ETV Bharat / state

Guwahati Pollution Situation : দ্বিতীয় দিল্লীৰ দিশে গুৱাহাটী ! ভয়ংকৰ বায়ু প্ৰদূষণ গুৱাহাটী মহানগৰীত

দিল্লী হ'বলৈ আগবাঢ়িছে গুৱাহাটী মহানগৰী ! প্ৰদূষণৰ ভয়ানক প্ৰভাৱ গুৱাহাটীত । ক্ৰমে জটিল হৈছে গুৱাহাটীৰ বায়ু প্ৰদূষণৰ পৰিস্থিতি (air pollution situation complex in Guwahati) । কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া সমীক্ষাত ভয়ংকৰ তথ্য । দেশৰ সৰ্বাধিক প্ৰদূষিত নগৰ-মহানগৰৰ তালিকাত অসমৰ আন চাৰিখন নগৰো অন্তৰ্ভুক্ত ।

author img

By

Published : Jan 17, 2023, 3:16 PM IST

Pollution
Pollution

গুৱাহাটী, ১৭ জানুৱাৰী : গুৱাহাটীত বায়ু প্ৰদূষণে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে (air pollution situation complex in Guwahati) । কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন মন্ত্রণালয়ৰ দেশৰ নগৰাঞ্চলৰ প্ৰদূষণৰ মাত্ৰা সম্পর্কত শেহতীয়া সমীক্ষা মতে (Central Govt environment and forest ministry), গুৱাহাটীৰ লগতে অসমৰ চাৰি নগৰত বায়ু প্ৰদূষণৰ মাত্ৰা বাঢ়ি গৈছে (Guwahati air standard degraded highly) । উল্লেখ্য যে দেশৰ ভিতৰত যিসমূহ নগৰত প্ৰদূষণৰ মাত্ৰা অধিক, সেইসমূহৰ ভিতৰত অসমৰ পাঁচখন নগৰ চিহ্নিত হৈছে ।

গুৱাহাটী মহানগৰৰ উপৰি নগাঁও, নলবাৰী, শিলচৰ আৰু শিৱসাগৰত অধিক মাত্ৰাৰ প্ৰদূষণ পোৱা গৈছে । অদূৰ ভৱিষ্যতত অসমৰ এইকেইখন নগৰৰ বায়ু প্ৰদূষণৰ মাত্ৰা আৰু বাঢ়িলে দিল্লীৰ দৰেই পৰিৱেশৰ সৃষ্টি হোৱাৰ শংকা কৰা হৈছে । গুৰুত্বপূৰ্ণ কথা যে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন মন্ত্রণালয়ে দেশৰ নগৰাঞ্চলৰ প্ৰদূষণৰ মাত্ৰা সম্পর্কত নিয়মীয়াকৈ সমীক্ষা কৰে । শেহতীয়া সমীক্ষা মতে, দেশৰ ১৩১ খন মহানগৰ আৰু নগৰৰ বায়ু প্ৰদূষণৰ মাত্ৰা বেছি হৈছে ।

এই ১৩১ খন নগৰাঞ্চলৰ ভিতৰত অসমৰ গুৱাহাটী মহানগৰ, নগাঁও, নলবাৰী, শিলচৰ আৰু শিৱসাগৰত বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হৈছে (Guwahati in top polluted cities of India) । বায়ু প্ৰদূষণৰ মাত্ৰা বেছি হোৱা অঞ্চলসমূহত মানুহৰ স্বাস্থ্যজনিত, ছালৰ ৰোগৰ প্ৰকোপ বাঢ়ি গৈছে । গুৱাহাটী মহানগৰতো বিশেষকৈ ছালৰ ৰোগীৰ সংখ্যা বাঢ়িছে বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এজন চিকিৎসকৰপৰা জানিব পৰা গৈছে । প্রাপ্ত খবৰ মতে, কেন্দ্ৰীয় পৰিৱেশ মন্ত্রণালয়ে বায়ু প্ৰদূষণৰ মাত্রা অধিক হোৱা নগৰসমূহত প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট ৰাজ্য চৰকাৰক নির্দেশ দিছে ।

মন্ত্রণালয়ৰ সুকীয়া পুঁজিও ইতিমধ্যেই ৰাজ্যসমূহক আবণ্টন দিছে । তেনেস্থলত অসমৰ পাঁচ নগৰৰ অত্যধিক বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব । উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ বৰ্ধিত বায়ু, পানী আৰু শব্দ প্ৰদূষণ বিষয়ক লৈ সময়মতে শপতনামা দাখিল কৰিব নোৱাৰা ৰাজ্য চৰকাৰৰ ভূমিকাত কিছুদিন পূৰ্বে অসন্তুষ্টি ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে । শপতনামা দাখিল কৰিব নোৱাৰাৰ কৈফিয়ৎ দিয়াৰ বাবে ৰাজ্যৰ মুখ্য সচিবক অহা ৭ ফেব্ৰুৱাৰীত ‘ভার্চুৱেলী’ ন্যায়াধীকৰণৰ আগত হাজিৰ হ’বলৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ কলকাতাস্থিত পূর্বাঞ্চলপীঠে যোৱা 7 জানুৱাৰীত নির্দেশ দিছে ।

মহানগৰীৰ প্ৰদূষণৰ সমস্যাক লৈ হিমাংশু নাথ নামৰ এজন ব্যক্তিয়ে দাখিল কৰা এখন আবেদনৰ শুনানি লৈ সেউজ ন্যায়াধিকৰণে এই নির্দেশ দিয়ে । আবেদনকাৰীয়ে গুৱাহাটীৰ বৰ্ধিত বায়ু, পানী আৰু শব্দ প্ৰদূষণ ৰোধ কৰাৰ বাবে চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আৰ্জিৰে সেউজ ন্যায়াধীকৰণৰ কাষ চাপিছে । আবেদনখনৰ পূৰ্বৰ দুটা শুনানিত দিয়া নিৰ্দেশৰ পাছতো ৰাজ্য চৰকাৰৰ ফালৰপৰা কোনো শপতনামা দাখিল কৰা হোৱা নাই । আনহাতে, গুৱাহাটী পৌৰ নিগমে তেওঁলোকৰ শপতনামা দাখিল কৰিছে ।

যোৱা তিনি জানুৱাৰীত হোৱা শুনানিতো শপতনামা দাখিল কৰিব নোৱাৰা ৰাজ্য চৰকাৰে পুনৰ তিনি সপ্তাহৰ সময় বিচাৰে । ন্যায়াধীকৰণে ৰাজ্য চৰকাৰক সময় দিয়ে যদিও চৰকাৰৰ ভূমিকাত অসন্তুষ্টি ব্যক্ত কৰে আৰু শপতনামা দাখিল কৰিব নোৱাৰাত কাৰণ দৰ্শাবলৈ মুখ্য সচিবক ভার্চুৱেলী ন্যায়াধীকৰণৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে । উল্লেখযোগ্য যে যোৱা বছৰত প্ৰকাশ পোৱা Centre for Science and Environment (CSE)-ৰ তথ্য অনুসৰি, গুৱাহাটী উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে । দ্বিতীয় স্থানত আগৰতলা চহৰ আছে । গুৱাহাটীত প্ৰদূষণ বছৰি গড় PM2.5 পৰিমাণ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ।

২০১৯ চনৰ তুলনাত ২০২১ চনত গুৱাহাটীত বছৰি গড় PM2.5 পৰিমাণ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে । শীতৰ সময়ছোৱাত গুৱাহাটীত PM2.5 পৰিমাণ বৃদ্ধি পাইছে । ২০২১ চনৰ ১৭ জানুৱাৰীত সাপ্তাহিক গুৱাহাটীত PM2.5 পৰিমাণ 189 µg/m3 আছিল । বায়ু প্ৰদূষণৰ ক্ষেত্ৰত যিটো অতি ভয়াৱাহ পৰিমাণ । ইফালে আগৰতলা চহৰত ২০২১ চনৰ ১০ জানুৱাৰীত সাপ্তাহিক PM2.5 পৰিমাণ 112 µg/m3 আছিল । গুৱাহাটী আৰু আগৰতলা চহৰৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন চহৰবোৰতো শীতকালৰ সময়ছোৱাত PM2.5 পৰিমাণ বৃদ্ধি পাইছে ।

উল্লেখ্য যে গুৱাহাটী, শ্বিলং, কোহিমাত বায়ু মণ্ডলত NO2 পৰিমাণ জোখাৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা নাই (Air pollution in North east) । যাৰ বাবে Centre for Science and Environment (CSE)-এ গুৱাহাটী, শ্বিলং, কোহিমাত বায়ু মণ্ডলত NO2 পৰিমাণ জোখাৰ ক্ষেত্ৰত সমস্যাৰ সম্মুখীন হৈছে । তাৰ মাজতে কিন্তু Centre for Science and Environment (CSE)-এ গুৱাহাটী, শ্বিলং, কোহিমাৰ বায়ুমণ্ডলত NO2 পৰিমাণ জুখি উদ্বেগজনক তথ্য লাভ কৰিছে । গুৱাহাটীৰ বায়ুমণ্ডলত NO2-ৰ পৰিমাণ ২০২০ চনৰ ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ ভিতৰত ৮৫ শতাংশ বৃদ্ধি পাইছিল । অৰ্থাৎ শীতকালত গুৱাহাটীৰ বায়ুমণ্ডলত NO2-ৰ পৰিমাণ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ।

গুৱাহাটী আৰু আগৰতলাত দৈনিক দিনৰ ১ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত NO2-ৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায় । আকৌ সন্ধিয়া ৭ বজাৰ পৰা ৮ বজাৰ ভিতৰত NO2-ৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায় । নিশা গুৱাহাটীত NO2-ৰ পৰিমাণ উদ্বেগজনক হাৰত বৃদ্ধি পায় বুলি এক তথ্য প্ৰকাশ পাইছে । এই সময়ছোৱাত ট্ৰাকৰ চলাচল বেছি হয় । Centre for Science and Environment (CSE)-ৰ তথ্য অনুসৰি, গুৱাহাটীত বায়ুৰ মান সূচক অতি নিম্ন (Guwahati air quality index very poor) । Centre for Science and Environment (CSE)-ৰ অধ্যয়নত প্ৰকাশ পাইছে যে গুৱাহাটীত বায়ু প্ৰদূষণৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ পৰিমাণো যথেষ্ট বৃদ্ধি পাইছে ।

লগতে পঢ়ক :Covid vaccine in Assam : ৰাজ্যৰ ১৪ শতাংশইহে লৈছে কোভিডৰ সতর্কতামূলক পালি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.