ETV Bharat / state

Bharat Jodo Yatra: ধুবুৰীৰ গোলকগঞ্জৰ পৰা ১ নৱেম্বৰত আৰম্ভ হ’ব ভাৰত জোড়ো যাত্রা: ভূপেন বৰা

author img

By

Published : Oct 18, 2022, 9:19 PM IST

ৰাজীৱ ভৱনত ভাৰত জোড়ো যাত্ৰা সম্পৰ্কত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ প্ৰস্তুতিকৰণ সভা(Bharat Jodo Yatra in Assam) । ১ নবেম্বৰৰ পৰা দৈনিক ১০-১৫ কিলোমিটাৰ পদযাত্রা কৰা হ'ব । পদযাত্রা কৰাৰ সময়ত দোকান-বজাৰত লগ পোৱা সাধাৰণ জনতাৰ লগতে বিশিষ্ট ব্যক্তিৰ গ্ৰহণ কৰা হ'ব মতামত । বিজেপিৰ ভিজন ডকুমেণ্ট সন্দৰ্ভত ল'ব ৰাইজৰ মতামত ।

bhupen bora comment on bharat jodo yatra
ধুবুৰীৰ গোলকগঞ্জৰ পৰা ১ নৱেম্বৰত আৰম্ভ ভাৰত জোড়ো যাত্রা: ভূপেন বৰা

গুৱাহাটী,১৮ অক্টোবৰ: দেশজুৰি অব্যাহত আছে কংগ্ৰেছৰ 'ভাৰত জোড়ো' অভিযান(Bharat Jodo Yatra) । অসমতো ধুবুৰীৰ পৰা শদিয়ালৈ ভাৰত জোড়ো যাত্ৰা চলোৱাৰ প্ৰস্তুতি চলাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে(Bharat Jodo Yatra in Assam) । ভাৰত জোড়োৰ এই অভিযান তথা যাত্ৰা সম্পৰ্কত মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ প্ৰস্তুতিকৰণ সভা অনুষ্ঠিত হয় ।

ৰাজীৱ ভৱনত অনুষ্ঠিত সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বীৰাজ সাথে(AICC Secretary Prithviraj Sathe), প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা(APCC President Bhupen Kumar Bora), কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ(Congress leader Jakir Hussain Sikdar), অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ মঞ্জিত মহন্ত, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতা প্ৰমুখ্যে আন নেতা-কৰ্মীসকল উপস্থিত আছিল ।

এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয় যে অসম-পশ্চিমবংগ সীমান্তৰ ধুবুৰীৰ গোলকগঞ্জৰ পৰা ১ নবেম্বৰৰ পৰা ভাৰত জোড়ো যাত্রা আৰম্ভ হ'ব । এই যাত্রা শদিয়ালৈকে কৰা হ'ব আৰু শদিয়া পাওঁতে ৮০ দিন মান সময় লাগিব । ১০ ৰ পৰা ১৫ কিলোমিটাৰ দৈনিক যাত্রা কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ।

সবিশেষ এতিয়াও নিশ্চিত হোৱা নাই যদিও ১ নবেম্বৰৰ পৰা দৈনিক ১০-১৫ কিলোমিটাৰ পদযাত্রা কৰা হ'ব জানিবলৈ দিয়ে । তেওঁ লগতে কয় যে পদযাত্রা কৰাৰ সময়ত দোকান-বজাৰত লগ পোৱা সাধাৰণ জনতাৰ লগতে বিশিষ্ট ব্যক্তি সকলক লগ পালে তেওঁলোকৰ কথা শুনিবলৈ চেষ্টা কৰিব কংগ্ৰেছে । আনহাতে যাত্রাপথত বিজেপিৰ ভিজন ডকুমেণ্ট সন্দৰ্ভত ৰাইজৰ মতামত গ্ৰহণৰ চেষ্টা কৰা হ'ব বুলি তেওঁ কয় ।

ৰাইজে যি পৰিৱৰ্তন বিচাৰি বিজেপিক শাসনলৈ আনিছিল সেই পৰিৱৰ্তন ৰাইজে পালে নে নাই নাইবা ভিজন ডকুমেণ্ট(Vision Document) কিমান দূৰ কাৰ্যকৰী হ'ল সেই সম্পৰ্কত ৰাইজৰ মতামত গ্ৰহণ কৰা হ'ব । তেওঁ লগতে কয় যে কংগ্ৰেছ ভুল-ত্ৰুটি সম্পৰ্কতো ৰাইজৰ মতামত গ্ৰহণ কৰাৰ লগতে দিহা-পৰামৰ্শ লোৱা হ'ব ।

লগতে পঢ়ক: Deori Autonomous Council election: দেউৰী স্বায়ত্ত শাসিত নিৰ্বাচনৰ বাবে সাজু শাসক বিৰোধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.