ETV Bharat / state

AJP ৰ গণস্বাক্ষৰ অভিযানত আৰক্ষীৰ বাধা - জাতীয় পৰিষদ

বিমান বন্দৰ আদানীক হস্তান্তৰ কৰাৰ বিৰুদ্ধে গণস্বাক্ষৰ সংগ্ৰহ কৰা অসম জাতীয় পৰিষদৰ সদস্যসকলক আজাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই তীব্ৰ গৰিহণা দিয়ে । বিমান বন্দৰটো ব্যক্তিগত কোম্পানীৰ হাতলৈ হস্তান্তৰ কৰাৰ পিছত সেই অঞ্চলৰ ৰাইজৰ স্বাৰ্থ বিঘ্নিত হ'ব বুলি উল্লেখ কৰি দুয়োজন নেতাই উক্ত সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনায় ৷

AJPৰ গণস্বাক্ষৰ অভিযানত আৰক্ষীৰ বাধা
AJPৰ গণস্বাক্ষৰ অভিযানত আৰক্ষীৰ বাধা
author img

By

Published : Aug 11, 2021, 9:50 PM IST

গুৱাহাটী, 11 আগষ্ট : লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ ব্যক্তিগতকৰণৰ প্ৰতিবাদত অসম জাতীয় পৰিষদে ৯ আগষ্টৰ পৰা চলাই থকা সাদিনীয়া গণস্বাক্ষৰ অভিযানৰ বুধবাৰে আছিল তৃতীয় দিন । প্ৰথমদিনটোৰ পৰাই গণস্বাক্ষৰ অভিযান ব্যৰ্থ কৰাৰ বাবে প্ৰশাসনে আৰক্ষীৰ জৰিয়তে চেষ্টা চলাই আহিছিল বুলি দলটোৰ নেতৃত্বই অভিযোগ কৰিছে ।

অনুমতি বিচৰা সত্বেও প্ৰশাসনে অনুমতি প্ৰদান নকৰি প্ৰত্যেক দিনেই গণস্বাক্ষৰকাৰী সকলক বাধা প্ৰদান কৰি আহিছে । বুধবাৰেও এজেপিৰ সদস্য সকলক আৰক্ষীয়ে বাধা প্ৰদান কৰাত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় । ইয়াৰ মাজতে জাতীয় পৰিষদৰ সম্পাদক ৰাজীৱ ভট্টাচাৰ্যই যিকোনো পৰিস্থিতিতে সাতদিনীয়া গণস্বাক্ষৰ অভিযান সম্পূৰ্ণ কৰা হ'ব বুলি ঘোষণা কৰে ।

কেৱল বৃহস্পতিবাৰে অৰ্থাৎ ১২ আগষ্টত অসম গৌৰৱ লাভলীনা বৰগোঁহাইক আদৰণি জনোৱাৰ বাবে এই কাৰ্যসূচী স্থগিত ৰখা হ'ব । গুৱাহাটী বিমানবন্দৰৰ দৰে এটা লাভত থকা বিমানবন্দৰ ব্যক্তিগতকৰণ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এজেপিয়ে । প্ৰায় এঘাৰশ বিঘা মাটিকালিৰ এই বিমানবন্দৰটোৰ প্ৰায় ৫০০ বিঘা মাটি অসম চৰকাৰে বিনামূলীয়াকৈ বিমান প্ৰাধিকৰণক দিছিল ।

এতিয়া ৫০ বছৰৰ বাবে আদানী গোষ্ঠীয়ে ইয়াৰ ভোগ দখল কৰিব । সেই মাটিত এতিয়া বৃহৎ হোটেল, শ্বপিং মল আদি একমাত্ৰ মুনাফা লাভৰ বাবে আদানী গোষ্ঠীয়ে নিৰ্মাণ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । ইয়াৰ বাবে ইতিমধ্যে ৩১ আগষ্টৰ আগতে আবাসিক অঞ্চলসমূহ খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে ।

AJPৰ গণস্বাক্ষৰ অভিযানত আৰক্ষীৰ বাধা

লগতে পঢ়কঃ হোজাইত স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ উদযাপন

এই সমগ্র বিষয়টোত হোৱা ব্যাপক দুৰ্নীতি আৰু অনিয়ম পোহৰলৈ আনি ব্যাপক প্ৰতিবাদ গঢ়ি তোলা হ'ব বুলি ৰাজীৱ ভট্টাচাৰ্যই ঘোষণা কৰে । ইয়াৰ পিছতেই দণ্ডাধীশৰ উপস্থিতিত অসম জাতীয় পৰিষদৰ সদস্য সকলক গ্ৰেপ্তাৰ কৰি আজাৰা থানালৈ লৈ যোৱা হয় । গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে সম্পাদক ৰাজীৱ ভট্টাচাৰ্য, যুটীয়া সম্পাদক প্ৰিঞ্চ ফাইজুল হক, প্ৰচাৰ সম্পাদক দেৱজিত অধিকাৰী ৷

একেদৰে কাৰ্যনিৰ্বাহক সদস্য মজিবুদ্দিন আহমেদ, কাৰ্যালয় সম্পাদক নিখিল ভট্টাচাৰ্য, কামৰূপ মহানগৰ জিলাৰ সভাপতি সঞ্জীৱ বৰা, সম্পাদক আছিফ আলী সাংগঠনিক সম্পাদক পংকজ কলিতা, কামৰূপ গ্ৰাম্য জিলাৰ সম্পাদকদ্বয় তফজুল হুছেইন, নয়নজ্যোতি শৰ্মা মহানগৰ যুৱশক্তিৰ মুখ্য আহ্বায়ক জিন্টু ডেকা আৰু কামৰূপ মহিলা শক্তিৰ জাহানাৰা ইয়াছমিন আৰু নিৰ্মালি । বিয়লি তেওঁলোকক মুকলি কৰি দিয়া হয় ।

ইফালে বিমান বন্দৰ আদানীক হস্তান্তৰ কৰাৰ বিৰুদ্ধে গণস্বাক্ষৰ সংগ্ৰহ কৰা অসম জাতীয় পৰিষদৰ সদস্যসকলক আজাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই তীব্ৰ গৰিহণা দিয়ে । নেতাদ্বয়ে কয় যে, ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰৰ আৰক্ষীয়ে ৰাইজৰ স্বাৰ্থত অগ্ৰাধিকাৰ দিয়া উচিত আছিল ৷ কিন্তু তাকে নকৰি আৰক্ষীয়ে আদানীৰ পক্ষ লৈছে ৷ এয়া দুৰ্ভাগ্যজনক ৷

তেওঁলোকে কয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ সৈতে অসমবাসীৰ আবেগ জড়িত হৈ আছে ৷ আদানী গ্ৰুপে মহাৰাষ্ট্ৰসহ দেশৰ অন্য ৰাজ্যত বিমান বন্দৰ নিজৰ কৰ্তৃত্বলৈ আনি সেইসমূহৰ নাম সলনি কৰি আদানী বিমান বন্দৰ কৰাক লৈ সেই ৰাজ্যসমূহত প্ৰতিবাদ হৈ আছে ৷ বৰঝাৰৰ বিমান বন্দৰটো চৰকাৰী ধন খৰচ কৰি আটকধুনীয়া কৰাৰ পিছতহে আদানী গ্ৰুপক হস্তান্তৰ কৰা হৈছে ৷

ৰাইজৰ ধনেৰে আদানী গ্ৰুপক ধনী কৰিব বিচৰা কাৰ্য সমৰ্থন কৰিব নোৱাৰি । বিমান বন্দৰটো ব্যক্তিগত কোম্পানীৰ হাতলৈ হস্তান্তৰ কৰাৰ পিছত সেই অঞ্চলৰ ৰাইজৰ স্বাৰ্থ বিঘ্নিত হ'ব বুলি উল্লেখ কৰি দুয়োজন নেতাই উক্ত সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনায় ৷

লগতে পঢ়কঃ দৰাই কইনা নিবলৈ অহাৰ পাছতে লাগিল অথন্তৰ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.