ETV Bharat / state

Controversy of Namghariya: বিধায়ক মোল্লাক গ্ৰেপ্তাৰৰ পিছতেই কংগ্ৰেছত ধুমুহা, মুখ নোখোলাৰ‌ জাননী - অসম প্ৰদেশ কংগ্ৰেছ

বিধায়ক আফতাব উদ্দিন মোল্লাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ নোখোলাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে বুধবাৰে এক নিৰ্দেশ জাৰি কৰিছে ৷ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক (সাংগঠনিক) বিপুল গগৈয়ে এক জাননীত কয় - আফতাব উদ্দিন মোল্লাৰ বিৰুদ্ধে দলে যাৱতীয় ব্যৱস্থা আৰম্ভ কৰিছে ৷

MLA Aftab Uddin Mollahs Controversial Remarks
সংবাদ মাধ্যমৰ আগত মুখ নোখোলাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 3:56 PM IST

গুৱাহাটী,‌ 8 নৱেম্বৰ : সাম্প্ৰদায়িক মন্তব্য কৰি কংগ্ৰেছৰ বিধায়ক আফতাব উদ্দিন মোল্লা গ্ৰেপ্তাৰ হোৱাৰ পিছতে দলটোৰ মাজত এতিয়া হাহাকাৰ লাগিছে ৷ সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা বিধায়ক আফতাব উদ্দিন মোল্লা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ নোখোলাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে বুধবাৰে এক নিৰ্দেশ জাৰি কৰিছে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক ( সাংগঠনিক) বিপুল গগৈয়ে এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে ৷

MLA Aftab Uddin Mollahs Controversial Remarks
প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ

উল্লেখ্য যে নামঘৰীয়া আৰু পূজাৰী সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে পূব গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিধায়ক মোল্লাক ৷ মঙলবাৰে নিশা দিছপুৰ আৰক্ষীয়ে বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বিধায়কগৰাকীক ৷ হিন্দুক ব্যভিচাৰী আৰু নামঘৰীয়াক ধৰ্ষণকাৰী বুলি কৰা মন্তব্যৰ পাছতেই বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিধায়কজনৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ ৷ দিছপুৰ থানাতো বিধায়কজনৰ বিৰুদ্ধে ভেটাপাৰাৰ দীপক কুমাৰ দাস নামৰ লোকজনে দাখিল কৰিছিল এখন এজাহাৰ ৷

লক্ষ্যণীয় যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক (সাংগঠনিক) বিপুল গগৈয়ে এক জাননীত কয় - আফতাব উদ্দিন মোল্লাৰ বিৰুদ্ধে দলে যাৱতীয় ব্যৱস্থা আৰম্ভ কৰিছে ৷ দলৰ অনুশাসন নিয়ম অনুসৰি বিধায়কগৰাকীৰ বিৰুদ্ধে দলে ব্যৱস্থা গ্ৰহণ কৰিব ৷

বিপুল গগৈয়ে কয় - ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই‌ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে ৷ গতিকে এই সন্দৰ্ভত দলৰ কোনো নেতা আৰু কৰ্মীয়ে নিৰ্দ্ধাৰিত অনুমতি নোলোৱাকৈ কোনোধৰণ মন্তব্য কৰিব নোৱাৰিব ৷ এই সন্দৰ্ভত ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ফোনেৰে হোৱা বাৰ্তালাপত প্ৰকাশ‌ কৰিছে যে - কংগ্ৰেছৰ নীতিৰ বিৰুদ্ধে আফতাব উদ্দিন মোল্লাই যি সাম্প্ৰদায়িক মন্তব্য কৰিছে তাৰ বাবে তেওঁক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে ৷ এতিয়ালৈকে তেওঁ উত্তৰ দিয়া নাই ৷ তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা‌ হ’ব সেয়া অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা‌ হ'ব ৷

লগতে পঢ়ক : AAP leader criticizes Sherman Ali : শ্বেৰমান আলীক মুকলি প্ৰত্যাহ্বান আপ নেতাৰ; কিন্তু কিয়?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.