ETV Bharat / state

উজনি অসমত বন্ধ চাহ ফেক্টৰি ! - ক্ষুদ্ৰ চাহ খেতিয়ক

চাহ ফেক্টৰিত পৰ্যাপ্ত গেছ যোগান ধৰাত অসম গেছ কোম্পানী ব্যৰ্থ হোৱাত ফেক্টৰি সমূহ বন্ধ হোৱাৰ উপক্ৰম হৈছে ।এনে অৱস্থাত চাহ ফেক্টৰি সমূহে কেঁচা চাহপাত ক্ৰয় কৰাও বন্ধ কৰি দিছে ৷ যাৰ বাবে পুনৰ এক বৃহৎ লোকচানৰ সন্মুখীন হ'ব লগা হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল ৷

Tea factory closed in Upper Assam
উজনি অসমত বন্ধ চাহ ফেক্টৰি !
author img

By

Published : May 28, 2020, 1:13 PM IST

টীয়ক,28মে': ইটোৰ পিছতে আনটো সংকটৰ সন্মুখীন হ'ব লগা হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ লগতে চাহ ফেক্টৰি সমূহ ৷ লক ডাউনৰ ফলত ইতিমধ্যে চাহ উদ্যোগটো জুৰুলা হৈ থকাৰ সময়তে গেছৰ অভাৱত বন্ধ হৈ পৰিছে উজনিৰ বহু চাহ ফেক্টৰিসমূহ৷ জানিব পৰা মতে, অসম গেছ কোম্পানীয়ে যোগান ধৰা গেছেৰে যি সমূহ চাহ ফেক্টৰি চলে সেই সমূহ চাহ ফেক্টৰিত পৰ্যাপ্ত গেছ যোগান ধৰাত অসম গেছ কোম্পানী ব্যৰ্থ হোৱাত ফেক্টৰি সমূহ বন্ধ হোৱাৰ উপক্ৰম হৈছে ।এনে অৱস্থাত চাহ ফেক্টৰি সমূহে কেঁচা চাহপাত ক্ৰয় কৰাও বন্ধ কৰি দিছে ৷ যাৰ বাবে পুনৰ এক বৃহৎ লোকচানৰ সন্মুখীন হ'ব লগা হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল ৷ইপিনে এই সন্দৰ্ভত টীয়কস্থিত শ্যাম টিৰ স্বত্বাধিকাৰ কমল জালানে মন্তব্য প্ৰকাশ কৰি কয় য়ে, বৰ্তমানেও তেওঁলোক নিশ্চিত নহয় যে ফেক্টৰি সমূহৰ কাম আকৌ কেতিয়া আৰম্ভ হ'ব৷ ফেক্টৰি বন্ধ হৈ থকাৰ বাবে হাজাৰ হাজাৰ কেঁচা চাহপাত নষ্ট হৈছে ৷ এতিয়া ফেক্টৰি বন্ধ হৈ থকাৰ ফলত কৰ্মচাৰীক দৰমহা, বিদ্যুৎৰ বিল আদি দিবলৈও যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি ব্যক্ত কৰে স্বত্বাধিকাৰ গৰাকীয়ে ৷

উজনি অসমত বন্ধ চাহ ফেক্টৰি !

লগতে পঢ়কঃউজনি অসমত বন্ধ চাহ ফেক্টৰি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.