গুৱাহাটী, ২৩ ডিচেম্বৰ : পুনৰ ব্যতিক্ৰমী ৰূপত দেখা গ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈক । অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ চতুৰ্থ দিনা অধিৱেশনৰ পূৰ্বেই বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । তেওঁ 'ভাষা নাথাকিলে জাতি নাথাকে' আৰু 'এপিএছচিত অসমীয়া ভাষা শেষ ?' লিখা টি-ছাৰ্ট পৰিধান কৰি ডিঙিত গামোচা লৈ এই প্ৰতিবাদ সাব্যস্ত কৰে (Akhil Gogoi protests against withdrawal of Assamese paper from APSC exam)।

ইয়াৰ পূৰ্বে মঙলবাৰে বিধানসভা চৌহদত কাৰ্টুন অংকিত টি-ছাৰ্ট পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল । বৃহস্পতিবাৰে দেখা গ'ল অন্য ৰূপত । সাংবাদিকৰ আগত এই প্ৰসংগত বিধায়কগৰাকীয়ে কয় যে এপিএছচিৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত বাদ দিয়াৰ (withdrawal of mandatory Assamese paper from APSC) কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে অসম বিধানসভাৰ ৰোল ৩০১ ৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰিব বিচৰা হৈছিল যদিও সেই প্ৰশ্ন উত্থাপন কৰিব পৰা নগ'ল । সেয়েহে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ।

অখিল গগৈয়ে কয় যে এপিএছচিৰ পৰা তথা অসমৰ প্ৰশাসনৰ পৰা অসমীয়া ভাষা নোহোৱা কৰিবলৈ বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰিছে । বুধবাৰে হাইক'ৰ্টৰ মজিয়াত চৰকাৰৰ এই ষড়যন্ত্ৰ সাময়িকভাৱে ব্যৰ্থ হৈছে । এপিএছচিৰ পৰা অসমীয়া ভাষা বাদ দিবলৈ অনুমতি দিব নোৱাৰো, সেয়ে প্ৰতিবাদ সাব্যস্ত কৰিছো ।
তদুপৰি কেবিনেট বৈঠকত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত সম্পৰ্কত তেওঁ কয় যে এই সিদ্ধান্ত অসমীয়া জাতিৰ বাবে আত্মঘাটি সিদ্ধান্ত । এই সিদ্ধান্তই অসমীয়া জাতি সম্পূৰ্ণৰূপে শেষ কৰিব । এই পৰীক্ষা উঠাই দিলে অসমীয়া ভাষা নজনা বিষয়াৰ সৃষ্টি হ'ব । অসমীয়া ভাষা নজনা বিষয়াই কিদৰে অসমৰ প্ৰশাসন ব্যৱস্থা পৰিচালনা কৰিব বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে ।
আনহাতে, অসম চৰকাৰে উত্থাপন কৰা 'দ্য আছাম পুলিচ সংশোধনী বিধেয়ক' এক হঠকাৰী সিদ্ধান্ত বুলি মন্তব্য কৰে অখিল গগৈয়ে । ৰাজ্যত সংঘটিত এনকাউণ্টাৰৰ ঘটনাবোৰ লুকুৱাবলৈ এই বিধেয়ক বুলি কয় বিধায়কজনে । যাতে এই আইনৰ সুৰুঙাৰে দোষী আৰক্ষী সাৰি যাব পাৰে ।
ইফালে অধিৱেশনৰ চতুৰ্থটো দিনত হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম, ভূমি সংৰক্ষণ, বড়োলেণ্ড কল্যাণ, ভৈয়াম জনজাতি তথা অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ কল্যাণ শিক্ষা, ভৈয়াম জনজাতি তথা অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ কল্যাণ পৰিবহণ, উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান, দক্ষতা নিয়োগ আৰু উদ্যমিতা, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ ওপৰত আলোচনা হয় ।
লগতে পঢ়ক : অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচী LIVE