেপিৰ গণ স্বাক্ষৰ : আদানী গ্ৰুপে লুণ্ঠন চলাব বৰঝাৰত - Lokpriya Gopinath Bordoloi International Airport

আদানী গ্ৰুপে বৰঝাৰ বিমানবন্দৰ দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে অসম জাতীয় পৰিষদৰ (AJP) তীব্ৰ বিৰোধীতাৰ সন্মুখীন হ'ব লাগিব ৷ এই কথা স্পষ্ট কৰি দিছে সংগঠনটোৱে ৷

privatization of LGBI Airport
এজেপিৰ গণ স্বাক্ষৰ : আদানী গ্ৰুপে লুণ্ঠণ চলাব বৰঝাৰত
author img

By

Published : Aug 14, 2021, 6:09 PM IST

গুৱাহাটী, ১৪ আগষ্ট : অসমবাসীৰ আৱেগ জড়িত হৈ থকা বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ কোনো প্ৰকাৰে আদানী গ্ৰুপক এৰি দিয়া নহ'ব ৷ আদানী গ্ৰুপে বৰঝাৰ বিমানবন্দৰ (Barjhar Airport) দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে অসম জাতীয় পৰিষদৰ (AJP) তীব্ৰ বিৰোধীতাৰ সন্মুখীন হ'ব লাগিব ৷ এই কথা স্পষ্ট কৰি দিছে সংগঠনটোৱে ৷

স্বাধীনতা সংগ্ৰামী, অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাংকৃত কৰা বৰঝাৰ বিমান বন্দৰটি পুঁজিপতি গোষ্ঠীৰ হাতত তুলি দিয়া কেন্দ্ৰৰ যি একপক্ষীয় সিদ্ধান্ত তাৰ তীব্ৰ বিৰোধীতা কৰি আহিছে অসম জাতীয় পৰিষদে ৷ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীত অসম জাতীয় পৰিষদে আৰম্ভ কৰা গণ-স্বাক্ষৰ অভিযানৰ প্ৰথম পৰ্যায়ৰ শনিবাৰে সামৰণি পৰে ৷ বৰঝাৰৰ এয়াৰপোৰ্ট গে'ট তিনিআলিত ৯ আগষ্টৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰিছিল সংগঠনটোৱে ৷

লগতে পঢ়ক: ৰাজ্যত বৃদ্ধি কৰা হ’ল বাহনৰ গতিবেগৰ সীমা

বৃহৎ পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত কেন্দ্ৰৰ স্বেচ্ছাচাৰী সিদ্ধান্তৰ বিৰোধীতাৰে সংগঠনটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, দলে আৰম্ভ কৰা গণ-সচেতনতা অভিযানৰ এয়া আৰম্ভণিহে ৷

বিজেপি চৰকাৰে এপদ এপদকৈ দেশৰ সকলো লাভজনক উদ্যোগক সমূহ নিৰ্দিষ্ট কিছুসংখ্যক পুঁজিপতি গোষ্ঠীৰ হাতত গতাই দিবলৈ গৈ আছে ৷ বৰঝাৰ বিমান বন্দৰ আদানী গ্ৰুপক গতাই দিয়া সিদ্ধান্তৰ বিৰুদ্ধে জনমত গঠনৰ পদক্ষেপ হিচাপে দলে পৰৱৰ্তী সময়ত অনলাইনযোগে গণ-স্বাক্ষৰ সংগ্ৰহৰ অভিযান আৰম্ভ কৰিব সংগঠনটোৱে ৷

এজেপিয়ে প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি, লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰটি ভাৰত চৰকাৰে আদানী গ্ৰুপক ৫০ বছৰৰ কাৰণে লীজত দিছে ৷ অহা অক্টোবৰ মাহৰ পৰা উক্ত ব্যক্তিগত কোম্পানীটোয়ে বিমান বন্দৰৰ অপাৰেচন, উন্নয়ন আৰু মেনেজমেন্টৰ দায়িত্ব গ্ৰহণ কৰিব ৷ তাৰ পূৰ্বে যোৱা ৯ আগষ্টৰ দিনা আদানী গ্ৰুপে বিমান বন্দৰটিৰ উক্ত কামখিনিৰ পৰ্যবেক্ষণৰ দায়িত্ব লৈছে ৷

লগতে পঢ়ক: অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাত ভয়াৱহ ভূমিস্খলন

ইফালে, আনুষ্ঠানিক দায়িত্ব গ্ৰহণৰ পূৰ্বেই আদানী গ্ৰুপে ইতিমধ্যে বিমান বন্দৰত কৰ্মৰত কৰ্মচাৰীসকলক আবাসগৃহ খালী কৰিবলৈ নিৰ্দেশ দিছে ৷ লগতে বিমান বন্দৰ চৌহদৰ বাহিৰত দোকান-পোহাৰ দি থকা ব্যৱসায়ীসকলক দোকান-পোহাৰবোৰ বন্ধ কৰি ঠাই খালী কৰিবলৈ নিৰ্দেশনা দিয়া বুলি অভিযোগ কৰিছে একাংশ ব্যৱসায়ীয়ে ৷

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় বিমান প্ৰাধিকৰণ (Airports Authority Of India ) কৰ্তৃপক্ষৰ ওচৰত একাধিক স্মাৰকপত্ৰ প্ৰেৰণ কৰি উক্ত সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছিল অসম জাতীয় পৰিষদে ৷

যোৱা ৯ আগষ্টত বিমান বন্দৰ চৌহদৰ বাহিৰত জাতীয় পৰিষদে বিষয়টো সন্দৰ্ভত সচেতনতা বৃদ্ধিৰ হকে গণ-স্বাক্ষৰ কাৰ্যসূচী আৰম্ভ কৰিছিল যদিও আৰক্ষীৰ বাধাৰ বাবে সেইদিনা উক্ত কাৰ্যসূচী স্থগিত ৰখা হৈছিল ৷ তাৰ পিছদিনা আৰক্ষীৰ বাধা ওফৰাই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বিচৰা জাতীয় পৰিষদৰ নেতা-কৰ্মীৰ দলক আৰক্ষীয়ে আটক কৰি আজাৰা থানাত দিনটো বন্দী কৰি থয় আৰু সন্ধিয়া মুকলি কৰি দিয়ে ৷

আদানী গ্ৰুপে লুণ্ঠন চলাব বৰঝাৰত: অজাপ

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এটি সুকীয়া প্ৰেছ বিবৃতিত কয়, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ দেশৰ ভিতৰতে এটা লাভজনক বিমান বন্দৰ ৷ বিমান বন্দৰটিত ইতিমধ্যে ১২৩২ কোটি টকা খৰচ কৰি এটা অত্যাধুনিক টাৰ্মিনেল নিৰ্মাণ কৰি থকা হৈছে ৷

উক্ত সৰ্বমুঠ ধনখিনি চৰকাৰৰ পুঁজিৰ পৰা খৰচ কৰা হৈছে ৷ চৰকাৰী ধন খৰচেৰে বিমান বন্দৰটি আটকধুনীয়াকৈ সজোৱাৰ পিছত এতিয়া চৰকাৰে বিমান বন্দৰটি আদানী গ্ৰুপৰ হাতত তুলি দিছে কাৰ স্বাৰ্থত?

লগতে পঢ়ক : পুনৰ তিনি মাহলৈ যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধি আলফাৰ

যাত্ৰীৰ স্বাৰ্থত বিমান বন্দৰটি ব্যক্তিগতকৰণ কৰিব খোজা হৈছে বুলি চৰকাৰে কৈ আছে যদিও যাত্ৰীক সুবিধা প্ৰদানৰ নামত উচ্চ হাৰত মাচুল সংগ্ৰহ কৰা হ'ব ৷ গতিকে চৰকাৰৰ উক্ত যুক্তি সমৰ্থনযোগ্য নহয় ৷ তদুপৰি বিমান বন্দৰৰ 'গ্ৰাউণ্ড হেন্ডলিং' আৰু পাৰ্কিং আদিত অতি উচ্চ হাৰত মাচুল সংগ্ৰহৰ প্ৰস্তুতি ইতিমধ্যেই আৰম্ভ কৰি দিয়া আদানী গ্ৰুপে যে ব্যাপক লুণ্ঠনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে সেয়া স্পষ্ট ৷

এনে প্ৰেক্ষাপটত বিমান বন্দৰটি আদানী গ্ৰুপক হস্তান্তৰক সমৰ্থন কৰাটো এটা জনবিৰোধী কাৰ্য হ'ব আৰু সেয়ে বিমান বন্দৰটি আদানী গ্ৰুপক হস্তান্তৰ কৰিবলৈ দিয়া নহ'ব বুলি লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই বিবৃতিটোত মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: বন্ধ আন্তঃজিলা যাতায়ত : ৩৭৫ কিলোমিটাৰ "আশীৰ্বাদ যাত্ৰা"ৰ বাবে সাজু সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.