গুৱাহাটী, 2 এপ্ৰিলঃ নিজামুদ্দিনৰ ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক শিলাদিত্য দেৱে ৷ তেওঁ কয়, সকলো মুছলমানেই জেহাদী নহয় ৷ তেওঁলোকৰ ভিতৰত হয়তো 2ৰ পৰা 5 শতাংশ লোকেহে জেহাদ কৰে ৷ কিন্তু বাকীসকল নিৰহ, অশিক্ষিত, দুখীয়া আৰু মৌলানা-মৌলবী সকলৰ দ্বাৰা সঞ্চালিত ৷ ইয়াৰোপৰি তেওঁ মুচলমান সকলক উদ্দেশ্যি কয়, এই বীজানু কোনো ধৰ্ম বিচাৰ কৰি নাহে ৷ সকলোৰে দেহত এই বীজানুৱে অৱস্থিতি ল'ব পাৰে ৷ যিয়ে মানৱ জাতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ সেয়ে গোড়ামিৰ আশ্ৰয় লৈ, 5 বাৰৰ সলনি 10 বাৰ নামাজ পঢ়িলেও এই মহামাৰী বিয়পিব পাৰে ৷
লগতে পঢ়কঃ শুকুৰবাৰৰ জোহোৰৰ নামাজ নিজ ঘৰতে পঢ়িবলৈ আহ্বান বদৰুদ্দিন আজমলৰ