গুৱাহাটী, ২ মে': গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত পাথৰকোৱাৰীত শনিবাৰে আৰক্ষীয়ে অভিযান চলাই গেছ চিলিণ্ডাৰসহ তিনিজন চোৰ গ্ৰেপ্তাৰ কৰে । ধৃত চোৰ তিনিজন হৈছে হেঙেৰাবাৰীৰ নুৰ হুছেইন,পাথৰকোৱাৰীৰ মৃদুল দাস আৰু নাৰেংগীৰ ওঘুলীৰ অবিনাশ বুংৰোং ।

নাৰেংগী হাইস্কুল আৰু পাথৰকোৱাৰীৰ গেলামালৰ দোকানৰ পৰা শুকুৰবাৰে গেছ চিলিণ্ডাৰকে ধৰি মূল্যৱান সামগ্ৰী লুট কৰি নিয়ে ধৃত চোৰকেইটাই । ঘটনা সন্দৰ্ভত দুয়োটা প্ৰতিষ্ঠানে নুনমাটি থানাত এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে থানাত গোচৰ ৰুজু কৰি শনিবাৰে পাথৰকোৱাৰীত অভিযান চলাই দুটা গেছ চিলিণ্ডাৰসহ তিনিজন চোৰক গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে, নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনি জন চোৰক বিগত ১৫ দিন পূৰ্বে কৰ'ণা ভাইৰাছৰ বাবে কাৰাগাৰৰ পৰা মুক্ত কৰি দিছিল । কিন্তু জেলৰ পৰা মুক্তহৈয়ে পুনৰ চুৰি কাৰ্যত লিপ্ত হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।