ETV Bharat / state

মৰিয়নীৰ ৰাইজক পাঁচটাকৈ প্ৰতিশ্ৰুতি প্ৰদান ৰাহুল গান্ধীৰ - ৰূপজ্যোতি কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৷ মৰিয়নীৰ ৰাইজক পাঁচটা প্ৰতিশ্ৰুতি দিলে ৰাহুল গান্ধীয়ে ৷ চাহ শ্ৰমিকক 365 টকা দৈনিক মজুৰি প্ৰদানৰ উপৰিও অসমীয়া ভাষা-সংস্কৃতি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি গান্ধীৰ ৷

rahul gandhi campaigns for rupjyoti kurmi at mariani
মৰিয়নীৰ ৰাইজক পাঁচটা প্ৰতিশ্ৰুতি দি ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Mar 20, 2021, 4:53 PM IST

যোৰহাট,20 মাৰ্চ: মৰিয়নীৰ ৰাইজক পাঁচটা বিশেষ প্ৰতিশ্ৰুতি পালনৰ আশ্বাস দি শনিবাৰে ৰূপজ্যোতি কুৰ্মীৰ হৈ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলায় ৷ অসম বিধানসভা নিৰ্বাচনৰ বাবে মৰিয়নী সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাই গান্ধীয়ে কয় যে, কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে 'কা' (নাগৰিকত্ব সংশোধনী আইন) বাতিল কৰাৰ লগতে চাহ শ্ৰমিকৰ বাবে দৈনিক পাৰিশ্ৰমিক 365 টকা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷

প্ৰায় দহ সহস্ৰাধিক জনতাৰ উপস্থিতিত গান্ধীয়ে ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰচাৰ চলাই গান্ধীয়ে বিজেপিয়ে এটা এটাকৈ ৰাজহুৱা সম্পত্তি পুঁজিপতিৰ হাতত গতাই দিছে বুলি অভিযোগ কৰে ৷ বিজেপি আৰু আৰএছএছ-এ অসমীয়া ভাষা-সংস্কৃতিৰ ওপৰত আক্ৰমণ কৰা বুলি অভিযোগ কৰি গান্ধীয়ে কংগ্ৰেছৰ ফালৰ পৰা ভাষা -সংস্কৃতি ৰক্ষা কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

মৰিয়নীৰ ৰাইজক পাঁচটা প্ৰতিশ্ৰুতি দিলে ৰাহুল গান্ধীয়ে

সভাত সমবেত ৰাইজক উদ্দেশ্যি মৰিয়নী সমষ্টিৰ বিধায়ক তথা প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে যিকোনো পৰিস্থিতিতে সমষ্টিবাসী ৰাইজে তেওঁক কাষত পাই আৰু পাব বুলি মন্তব্য কৰে ৷ মৰিয়নীৰ বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত কংগ্ৰেছৰ এই জন সভাত সাংসদ প্ৰদ্যুৎ বৰদলৈ, অসমৰ নিৰ্বাচন প্ৰভাৰী জীতেন্দ্ৰ সিং সহ বহু কংগ্ৰেছী নেতা-কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক: ৰণজিৎ দাস পলৰীয়া মানুহ: আব্দুল খালেক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.