গুৱাহাটী, 1 ছেপ্টেম্বৰ: অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন কেলেংকাৰীৰ তদন্ত উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা কৰাৰ দাবীত আম আদমী পাৰ্টীয়ে শুকুৰবাৰে ৰাজভৱনৰ সম্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । আপ, অসমৰ সভাপতি ভৱেন চৌধুৰীৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফ্লেগ, ফেষ্টুন লৈ বিভিন্ন ধ্বনি পৰিৱেশ উত্তাল কৰি তোলে।
কাৰ্যসূচীত ভাষণ দি আপ, অসমৰ সভাপতি ভৱেন চৌধুৰীয়ে কয় যে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত বৃহৎ কেলেংকাৰী পোহৰলৈ আহিছে । অসম চৰকাৰৰ নিযুক্তি প্রক্রিয়াত সাংঘাতিকভাৱে দুৰ্নীতি হৈছে । তেওঁ কয় যে মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাই অসমখনক গ্ৰাস কৰিছে ৷
চৌধুৰীয়ে লগত কয় যে চলিত আগষ্ট মাহৰ ২০২৩ চনত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত এজনৰ ঘৰত ৪২খন এডমিট কাৰ্ড আৰু আন এজনৰ ঘৰত ৫০খন এডমিট কাৰ্ড উদ্ধাৰ হৈছে ৷
নিযুক্তি কেলেংকাৰীত গ্রেপ্তাৰ হোৱাসকলৰ স্বীকাৰোক্তিৰ ভিত্তিতেই নিযুক্তি প্রক্রিয়াত যে দুর্নীতি-কেলেংকাৰী হৈছে সেয়া অসমবাসী ৰাইজ নিশ্চিত হৈছে। লগতে বৃহৎ ধনৰ লেনদেনৰ বিনিময়ত চাকৰি দিয়া অভিযুক্তসকলৰ স্বীকাৰোক্তিত সঘনাই ন ন তথ্য পোহৰলৈ আহিছে ।
তেওঁ কয়, ‘‘অসম চৰকাৰৰ বিভিন্ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত যি মাৰাত্মক দুর্নীতি-কেলেংকাৰী হৈছে সেই সন্দৰ্ভত সদ্যহতে হৈ যোৱা নিযুক্তি প্ৰক্ৰিয়াৰ নিৰ্দিষ্ট বিভাগসমূহ আৰু পদবীসমূহ উচ্চ ন্যায়ালয়ৰ কৰ্তব্যৰত ন্যায়াধীশৰ দ্বাৰা তন্নতন্নকৈ তদন্ত কৰিব লাগে । দোষীয়ে যাতে কোনো সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ বাবে প্ৰয়োজনীয় সকলোখিনি আইনী ব্যৱস্থা গ্ৰহণ কৰি অপৰাধীক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে ।’’
কাৰ্যসূচীৰ শেষত আপৰ তৰফৰ পৰা অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন কেলেংকাৰীৰ তদন্ত উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা কৰাৰ দাবী সম্মলিত এখন স্মাৰক পত্ৰ ৰাজ্যপালক প্ৰদান কৰে ।
লগতে পঢ়ক: Youth Congress Protest : নিযুক্তি কেলেংকাৰীৰ অভিযোগত শিৱসাগৰত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ