ETV Bharat / state

ঘৰে ঘৰে বিশুদ্ধ পানী যোগানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ জলজীৱন মিছন - জলজীৱন মিছন

২০২৪ চনৰ ভিতৰত ৰাজ্যৰ গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ বাবে কৰা হ'ব পানীৰ টেপৰ ব্যৱস্থা । শুক্ৰবাৰে জলজীৱন মিছন আঁচনি উদ্বোধন কৰি এই ঘোষণা কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ।

ঘৰে ঘৰে বিশুদ্ধ পানী যোগানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ জলজীৱন মিছন

author img

By

Published : Nov 27, 2020, 8:31 PM IST

গুৱাহাটী, ২৭ নৱেম্বৰ: ঘৰে ঘৰে বিশুদ্ধ পানী যোগানৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে জলজীৱন মিছন। খোৱাপানীৰ সমস্যাৰ পৰা গ্ৰামাঞ্চলৰ ৰাইজক পৰিত্ৰাণ দিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ বাবে সুকীয়া পানীৰ টেপৰ ব্যৱস্থা কৰিব চৰকাৰে । শুক্ৰবাৰে মহানগৰীৰ হোটেল লিলিত আয়োজিত এক অনুষ্ঠানত জলজীৱন মিছন আঁচনি উদ্বোধন কৰি এই প্ৰকাশ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ।

ঘৰে ঘৰে বিশুদ্ধ পানী যোগানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ জলজীৱন মিছন

আঁচনিখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি তেওঁ কয় যে, ২০২৪ চনৰ ভিতৰত ৰাজ্যৰ গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ গৃহত একোটাকৈ কাৰ্যক্ষম পানীৰ টেপ সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে । ইয়াৰ দ্বাৰা পৰ্যাপ্ত পৰিমাণৰ আৰু বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্য স্থিৰ কৰিছে বিভাগটোৱে । এই পানী যোগান আঁচনিৰ অধীনত কাম কৰিব পৰাকৈ একাংশ নিবনুৱা যুৱকক বিভিন্ন বিষয়ৰ কাৰিকৰী দক্ষতা বিকাশৰ বাবে প্ৰশিক্ষণ প্ৰদানৰো পদক্ষেপ হাতত লৈছে ।

শুক্ৰবাৰে জিলা ভিত্তিক প্ৰশিক্ষণ কাৰ্যসূচীৰো শুভাৰম্ভ কৰে বিভাগীয় মন্ত্ৰী ৰিহণ দৈমাৰীয়ে । প্ৰথম পৰ্যায়ত প্ৰায় ২০০০ যুৱকক প্ৰশিক্ষণ দিয়া হ'ব । প্লাম্বাৰকে ধৰি বিভিন্ন কামৰ প্ৰশিক্ষণ দিয়া হ'ব যুৱকসকলক । আনহাতে, জলজীৱন মিছন আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলৰ লোকসকল উপকৃত হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ৷

লগতে পঢ়ক:বিদ্যুৎ খণ্ড ব্যক্তিগতকৰণৰ বিৰুদ্ধে জোনাইত ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.