গুৱাহাটী, ২৩ জুন : ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াত একাংশ দেশদ্রোহী তথা বিদেশীৰ ৰক্ষক ৰূপী পুঁজিপতি দালালৰ হৈ কাম কৰিছিল এনআৰচি (NRC)ৰ প্রাক্তন মুখ্য সমন্বয়ক প্রতীক হাজেলাই । এই অভিযোগ আসাম পাব্লিক ৱৰ্কছ (ASSAM PUBLIC WORKS) চমুকৈ এ পি ডব্লিউ(APW)ৰ সভাপতি অভিজিৎ শৰ্মাৰ । এই সন্দৰ্ভত সভাপতি অভিজিৎ শৰ্মাই সোমবাৰে চি আই ডি(CID)ৰ অতিৰিক্ত সঞ্চালক প্ৰধানৰ ওচৰত এখন এজাহাৰ দাখিল কৰে ।

এজাহাৰ যোগে অভিজিৎ শৰ্মাই কয়, "এই প্ৰক্ৰিয়াটোত অসমত অবৈধভাৱে প্রৱেশ কৰি এক বিশেষ ৰাজনৈতিক গোষ্ঠীৰ ভোটবেংক হিচাপে ব্যৱহৃত হৈ থকা অবৈধ বিদেশী নাগৰিকক চিৰদিনলৈ এই ৰাজ্যৰ স্থায়ী নাগৰিকৰ মৰ্যাদা দি এন আৰ চি(NRC)ৰ যোগেদি ভাৰতীয়কৰণৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছিল প্রতীক হাজেলা । তেঁও এই প্রক্রিয়াত পর্যায়ক্রমে অবৈধ বিদেশীৰ ৰক্ষক ৰূপী পুঁজিপতি দালাল চক্রৰ হাতোৰাত আবদ্ধ হৈ পৰিছিল । য'ত তেঁও মনে বিচৰা সকলো বৈভৱ আদায় কৰিব পাৰিছিল আৰু বিনিময়ত এনে এক পানী নসৰকা প্রক্রিয়া আৰু ব্যৱস্থাপনা তৈয়াৰ কৰি লৈছিল য'ত এজনো অবৈধ বিদেশীৰ নাম যাতে বাদ পৰি নাযায় তাৰ বাবে তেঁও সৰ্বোচ্চ পন্থা হাতত লৈছিল । এই সম্পূৰ্ণ পদ্ধতিটোত ন্যস্ত স্বাৰ্থসিদ্ধিৰ বাবে বৌদ্ধিক, সামাজিক, ন্যায়িক যি ব্যৱস্থাই প্রয়োজন নহওক কিয় অতি দক্ষতাৰে সেই ব্যৱস্থাপনা তৈয়াৰ কৰি লৈছিল । নিঃসন্দেহে এই প্রক্রিয়াত ব্যৱস্থাপনাৰ বাবে যিমান ধনৰ প্রয়োজন সিমান ধন তেওঁ বিভিন্ন চক্রান্তৰে ব্যয় কৰিছিল। ধনৰ অপব্যয়ৰ ব্যাখ্যা বিচাৰিলে এবাৰ এন আৰ চি(NRC)ৰ অডিট ৰিপ'ৰ্টত চকু ফুৰালেই সকলো কথা জলজল পটপট হৈ জিলিকি উঠে।"

শৰ্মাই লগতে কয়, 'এতিয়া সমস্যাটো আছিল কার্যব্যৱস্থা । আমি চিঞৰি আছো, প্ৰমাণ দিছো, এজাহাৰ দাখিল কৰিছো । চৰকাৰক প্রতীক হাজেলাৰ বিৰূদ্ধে আইনী ব্যৱস্থা ল'ব পৰা সকলো পথ মুকলি কৰি দিয়াৰ পাচতো, আনহে নালাগে আমাৰ বিভিন্ন এজাহাৰৰ ওপৰত তদন্তকাৰী বিষয়াই যথেষ্ট পৰিমাণে তথ্য প্রমাণ সাজু কৰাৰ পাছতো আগৰ চৰকাৰৰ গৃহ বিভাগৰ প্রতীক হাজেলাৰ ওপৰত হাত দিবলৈ সাহস নহ'ল । ইয়াৰ অন্যতম কাৰণ হ'ল আমি দুবছৰ আগতেই কৈ থোৱা গৃহ বিভাগত এৰি যোৱা প্রতীক হাজেলাৰ শাখা প্রশাখাবোৰ । এই শাখা প্রশাখাবোৰে হাজেলাৰ বিৰুদ্ধে যোৱা প্রতিটো তদন্তৰ ফাইল দিশপুৰত গাপ দি ৰাখিছিল ।'

এজাহাৰ দাখিল সন্দৰ্ভত শৰ্মাই কয়, 'এই বিভিন্ন দিশবোৰৰ ওপৰত লক্ষ্য ৰাখি আমি এখন নতুন এজাহাৰ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা চমুকৈ চি আই ডিত দাখিল কৰিছো । এই এজাহাৰত প্রতীক হাজেলাই কিদৰে বাংলাদেশী মূলৰ অবৈধ নাগৰিককেই ডাটা এণ্ট্রী অপাৰেটৰ হিচাপে নিযুক্তি দি ওপৰত কোনো বিষয়াই চালি-জাৰি চাব নোৱাৰা চফটৱেৰ তৈয়াৰ কৰি সমগ্ৰ বংশবৃক্ষ পৰীক্ষণ প্রক্রিয়াটোকেই এখন নাটকত পৰিণত কৰি দেশ আৰু জাতিক চৰম প্রতাৰণা কৰি আভুৱা ভৰা এখন এন আৰ চি প্রকাশ কৰিলে।

সেয়া দৃষ্টিগোচৰ কৰি এক তদন্ত বিচাৰি আকৌ এবাৰ ৰাজ্য চৰকাৰৰ কাষ চাপিছো । বর্তমানৰ এন আৰ চি ৰাজ্যিক সমন্বয়কগৰাকীয়ে দাখিল কৰা শপতনামাত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে এন আৰ চিৰ বংশ বৃক্ষ পৰীক্ষণৰ নামত হোৱা ফেমিলী ট্রি মেটচিং (FAMILY TREE METCHING)ত চল্লিশ শতাংশ ভুল আছিল। যি সাধাৰণ মানুহৰ ভুল (Human Error) হ'ব নোৱাৰে। ই এক সু পৰিকল্পিত আৰু সু নিয়ন্ত্রিত ষড়যন্ত্ৰ। প্রতীক হাজেলা ইয়াৰ নায়ক। এয়া এক দেশদ্রোহী অপৰাধ। এয়া অতি গুৰুত্বপূৰ্ণ কথা।

আশা কৰিছো নতুন মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত হস্তক্ষেপ কৰি প্ৰয়োজনত অভিজ্ঞ আৰক্ষী বিষয়াৰ দ্বাৰা এক বিশেষ তদন্তকাৰী গোট তৈয়াৰ কৰি হ'লেও এক পুংখানুপুংখ তদন্তৰ ব্যৱস্থা কৰিব। যাৰ জৰিয়তে প্ৰকৃত সত্য ৰাইজৰ পোহৰলৈ আনি দেশদ্রোহীতাৰ অপৰাধত অপৰাধীৰ ভূমিকা লোৱা প্রতীক হাজেলাক দোষী সাব্যস্ত হ'লে শাস্তিৰ ব্যৱস্থা কৰিব।
লগতে পঢ়ক : 6 নং দফা: মুখ্যমন্ত্ৰীক যুক্তি প্ৰদৰ্শন উপমন্যু হাজৰিকাৰ