গুৱাহাটী, 1 জুলাই : সামগ্ৰিকভাৱে বৃদ্ধি পোৱা পেট্ৰ'ল-ডিজেলৰ মূল্যৰ বিৰুদ্ধে বুধবাৰে সমগ্ৰ দেশতে আম আদমি পাৰ্টীয়ে সাব্য়স্ত কৰে প্ৰতিবাদ । সেই অনুসৰি গুৱাহাটী মহানগৰীতো সাব্যস্ত হয় প্ৰতিবাদ । সংবাদ মাধ্যমলৈ এক ভিডিঅ' বাৰ্তাযোগে এই প্ৰতিবাদী কাৰ্যসূচীৰ কথা জনাই আপৰ নেতৃত্বই।
গুৱাহাটীত আম আদমী পাৰ্টিৰ অসম প্ৰদেশে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। মহানগৰীত লক ডাউন চলি থকা হেতুকে ঘৰতে থাকি পেট্ৰ'ল-ডিজেলৰ প্ৰতিবাদ কৰে অসমৰ আপ নেতৃত্বই ।
উল্লেখ্য যে, লক ডাউনৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক সংকটৰ পৰা হাত সাৰিবলৈ চৰকাৰে ইন্ধনজাত সামগ্ৰীত বৃদ্ধি কৰিছে কৰ । যাৰ ফলত পেট্ৰ'ল-ডিজেলত মুল্যবৃদ্ধি হৈছে আৰু ইয়াৰ প্ৰভাৱ পৰিছে অত্যাৱশ্যকীয় সামগ্ৰীত । সেয়ে বিভিন্ন দল সংগঠনে এই মূল্যবৃদ্ধিৰ তীব্ৰ বিৰোধিতা কৰিছে।
লগতে পঢ়ক : দিল্লীত ৪৩৬ টালৈ বৃদ্ধি কণ্টেইনমেণ্ট জ'নৰ সংখ্যা