গুৱাহাটী, ২৫ মে’: ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্ত দিয়া হৈছে প্ৰাধিকৰণৰ নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ৰ মহা প্ৰবন্ধক ( চি এন এছ ) ৰবি কান্তক । তেওঁ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ-পূৱ মণ্ডল সঞ্চালকালয়ত বিদায়ী ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক এম সুৰেশৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে ।
উল্লেখযোগ্য যে, ইলেট্ৰনিকছ এণ্ড টেলিকমিউনিকেচনৰ অভিযান্ত্ৰিক ডিগ্ৰীধাৰী ৰবি কান্তে ১৯৯০ চনত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণত যোগদান কৰি কৰ্ম জীৱনৰ পাতনি মেলিছিল । প্ৰাধিকৰণত এজন দক্ষ অভিযন্তা হিচাপে সুনাম থকা ৰবি কান্তে বিগত সময়চোৱাত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ উপৰিও নতুন দিল্লী, খাজুৰাহো, ইন্দোৰ, আৰু মুম্বাই বিমান বন্দৰত বিভিন্ন পদবীত সুখ্যাতিৰে কাম কৰিছিল ।
একেদৰে পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত তেওঁৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলত বিমান বন্দৰৰ লগতে বিমান পৰিবহন খণ্ডটোৱে নতুন ৰূপ পাব বুলি আশা ব্যক্ত কৰা হৈছে ।
লগতে পঢ়কঃ ৰাজ্যত 5 জুনলৈ বৃদ্ধি সান্ধ্য আইন