ETV Bharat / state

অনুসুচিত জাতিৰ কল্যাণৰ নামত অহা ধন আত্মসাতৰ অভিযোগ উত্থাপন - মুখ্যমন্ত্ৰী তদাৰকী শাখা

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দিয়া আঁচনিৰ ধন সমূহ আত্মসাৎ কৰি প্ৰতিষ্ঠান আৰু ঠিকাদাৰে সঞ্চালকালয়ৰ বিষয়া কৰ্মচাৰী মন্ত্ৰীৰ সহযোগত মহানগৰীত তাৰকাযুক্ত হোটল, ব্যক্তিগত মেডিকেল আদি কৰি কৌটি কৌটি টকাৰ মালিক হোৱাৰ অভিযোগ উত্থাপন ৷

অনুসুচিত জাতিৰ কল্যাণৰ নামত অহা ধন আত্মসাৎৰ অভিযোগ উত্থাপন
অনুসুচিত জাতিৰ কল্যাণৰ নামত অহা ধন আত্মসাতৰ অভিযোগ উত্থাপন
author img

By

Published : Sep 16, 2021, 7:09 PM IST

গুৱাহাটী, 16 ছেপ্তেম্বৰ: অসমত অনুসুচিত জাতি কল্যাণ সঞ্চালকালয়ৰ জৰিয়তে ২০১৮-১৯ আৰু ২০২০-২১ বিত্তীয় বৰ্ষত দুখীয়া লোক সকলৰ বিতৰণৰ বাবে ট্ৰেক্টৰ, পাৱাৰ টীলাৰ, চিলাই মেচিন, চোলাৰ লেম্প, টিনপাত, অসমীয়া গহনা বনোৱা মেচিন, সূতা, তাত শাল আদিৰ নামত কৌটি কৌটি টকাৰ কেলংকাৰী হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

এই সমূহ বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ দ্বাৰা তদন্ত কৰি দোষী বিষয়া কৰ্মচাৰী, মন্ত্ৰী লগতে ঠিকাদাৰী প্ৰতিস্থানসমূহৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে অনুসূচিত কেইবাটাও সংগঠনে । অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা, অনুসূচিত জাতি সচেতন নাগৰিক মঞ্চ, সমতা সৈনিক দল, ভাৰত মুক্তি মৰ্চা, যুৱ ছাত্ৰ সন্থা, অমুসূচিত জাতি সংগ্ৰামী যুৱ- ছাত্ৰ পৰিদষৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে সংবাদমেলখনত ৷

অনুসুচিত জাতিৰ কল্যাণৰ নামত অহা ধন আত্মসাতৰ অভিযোগ উত্থাপন

লগতে পঢ়কঃ মই পৃথিৱীৰ বেছিভাগ কামেই জানো, সুশান্তই কেৱল দালালি কৰিব জানে: অখিল

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক যুটীয়া সংবাদমেলত অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ সম্পাদক নিত্যানন্দ দাসে কয় যে, অসম অনুসুচিত জাতি কল্যাণ সঞ্চালকালয় স্থাপন হোৱাৰ পৰাই ৩০ বছৰ ধৰি জনজাতি লোক সকলৰ ভিতৰত এজন বিধায়কক মন্ত্ৰী কৰি সঞ্চালকালয়ৰ দায়িত্ব দি আহিছে ।

প্ৰতি বছৰে কেন্দ্ৰ আৰু ৰাজ্যচৰকাৰে দিয়া আঁচনিৰ ধন সমূহ আত্মসাত কৰি প্ৰতিষ্ঠান আৰু ঠিকাদাৰে সঞ্চালকালয়ৰ বিষয়া কৰ্মচাৰী মন্ত্ৰীৰ সহযোগত মহানগৰীত তাৰকাযুক্ত হোটল, ব্যক্তিগত মেডিকেল আদি কৰি কৌটি কৌটি টকাৰ মালিক হোৱা দেখা গৈছে। সেয়েহে এই বিষয়বোৰ ভিতৰত মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ দ্বাৰা এমাহৰ ভিতৰত তদন্ত হ’ব লাগে, অন্যথা অনুসুচিত জাতিৰ সংগঠন সমূহ একত্ৰিত হৈ জংগী আন্দোলন গঢ়ি তুলিম বুলি মন্তব্য কৰে ।

লগতে পঢ়কঃ ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.