গুৱাহাটী,১৮ মাৰ্চ : "প্ৰকৃতাৰ্থত অসম চৰকাৰৰ শিক্ষা বিভাগটো অসমৰ ছাত্র সমাজৰ বাবে অভিশাপস্বৰূপ হিচাপে পৰিগণিত হৈছে ।" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (Bhupen Bora reacts over paper leak issue)। মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হোৱা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে শিক্ষা ব্যৱস্থাটো সমাজ এখনৰ পেৰিমিটাৰ । ৰাজ্য চৰকাৰৰ আটাইতকৈ ডাঙৰ উপলব্ধি হ'ব লাগে মানৱ সম্পদ সৃষ্টি কৰা ।
মেট্ৰিকৰ দৰে এটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ লগত অসমৰ কেইবালাখ শিক্ষাৰ্থী জড়িত আৰু যিসকল ৰাজ্যখনৰ ভৱিষ্যত । এওঁলোকক লৈ চৰকাৰে বেপেৰুৱাভাৱে হেতালি খেলিছে । ক্ষমতাই মূৰত ধৰা আৰু নিৰ্বাচনী অহংকাৰে ছানি ধৰা চৰকাৰখনে বেপেৰুৱা কথাৰে গোটেই বিষয়টোৰ পৰা ফালৰি কাটিব বিচাৰিছে । এইটো ৰাজ্যখনৰ বাবে দুৰ্ভাগজনক (Bhupen Bora slams Assam govt)।
মুখ্যমন্ত্রীয়ে এতিয়ালৈকে এজনো বিষয়া আৰু মন্ত্রীৰ বিৰুদ্ধে কঠোৰ দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কৰিব পৰা নাই । চৰকাৰে চৰকাৰী শিক্ষা ব্যৱস্থাটো ধ্বংস কৰিব বিচাৰিছে নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে চৰকাৰখনৰ পৰিস্থিতি বিষম হ'ব, অৰুণোদয় আঁচনিয়ে এই চৰকাৰক বচাব নোৱাৰিব । এটা পৰীক্ষাৰ বাৰম্বাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাকলৈ উদ্বিগ্নতা প্ৰকাশ কৰি তেওঁ ৰাজ্যখনত প্ৰকৃতাৰ্থত চৰকাৰ আছে নে নাই বুলি প্ৰশ্ন কৰে ।
তেওঁ লগতে প্ৰশ্ন কৰি কয় যে শিক্ষাক ব্যৱসায়ীকৰণৰ চৰকাৰী ষড়যন্ত্রৰ বলি হৈছে নেকি ৰাজ্যৰ লাখ লাখ ছাত্র-ছাত্রী । মুখ্যমন্ত্রীক তেওঁ অপৰাধীৰ পক্ষৰ পৰা আঁতৰি অহাৰ আহ্বান জনায় । তেওঁ লগতে কয় যে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ প্ৰতি মুখ্যমন্ত্রীৰ অলপো আস্থা নাই, সেই কথা মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত নিজে ঘোষণা কৰিছে । কাৰণ মুখ্যমন্ত্রীয়ে নিজে বিভাগত হস্তক্ষেপ কৰিছে (HSLC question paper leak case)।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ছেবাৰ ইতিমধ্যে ব্ৰেক ফেইল হৈছে । ছেবাৰ পৰীক্ষা নিয়ন্ত্রকৰ কথাৰ কোনো গুৰুত্ব নাই (Bhupen Bora slams SEBA)। বৰ্তমানৰ পৰিস্থিতিত তেওঁ মেট্ৰিক পৰীক্ষা বাতিল কৰি ছাত্র সমাজৰ লগত আলোচনা কৰি পূৰ্বৰ পৰীক্ষাৰ ভিত্তিত মূল্যায়ন ব্যৱস্থাৰে ফলাফল দিয়াৰ পোষকতা কৰে । চৰকাৰখনে পৰীক্ষা পতাৰ যোগ্যতা-সামৰ্থ্য হেৰুৱাইছে । তেওঁ লগতে কয় যে নিজৰ পুত্রক ছেবাৰ অধীনত নিদিয়াৰ বাবে পিতৃ হিচাপে সৌভাগ্যবান ।
লগতে পঢ়ক :HSLC Fake question paper leak : অভিযুক্ত মাছুম আলীৰ বিৰুদ্ধে নগাঁও থানাত ৰুজু গোচৰ