ETV Bharat / state

মহানগৰীৰৰ 12 টা স্থানত মুকলি কোভিড 19ৰ বাবে স্বাৱ টেষ্ট কেন্দ্ৰ

ৰাজ্যত কৰ'ণা ভাইৰাছ সংক্ৰমণ অধিক হোৱাৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 50 হাজাৰ লোকৰ স্বাৱ টেষ্ট কৰাৰ কথা ঘোষণা কৰিছিল।

author img

By

Published : Jun 16, 2020, 3:58 PM IST

12 Swab test centre open at Guwahati
মহানগৰীৰৰ 12 টা স্থানত মুকলি কোভিড 19 ৰ বাবে স্বাৱ টেষ্ট কেন্দ্ৰ

গুৱাহাটী, 16 জুন: কোভিড-19 ত আক্ৰান্তৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰৰ পৰা মহানগৰীৰৰ 12 টা স্থানত মুকলি কৰা হৈছে কোভিড 19 ৰ বাবে স্বাৱ টেষ্ট কেন্দ্ৰ ৷ ৰাজ্যত কৰ'ণা ভাইৰাছ সংক্ৰমণ অধিক হোৱাৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 50 হাজাৰ লোকৰ স্বাৱ টেষ্ট কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পাছতে মহানগৰীৰ 12 টা স্থানত স্বাৱ টেষ্টৰ বাবে অনুমতি প্ৰদান কৰিছিল জিলা প্ৰশাসনে ৷ কিন্তু তাৰ পৰিৱৰ্তে জি এম চি এইচ আৰু এম এম চি এইচত মঙলবাৰৰে পৰা জনতাৰ বাবে মুকলি কৰি দিছে এই ব্যৱস্থা ৷

গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ উপ অধীক্ষক আৰ কে তালুকদাৰে জনোৱা অনুসৰি স্বাৱ টেষ্ট কৰিবলৈ অহা সকলক ক্ষীপ্ৰ গতিত কৰা হৈছে টেষ্ট ৷ ইয়াৰ সমান্তৰালকৈ চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা কোভিড ৰোগী আৰু অন্যান্য ৰোগী সকলৰ চিকিৎসা ক্ষিপ্ৰ গতিত চলাই নিছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালে ৷ লগতে সাধাৰণ জনতা কোভিড-19 টেষ্টৰ বাবে ওলাই অহাটো শুভ লক্ষণ বুলি জানিবলৈ দিয়াৰ লগতে সকলোকে সামাজিক দুৰত্ব বজাই ৰাখি,মুখত মাস্ক পৰিধান কৰিবলৈ অনুৰোধ জনাই উপ অধীক্ষক গৰাকীয়ে। আনহাতে পুৱাৰে পৰা মহানগৰীৰ বিভিন্ন স্থানত স্বাৱ টেষ্ট কৰিবৰ বাবে বহু লোকে ভিৰ কৰে। সকলো লোকৰ স্বাৱ টেষ্ট প্ৰক্ৰিয়া সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হৈছে যদিও বিশেষ ভাবে থাৰ্মেল স্কেনাৰত 99 ৰ পৰা 100 হোৱা লোকৰ স্বাব টেষ্টৰ বাবে অনুমতি প্ৰদান কৰিছে চিকিৎসকে।

লগতে পঢ়কঃ ২৪ ঘণ্টাৰ ভিতৰত দিল্লীৰ সকলো কোভিড-১৯ হাস্পতালত চিচি কেমেৰা সংস্থাপনৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.