ETV Bharat / state

Bhupen Borah on Karnataka Election: কৰ্ণাটকৰ নিৰ্বাচনে লোকসভা নিৰ্বাচনত যথেষ্ঠ প্ৰভাৱ পেলাব: ভূপেন বৰা - কৰ্ণাটকৰ নিৰ্বাচন

কৰ্ণাটকৰ এগজিত প'লক লৈ সুখী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ কৰ্ণাটকত কংগ্ৰেছৰ জয় নিশ্চিত হ'ল বুলি উল্লেখ কৰি তেওঁ কয় যে কৰ্ণাটকৰ নিৰ্বাচনকলৈ দেশবাসীৰ চকু আছে আৰু সকলোৱে এই নিৰ্বাচন কংগ্ৰেছৰ পক্ষত হোৱাটো বিচাৰিছে (Bhupen Borah Reacts on Karnataka Election) ৷

Bhupen Borah on Karnataka Election
সত্যপাল মালিকৰ বক্তব্যত নৰেন্দ্ৰ মোডীৰ প্ৰকৃত দেশপ্ৰেম উন্মোচিত হ'ল:ভূপেন বৰা
author img

By

Published : Apr 26, 2023, 9:02 AM IST

কৰ্ণাটকৰ এগজিত প'লক লৈ সুখী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

গুৱাহাটী, 25 এপ্ৰিল: কৰ্ণাটকৰ এগজিত প'লক লৈ সুখী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ সংবাদ মাধ্যমৰ আগত কৰ্ণাটকৰ নিৰ্বাচনক লৈ বিভিন্ন সংস্থাই কৰা এগজিট প'ল সন্দৰ্ভত তেওঁ কয় যে চাৰিটা চাৰ্ভেৰ এগজিট প'লত কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে ৷ কৰ্ণাটকত কংগ্ৰেছৰ জয় নিশ্চিত হ'ল বুলি উল্লেখ কৰি তেওঁ কয় যে কৰ্ণাটকৰ নিৰ্বাচনকলৈ দেশবাসীৰ চকু আছে আৰু সকলোৱে এই নিৰ্বাচন কংগ্ৰেছৰ পক্ষত হোৱাটো বিচাৰিছে (APCC President Bhupen Borah) ৷

তেওঁ লগতে কয় যে সত্যপাল মালিকৰ বক্তব্যত নৰেন্দ্ৰ মোডীৰ প্ৰকৃত দেশপ্ৰেম উন্মোচিত হ'ল ৷ ৰাষ্ট্ৰীয় নিৰাপত্তাক লৈ বিজেপিয়ে কিদৰে ৰাজনীতি কৰে সকলোৱে গম প‍ালে ৷ বিজেপিৰ প্ৰকৃত স্বৰূপে কৰ্ণাটকত প্ৰভাৱ পেলাইছে ৷ কৰ্ণাটকৰ নিৰ্বাচনে আগন্তুক লোকসভা নিৰ্বাচনত যথেষ্ঠ প্ৰভাৱ পেলাব বুলি তেওঁ কয় (Bhupen Borah Reacts on Karnataka Election) ৷

আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ব্যক্তি গুৰুত্বপূৰ্ণ নহয়, দল গুৰুত্বপূৰ্ণ আৰু দেশ গুৰুত্বপূৰ্ণ ৷ ৰাজনীতি কৰিলে ব্যক্তি স্বাৰ্থ তিনি নম্বৰত ৰাখিব লাগে, দেশৰ স্বাৰ্থ এক নম্বৰত ৰাখিব লাগে আৰু দলৰ-ৰাইজৰ স্বাৰ্থ আগত ৰাখিব লাগে ৷ ৰাজনীতিৰ মূল লক্ষ্য হ'ব লাগে স্বদেশ আৰু স্বজাতি ৷ আনহাতে যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে ভাল খবৰ যে যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছে (Assam Youth Congress Election) ৷ ইতিমধ্যে গুৱাহাটীৰ নিৱাসী যুৱ নেতা জুবেইৰ আনমে সৰ্বাধিক ভোট পাইছে ৷ নতুন প্ৰজন্মই কংগ্ৰেছ দলৰ ভৱিষ্যত বুলি উল্লেখ কৰি তেওঁ কয় যে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আজিৰ দিনটো মাইলৰ খুঁটি হ'ব (Karnataka Election Exit Poll) ৷

তেওঁ নিৰ্বাচিত সকলোকে অভিনন্দন জনাই কয় যে এইটো তেওঁলোকৰ বাবে সুযোগ আৰু প্ৰত্যাহ্বান ৷ এটা কঠিন পৰিস্থিতিৰ মাজেৰে দলটো আগবাঢ়িছে বুলি উল্লেখ কৰি তেওঁ সকলোকে যোগাত্মক ভাৱেৰে আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনায় ৷ উল্লেখ্য যে মঙলবাৰে ঘোষণা হ'ল যুৱ কংগ্ৰেছৰ নিৰ্বাচনৰ ফলাফল ৷ সেই অনুসৰি প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদৰ বাবে সৰ্বাধিক ৬২,৭৮৩ টা ভোট লাভ কৰে জুবেইৰ আনমে ৷ দ্বিতীয় সৰ্বাধিক ভোট লাভ কৰে পৰিতোষ ৰয়ে ৷ পৰিতোষ ৰয়ে লাভ কৰে ৫৪,১১৩টা ভোট ৷ আনহাতে তৃতীয় সৰ্বাধিক ভোট লাভ কৰে ডেভিদ ফুকনে ৷ ডেভিদ ফুকনে লাভ কৰা ভোটৰ সংখ্যা ১৪,৬৯৬ টা (Karnataka Election 2023) ৷

কংগ্ৰেছ হাইকমাণ্ডে এই তিনিগৰাকীৰ এগৰাকীক দিব ৰাজ্যিক সভাপতিৰ দায়িত্ব ৷ আন দুগৰাকীয়ে পাব উপ-সভাপতিৰ দায়িত্ব ৷ হাইকমাণ্ডক সাক্ষাতৰ বাবে দিল্লীলৈ যাব লাগিব এই তিনিগৰাকী প্ৰাৰ্থী ৷ ইফালে উপ-সভাপতি পদত নিৰ্বাচিত হয় ৰাকেশ চক্ৰৱৰ্তী, সাগৰিকা বৰা আৰু আনন্দ নৰহ ৷ ইমৰান খান আৰু প্ৰতিমা তাছা নিৰ্বাচিত হৈছে উপ-সভাপতি পদত ৷ উল্লেখ্য যে ১,৬৬,৯৮৪ গৰাকী যুৱ কংগ্ৰেছীয়ে ভোটদান কৰিছিল এই নিৰ্বাচনত ৷

লগতে পঢ়ক: Pandu college diamond jubilee : লক্ষ্যহীন জীৱনক অৰ্থপূৰ্ণ বুলি অভিহিত কৰিব নোৱাৰি : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.