ETV Bharat / state

জলসম্পদ মন্ত্ৰীৰ গুপুতে ভোগদৈ নৈৰ চিঙা অংশ পৰিদৰ্শন

এটা পষেকৰ শেষত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক খবৰ নিদিয়াকৈ ভোগদৈ নৈৰ চিঙা অংশ পৰিদৰ্শন কৰিবলৈ যোৱা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে ৷

জলসম্পদ মন্ত্ৰীৰ ভোগদৈ নৈৰ চিঙা অংশ পৰিদৰ্শন
author img

By

Published : Jun 5, 2019, 11:35 AM IST

যোৰহাট, 05 জুন : বুধবাৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই যোৰহাটস্থিত ভোগদৈ নৈৰ চিঙা অংশ পৰিদৰ্শন কৰে ৷ কিন্তু এটা পষেকৰ শেষত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক খবৰ নিদিয়াকৈ ভোগদৈ নৈৰ চিঙা অংশ পৰিদৰ্শন কৰিবলৈ যোৱা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে ৷

জলসম্পদ মন্ত্ৰীৰ ভোগদৈ নৈৰ চিঙা অংশ পৰিদৰ্শন

ভোগদৈ মাথাউৰী পুনৰ সৱলীকৰণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ ইপিনে প্ৰত্যেক বছৰে মাথাউৰিৰ নামত জলসম্পদ বিভাগৰ ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰা অভিযোগও উত্থাপিত হৈ আহিছে ৷ আজি পুৱা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ভোগদৈ নৈ পৰিদৰ্শন কৰাৰ সময়ত দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীয়ে তেওঁক সংগ দিয়ে ৷ উল্লেখ্য যে 22 মে তাৰিখে ভোগদৈ নৈৰ বাঢ়নী পানীয়ে দুটা ঠাইত মাথাউৰি চিঙি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ৷ 13 খনতকৈ অধিক গাৱঁৰ প্ৰায় 14 হাজাৰ লোক বানত ক্ষতিগ্ৰস্ত হৈছিল ৷ শৈলমৰা মাথাউৰী আৰু মোলৌখাত অঞ্চলত প্ৰায় 100 মিটাৰ দৈৰ্ঘৰ মাথাউৰী চিঙি নিছিল নৈ খনৰ বাঢ়নী পানীয়ে ৷ সেয়ে শৌলমৰাৰ চিঙা অঞ্চলত বাহৰ দলঙৰ নামত দুৰ্নীতি,মালৌখাত অঞ্চলৰ বাঁহৰ বুৰুজ দিয়াৰ নামত দুৰ্নীতি ধৰাৰ পৰাৰ বাবে সংবাদ মাধ্যমক খবৰ নিদিয়াকৈ বিভাগীয় মন্ত্ৰী গৰকীয়ে নৈৰ চিঙা অংশ পৰিদৰ্শন কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

জলসম্পদ মন্ত্ৰৰ ভোগদৈ চিঙা অংশ পৰিদৰ্শন।।

এটা পষেকৰ শেষত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰিবলৈ সময় পালে।কিন্তু সংবাদ মাধ্যমক খৱৰ নিদিয়াকৈ পৰিদৰ্শন কৰা ঘটনাই ৰহস্য সৃষ্টি কৰিছে।যিহেতু জলসম্পদ বিভাগৰ দুৰ্নীতি ধৰা পৰাৰ ভয়তেই এইদৰে গুপুতে পৰিদৰ্শন কৰে।ভোগদৈ মাথাউৰী পুনৰ সৱলিকৰণ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা পৰিলক্ষিত হৈছে।যাৰ বাবে প্ৰতেক বছৰে মাথাউৰি নামত জলসম্পদ বিভাগৰ ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰি আহিছে।আজি পূৱাৰ ভাগতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ই পৰিদৰ্শন কৰাৰ সময়ত দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী সংগ দিয়ে।২২ মে তাৰিখৰ দিনা ভোগদৈ নদীৰ বাঢ়নী পানীয়ে দুটা ঠাইত মাথাউৰী চিঙি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল।১৩ খনতকৈ অধিক গাৱৰ প্ৰায় ১৪ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছিল।শৈলমৰা মাথাউৰী আৰু মোলৌখাত অঞ্চলত প্ৰায় ১০০ মিটাৰ দৈৰ্ঘ্যৰ মাথাউৰী চিঙি নিছিল।শৌলমৰাৰ চিঙা অঞ্চলত বাহৰ দলংৰ নামত দুৰ্নীতি, মালৌখাত অঞ্চলৰ বাহৰ বুৰুজ দিয়াৰ নামত দুৰ্নীতি ধৰাৰ পৰাৰ বাবেই সংবাদ মাধ্যমক খৱৰ নিদিয়াকৈ বিভাগীয় মন্ত্ৰী গৰকীক পৰিদৰ্শন কৰাই।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.