ETV Bharat / state

Rajya Sabha Election: কংগ্ৰেছক বিশ্বাসঘাটকতা কৰিলে এ আই ইউ ডি এফে

author img

By

Published : Mar 29, 2022, 11:00 PM IST

ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধী ঐক্যত আউল লাগিছে । ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীক এ আই ইউ ডি এফৰ বিধায়কে ভোট নিদিয়ে । এই কথা মঙলবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেলত স্পষ্ট হৈছে (AIUDF betrays Congress for Rajya Sabha election)৷

Rajya Sabha Election
কংগ্ৰেছক বিশ্বাসঘাটকতা কৰিলে এ আই ইউ ডি এফে

গুৱাহাটী, 29 মাৰ্চ: ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধী ঐক্যত আউল লাগিছে । ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীক এ আই ইউ ডি এফৰ বিধায়কে ভোট নিদিয়ে । এই কথা মঙলবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেলত স্পষ্ট হৈছে । কংগ্ৰেছৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জীতেদ্ৰ সিং উপস্থিত থকা সংবাদমেলত সাংবাদিকক সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে এ আই ইউ বি এফে কংগ্ৰেছক পুনৰ বিশ্বঘাটকতা কৰিছে (AIUDF betrays Congress for Rajya Sabha election)।

তেওঁ কয়, এ আই ইউ ডি এফৰ শেহতীয়া কাম-কাজৰ পৰা প্ৰতীয়মান হৈছে যে এ আই ইউ ডি এফে ৰাজ্য সভা নিৰ্বাচনত কংগ্ৰেছক বিশ্বঘাটকতা কৰিব । এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ শেহতীয়া কাম-কাজে এ আই ইউ ডি এফে ৰাজ্য সভা নিৰ্বাচনত কংগ্ৰেছক বিশ্বঘাটকতা কৰাতো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । উল্লেখ্য যে, অহা 31 মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য সভাৰ দুখন আসনৰ নিৰ্বাচনত দ্বিতীয়খন আসনৰ বাবে বিৰোধী দলে কংগ্ৰেছৰ ৰিপুন বৰাক প্ৰক্ষেপ কৰিছিল । এইখন আসন জয়ী হোৱাৰ বাবে 43 জন বিধায়কৰ ভোট প্ৰয়োজন ।

কংগ্ৰেছৰ 26 জন, ৰাইজৰ দলৰ এজন, চি পি আই এমৰ এজন আৰু এ আই ইউ ডি এফ 15 জন বিধায়ক মুঠ 43 জন বিধায়ক আছে । ভূপেন বৰাই কয়, ৰাজ্য সভাৰ নিৰ্বাচনৰ বাবে এ আই ইউ ডি এফৰ পাঁচজন বিধায়ক বি জে পিৰ হাতত বিক্ৰী হৈছে । দুদিনমান আগতে বদৰুদ্দিন আজমল গুৱাহাটীলৈ মনে মনে আহি বিজে পিৰ লগত দৰদাম কৰি ৰাজ্য সভাৰ নিৰ্বাচনৰ বাবে এ আই ইউ ডি এফৰ পাঁচজন বিধায়ক বি জে পিৰ হাতত বিক্ৰী কৰি গৈছে ।

তেওঁ কয়, নিৰ্বাচনত বিৰোধী দলৰ হৈ ৰিপুন বৰাক নিৰ্বাচনী এজেণ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । কিন্তু এ আই ইউ ডি এফে নিজৰ এজেন্ট ঠিক কৰিছে । এই কথা মঙলবাৰে পুৱা এ আই ইউ ডি এফৰ তৰফৰ পৰা ৰিপুন বৰাক জনোৱা হৈছে । এয়া দেখাদেখি বিশ্বঘাটকতা । তেওঁ অভিযোগ কৰি কয় যে ব্যৱসায়ীৰ স্বাৰ্থত বদৰুদ্দিন আজমলে এই বিশ্বঘাটকতা কৰিছে । ভূপেন বৰাই কয়, কংগ্ৰেছ নিৰ্বাচনত যুদ্ধ কৰিবই । জয় পৰাজয় পিছৰ কথা ।

তেওঁ কয় যে বৰ্তমান কংগ্ৰেছ, ৰাইজৰ দল আৰু চি পি আই এম মিলি 28 জন বিধায়কৰ সমৰ্থন আছে । নিৰ্বাচনত এই বিধায়ক সকলে ভোট দিয়াতো নিশ্চিত । নিৰ্বাচনৰ দিনা এ আই ইউ ডি এফৰ 15 জন বিধায়কে ৰিপুন বৰাক ভোট দিয়াতো দেখুৱবালৈ তেওঁ এ আই ইউ ডি এফ প্ৰত্যাহ্বান জনায় । তেওঁ কয় যে এ আই ইউ ডি এফৰ তিনিজন বিধায়কে ৰিপুন বৰাক ভোট নিদিও বুলি ফোনেৰে কৈছে । এই ফোন ৰেকডিং কংগ্ৰেছৰ হাতত মজুত আছে । সময়ত এয়া ৰাজহুৱা কৰা হ'ব ।

লগতে পঢ়ক: Rajya Sabha Election: কংগ্ৰেছক ভোটদানৰ নিশ্চিতি দিলে অখিল গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.