ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি... - 5 PM TOP TEN NEWS

5 বজাৰ শীৰ্ষ 10 টা বাতৰি...

5 PM TOP TEN NEWS
5 বজাৰ শীৰ্ষ 10 টা বাতৰি...
author img

By

Published : Oct 31, 2020, 4:47 PM IST

একতা,শান্তি আৰু সংহিতাই ভাৰতক নতুন মাত্ৰা প্ৰদান কৰিবঃ নৰেন্দ্ৰ মোডী

গুজৰাট ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুজৰাটত প্ৰকল্পৰ শুভ উদ্বোধন ৷ বহু কেইখন অনুষ্ঠানত অংশগ্ৰহণ কৰিব মোডীয়ে ৷

বৰপেটাত কংগ্ৰেছৰ উদ্যোগত কিষাণ অধিকাৰ দিৱস উদযাপন

সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰি কংগ্ৰেছ কৰ্মী সকলে কয় যে,বিজেপি চৰকাৰে বলবৎ কৰা কৃষক বিৰোধী আইন তিনিখন কোনো কাৰণতে মানি লোৱা নহ’ব। কেন্দ্রত কংগ্ৰেছ চৰকাৰ আহিলেই কৃষক বিৰোধী আইন কেইখন বাতিল কৰিব বুলি প্ৰকাশ কৰে দলটোৱে।

বিলাসীপাৰাত চোৰাং কাঠ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

বিলাসীপাৰা সীমান্তৱৰ্তী বগৰীবাৰী আৰক্ষীয়ে চোৰাং কাঠ সৰবৰাহকাৰী মিঞাবাবুক গ্ৰেপ্তাৰ কৰে ৷ চোৰাং কাঠ ভৰ্তি বাহন সহ গ্ৰেপ্তাৰ হয় বন মাফিয়া মিঞাবাবু ৷

পানীৰ নামত বৰবিহ বিয়পাইছে কেভিন কোম্পানীয়ে

বিশুদ্ধ খোৱাপানীৰ নামত আপুনি খাইছে কি ? তেনে বিশুদ্ধ বুলি ভবা খোৱাপানীৰ বটলত ওলাইছে বিভিন্ন ধৰণৰ বেক্টেৰীয়া ৷ মহানগৰীৰ Kevin নামৰ এটা কোম্পানীৰ বটলত ওলাইছে এনে ধৰণৰ বেক্টেৰিয়াসমূহ ৷

ইন্দিৰা গান্ধীলৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ

আজি ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকী। ৩৬ সংখ্যক মৃত্যু বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নাতিনী তথা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও শ্ৰদ্ধা নিবেদন কৰে। ১৯৮৪ চনৰ আজিৰ দিনটোতে আকবৰ ৰোডস্থিত তেওঁৰ চৰকাৰী বাসভৱনতে গুলীয়াই হত্যা কৰা হৈছিল ইন্দিৰা গান্ধীক ।

JEE কেলেংকাৰী সন্দৰ্ভত আটক মহিলা

JEE পৰীক্ষাৰ কেলেংকাৰীৰ নতুন মোৰ ৷ এই কাণ্ডত জড়িতৰ সন্দেহত আটক এগৰাকী মহিলা ৷ মহিলাগৰাকী গ্ল’ৱেল ইডুলাইটত কৰ্মৰত কাকলি বুজৰবৰুৱা ৷

IPL 2020: মুম্বাইত উৎখাত IPL জুৱাৰীৰ চক্ৰ

শুকুৰবাৰে মুম্বাই আৰক্ষী আৰু অপৰাধ অনুসন্ধান শাখাই যুটীয়াভাৱে অভিযান চলাই IPL জুৱাৰীৰ এটা চক্ৰক উৎখাত কৰে ৷ মুম্বাইৰ পশ্চিম মুলুণ্ডত জুৱাৰী চক্ৰটোৰ তিনিজনকৈ অপৰাধীক আটক কৰে আৰক্ষীয়ে ৷

সীমান্তত মিজো দুষ্কৃতিকাৰীৰ ভয়ত ঘৰবাৰী এৰি পলাইছে অসমীয়াই

সীমান্তত অব্য়াহত আছে অসম মিজো ভূমি বিবাদ ৷ মিজোৱে বিঘাই বিঘাই দখল কৰিছে অসমৰ ভূমি ৷ প্ৰাণৰ ভয়ত ঘৰবাৰী এৰি নিৰাপদ স্থানলৈ পলাইছে সীমান্তত থকা অসমীয়াই ৷

ব্যৱসায়ী গৌতম কিটছলুৰ সৈতে যুগ্ম জীৱনৰ আৰম্ভণি কাজল আগৰৱালৰ

শুকুৰবাৰে ব্যৱসায়ী গৌতম কিটছলুৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় বলিউড তথা দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱাল ৷ কেৱল পৰিয়াল আৰু বন্ধু-বৰ্গৰ সহিতে বিবাহ কাৰ্যসূচী সম্পন্ন কৰে কাজলে ৷

নলবাৰীত বিজেপিৰ একতাৰ দৌৰ কাৰ্যসূচী ৰূপায়ণ

এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ নিৰ্মাতা ভাৰতৰত্ন লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ আজি 145 সংখ্যক জন্ম জয়ন্তী ৷ লৌহ মানৱ গৰাকীক সুঁৱৰি শনিবাৰে নলবাৰী জিলা বিজেপিৰ উদ্যোগত ৰূপায়ণ কৰা হয় ৰাণ ফৰ ইউনিটি (একতাৰ বাবে দৌৰ) শীৰ্ষক এক কাৰ্যসূচী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.