গুৱাহাটী, 30 মে’: জালুকবাৰীত দেওবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ অকালতে প্ৰাণ হেৰুৱালে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ গৰাকী ছাত্ৰই ৷ এই সাতগৰাকী ছাত্ৰৰ অকাল বিয়োগত ম্ৰিয়মান পৰিয়ালৰ লগতে ৰাজ্য়বাসী ৷ আনহাতে সংকটজনক অৱস্থাত গুৱাহাটীৰ এপল’ হাস্পতালত চিকিৎসাধীন হৈ আছে তিনিগৰাকী ছাত্ৰ (AEC student accident) ৷
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা ছাত্ৰ কেইগৰাকী হৈছে যোৰহাটৰ অৰ্ণব ভূঞা, মৃন্ময় বৰা আৰু বঙাইগাঁৱৰ অৰ্ণব চক্ৰৱৰ্তী ৷ সম্প্ৰতি আই চি ইউত (ICU) চিকিৎসাধীন হৈ আছে আটাইকেইগৰাকী ছাত্ৰ (Guwahati Apollo hospital) ৷
ইফালে, ডি আই বাহনখনৰ চালকসহ তিনিগৰাকী আৰোহী চিকিৎসাধীন হৈ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ GMCH চিকিৎসাধীন ব্যক্তিকেইগৰাকী ক্ৰমে ইউচুফ আলী, ৰাজীৱ আলী আৰু মোজ্জামিল হক ৷ এই তিনিগৰাকী ব্যক্তিকো ৰখা হৈছে ICU কক্ষত ৷
উল্লেখ্য যে জালুকবাৰীত দেওবাৰে মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ জন ছাত্ৰ থিতাতে নিহত (AEC students killed in road accident) হোৱাৰ লগতে তিনিজন ছাত্ৰ গুৰুতৰভাৱে আহতে হয় ৷ এখন স্ক’ৰপিঅ’ বাহনত আছিল এই 10 গৰাকী ছাত্ৰ ৷ নিশা দ্ৰুতবেগেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে স্ক’ৰপিঅ’ বাহনখনে খুন্দা মাৰে ডিভাইডাৰত ৷ ইয়াৰ পাচতেই খুন্দা মাৰে এখন ৰৈ থকা বলেৰ’ পিক আপ ভেনখনত ৷ ফলত বলেৰ’ পিক আপ ভেনখনত থকা তিনিগৰাকী লোকো গুৰুতৰভাৱে আহত হয় ৷
স্ক’ৰপিঅ’ বাহনখনত থকা নিহত ছাত্ৰকেইগৰাকী হৈছে ডিব্ৰুগড়ৰ ইমন বৰুৱা, মংগলদৈৰ কৌশিক বৰুৱা, শিৱসাগৰৰ কৌশিক মহন, গুৱাহাটীৰ অৰিন্দম ভাৱাল, নুমলীগড়ৰ নিয়ৰ ডেকা, নগাঁৱৰ উপাংশু শৰ্মা আৰু মাজুলীৰ ৰাজকিৰণ ভূঞা । নিহত আটাইকেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ আৰু ৭ নম্বৰ হোষ্টেলৰ আৱাসী আছিল (Ghastly road accident in Guwahati) ।
উল্লেখ্য যে, ছাত্ৰকেইজনে এগৰাকী ব্যক্তিৰ পৰা ভাড়ালৈ লৈছিল স্ক’ৰপিঅ’ বাহনখন ৷ দুৰ্ঘটনাগ্ৰস্ত স্ক’ৰপিঅ’ বাহনখনৰ নম্বৰ AS-01-FK-9605 আৰু বলেৰ পিক আপ ভেনখনৰ নম্বৰ AS-01-GC-8829 ।
লগতে পঢ়ক: AEC students death: ৭ মেধাৱী ছাত্ৰৰ অকাল মৃত্যুৰ বাবে দায়ী কোন ?