ETV Bharat / state

জলাশয় আইন ভংগ কৰি পথ নিৰ্মাণ কৰিছে জয়ন্ত মল্ল বৰুৱাই : প্ৰদেশ কংগ্ৰেছ - Eviction drive at Silsako Beel

বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ যাবৰ বাবে শিলসাঁকো জলাশয়ৰ কাষৰ বোন্দাজান জলাশয় পুতি পথ নিৰ্মানক লৈ সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ ৷ জলাশয়(সুৰক্ষা)আইন-২০০৮ (Water bodies protection act) ভংগৰ অভিযোগ জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ৷

Water bodies protection act
জলাশয় আইন ভংগ কৰি পথ নিৰ্মাণ কৰিছে জয়ন্ত মল্ল বৰুৱাই : প্ৰদেশ কংগ্ৰেছ
author img

By

Published : May 15, 2022, 5:59 PM IST

গুৱাহাটী, ১৫ মে’: মহানগৰীৰ শিলসাঁকো বিলৰ বুকুত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা খিলঞ্জীয়া লোকসকলৰ ওপৰত বিজেপি চৰকাৰে অমানৱীয় উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন কৰি এই উচ্ছেদৰ বিৰোধিতা কৰিছে অসম কংগ্ৰেছ সমিতিয়ে । প্ৰশাসনে কোনো বিকল্প ব্যৱস্থা নকৰাকৈ দীৰ্ঘদিন ধৰি বসবাস কৰি থকা জনজাতীয় তথা অন্যান্য সাধাৰণ শ্ৰেণীৰ লোকক বৰ্বৰভাৱে উচ্ছেদ চলোৱা কাৰ্য মানৱতাৰ পৰিপন্থী বুলি বুলি অভিহিত কৰিছে কংগ্ৰেছৰ নেতৃবৃন্দই ।

জলাশয় আইন ভংগ কৰি পথ নিৰ্মাণ কৰিছে জয়ন্ত মল্ল বৰুৱাই : প্ৰদেশ কংগ্ৰেছ

ইফালে জলাশয় আইন ভংগ কৰি গুৱাহাটীৰ বিৰকুছিৰ বোন্দাজান জলাশয় পুতি ৰাজনৈতিক নেতাই ব্যক্তিগত স্বাৰ্থৰ বাবে পথ নিৰ্মাণক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ দলে । দেওবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ মনজিৎ মহন্ত, সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰকে ধৰি প্ৰদেশ কংগ্ৰেছৰ এটা দলে বীৰকুছিৰ বোন্দাজানৰ সমীপত থকা বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ যাবৰ বাবে শিলসাঁকো জলাশয়ৰ কাষৰ বোন্দাজান জলাশয় পুতি পথ নিৰ্মাণ কৰি থকা পথ পৰিদৰ্শন কৰে ।

দলটোৰ নেতৃবৃন্দই গুৱাহাটী জলাশয়(সুৰক্ষা)আইন-২০০৮ (Water bodies protection act) ভংগ বিজেপিৰ প্ৰভাৱশালী নেতাই বোন্দাজান পুঁতি পথ নিৰ্মাণ কৰাক লৈ প্ৰশ্ন উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰে । সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ নেতা মনজিৎ মহন্ত, মীৰা বৰঠাকুৰ আৰু অপূৰ্ব ভট্টাচাৰ্যই কয় যে, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱাই জলাশয় আইন উলংঘা কৰি একমাত্ৰ নিজৰ সুবিধাৰ বাবে বোন্দা জানৰ মাটি পুঁতি পিতৃৰ নামত মূল ঘাইপথৰ পৰা সংযোগ কৰি এই পথটি নিৰ্মানকাৰ্য অব্যাহত ৰাখিছে (Allegation against Jayanta Malla Baruah)।

একমাত্ৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা হোৱাৰ বাবেই আইন অমান্য কৰি বিধায়ক জয়ন্ত মল্ল বৰুৱা সাৰি যাব নেকি বুলি কংগ্ৰেছ নেতৃত্বই প্ৰশ্ন কৰে । তাৰোপৰি শিলসাঁকো বিলৰ পাৰত বসবাস কৰা থলুৱা লোকসকলৰ ওপৰত প্ৰশাসনে উচ্ছেদ চলাই বীৰত্ব প্ৰদৰ্শন কৰি বিজেপি চৰকাৰৰ মন্ত্ৰী-আমোলাক মুখ্যমন্ত্ৰীয়ে বেদখলৰ বাবে ৰঙা দলিছা পাৰি দিছে নেকি বুলি প্ৰশ্ন কৰে (Eviction drive at Silsako Beel) ।

লগতে পঢ়ক: কৃত্ৰিম বানত বুৰিল নলবাৰী চহৰ: একাঠু পানীৰ তলত জয়ন্ত মল্ল বৰুৱাৰ সপোনৰ নলবাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.