ETV Bharat / state

এইবাৰ NIA ৰ টাৰ্গেটত কটনৰ ছাত্ৰ নেতা - rahul chetri

মাওবাদীৰে সম্পৰ্ক থকাৰ সন্দেহত কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদকক জেৰাৰ বাবে কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিলে NIA ই । তীব্ৰ আন্দোলনৰ হুংকাৰ দিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকে । এজনৰ পাছত আনজনকৈ NIA ৰ টাৰ্গেট হৈছে কৃষক মুক্তিৰ সদস্য ।

১
মাওবাদীৰ সৈতে সম্পৰ্ক কটনৰ ছাত্ৰনেতাৰঃNIA
author img

By

Published : Feb 5, 2020, 10:51 PM IST

গুৱাহাটী , ৫ ফেব্ৰুৱাৰীঃ কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতালৈ চমন জাৰি কৰিছে নেছনেল ইনভেষ্টিগেছন এজেন্সি (নিয়াই) । মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত ছাত্ৰ নেতাজনলৈ চমন জাৰি কৰিছে সংস্থাটোৱে । বৃহস্পতিবাৰে দিনৰ 11 বজাত সোণাপুৰস্থিত NIA ৰ কাৰ্য্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে প্ৰাঞ্জল কলিতাক । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে কৰা প্ৰতিবাদত নেতৃত্ব প্ৰদান কৰিছিল প্ৰাঞ্জল কলিতাই ।

মাওবাদীৰে সম্পৰ্ক ৰক্ষা সন্দেহত NIA ৰ ৰোষত কটনৰ ছাত্ৰ নেতা

উল্লেখযোগ্য যে, কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত প্ৰাঞ্জল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সৈতে জড়িত । চমন জাৰী কৰাৰ পাছতে ছাত্ৰনেতা জনে মন্তব্য কৰে যে, ছাত্ৰ মুক্তি আৰু কৃষক মুক্তিৰ অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালক যি গোচৰত কৰায়ত্ত কৰা হৈছিল সেই গোচৰতেই চমন জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ আধীনস্থ সংস্থাটোৱে । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ ৰুদ্ধ কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে এই ষড়যন্ত্ৰৰ আশ্ৰয় লৈছে বুলিও অভিযোগ উত্থাপন কৰে প্ৰাঞ্জল কলিতাই ।

তীব্ৰ আন্দোলনৰ হুংকাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতাৰ

আনহাতে ছাত্ৰ নেতাজনলৈ "নিয়া"ই চমন জাৰি কৰাৰ পাছতেই ক্ষোভ প্ৰকাশ কৰিছে ৰাজ্যৰ সচেতন ছাত্ৰ সমাজে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা এক ভিডিঅ'যোগে কেন্দ্ৰীয় চৰকাৰ তথা "নিয়া"ৰ এই কাৰ্যৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । স-সন্মানেৰে প্ৰাঞ্জল কলিতাক নিয়াৰ কাৰ্যালয়ৰ পৰা ওভতাই পঠাবলৈ দাবী উত্থাপন কৰে ছাত্ৰ নেতাগৰাকীয়ে । অন্যথা ফেচিষ্ট চৰিত্ৰৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন দমন কৰিব বিচৰা চৰকাৰখনৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে সাধাৰণ সম্পাদক গৰাকীয়ে ।

লগতে পঢ়কঃ ভাৰতীয়সকলৰ বাবে ভূটানৰ নতুন পৰ্যটন নীতি

Intro:কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাৰ বিৰুদ্ধে NIA ৰ চমন। মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত চমন জাৰি কৰিছে NIA। বৃহস্পতিবাৰৰ দিনৰ 11 বজাত সোণাপুৰ
NIA ৰ কাৰ্য্যালয়তহাজিৰ হোৱাৰ নিৰ্দেশ প্ৰাঞ্জল কলিতাক। Body:কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ হোৱাৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত ছাত্ৰ সমাজক নেতৃত্ব প্ৰদান কৰি অহা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাঞ্জল কলিতাই জানিবলৈ দিয়ে যে অখিল গগৈ , ধৈৰ্য্য কোঁৱৰ , মানস কোঁৱৰ আৰু বিতু সোণোৱালক যি গোচৰত কৰায়ত্ত কৰা হৈছিল সেই গোচৰতেই NIA চমন জাৰি কৰিছে প্ৰাঞ্জল কলিতাক। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদক ৰুদ্ধ কৰাৰ ষড়যন্ত্ৰ ৰাজ্য চৰকাৰৰ আৰু সেই বাবেই NIA চমন জাৰি কৰিছে বুলি জানিবলৈ দিলে প্ৰাঞ্জল কলিতাই।
Bite:-প্ৰাঞ্জল কলিতা।Conclusion:নাগৰিকত্ব সংশোধনী আইন বিৰোধী তথা অখিল গগৈৰ সৈতে সুসম্পৰ্ক থকা প্ৰতিজন ব্যক্তিক এতিয়া NIA সোধপুছ অব্যাহত ৰাখিছে। কিন্তু এজন ছাত্ৰক নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী কৰাৰ বাবেই NIA য়ে চমন জাৰি কৰা কিমান দূৰ যুক্তি সংগত।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.