যোৰহাট, 2 জানুৱাৰী: যোৰহাটৰ 38 গাঁও গোলাঘাটত চামিল(Amalgamation of Jorhat village) কৰাৰ সিদ্ধান্তক লৈ গাঁওকেইখনৰ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পিছতে ৰাইজৰ ঘটিছে ক্ষোভৰ বৰ্হিপ্ৰকাশ ৷ কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজে অনুষ্ঠিত কৰিলে প্ৰতিবাদী সভা ৷ প্ৰতিবাদী ৰাইজে দিলে ভোট বৰ্জনৰ হুংকাৰ ৷
উল্লেখ্য যে, কেবিনেটৰ এই গাঁও চামিলকৰণৰ সিদ্ধান্তক একনায়কত্ববাদৰ অংশ বুলি মন্তব্য বিভিন্নজনৰ । দশক দশক ধৰি অসুবিধা নোহোৱাকৈ যোৰহাটৰ লগত চামিল হৈ থকা এই গাঁও আৰু অঞ্চলসমূহ গোলাঘাটৰ লগত চামিল কৰা সিদ্ধান্তৰ বিষয়ে স্থানীয় জনপ্ৰতিনিধিয়ে গম নোপোৱাটো এক ৰহস্যজনক কথা বুলি উল্লেখ প্ৰতিবাদী ৰাইজৰ (Village amalgamation with Golaghat) ।
যোৰহাটৰ মধ্য গৰুমৰা ৰংগমঞ্চত আয়োজিত প্ৰতিবাদী সভাত চৰকাৰে ৰাইজৰ কোনো মতামত গ্ৰহণ নকৰালৈ গ্ৰহণ কৰা এই সিদ্ধন্ত কোনো কাৰণত মানি লোৱা নহ’ব বুলি সকিয়াই দিয়ে প্ৰতিবাদী ৰাইজে (Protest against Assam Cabinet Decision) ৷ কেৱল মাত্ৰ এখন জাননী প্ৰেৰণ কৰিয়েই উত্তৰ-পশ্চিম যোৰহাটৰ গাঁও অঞ্চলৰ লোকক তেওঁলোকৰ প্ৰশাসনিক, শৈক্ষিক আদি সকলো কাম-কাজ গোলাঘাটৰ সংশ্লিষ্ট বিভাগত সম্পন্ন হ'ব বুলি জাৰি কৰা নিৰ্দেশক লৈ ৰাইজ হতবাক আৰু ক্ষোভিত হৈ পৰিছে ।
বৃহৎ অঞ্চলটোৰ ৪০, ৪১ আৰু ৪৭ নং গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁও-অঞ্চলসমূহৰ কাম-কাজ গোলাঘাট জিলাতহে হ'ব বুলি জানিব পাৰি নৱবৰ্ষৰ দ্বিতীয় দিনটোতে ৰাইজ ক্ষুব্ধ হৈ পৰাৰ লগতে এই সিদ্ধান্ত বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন,আইনী ব্যৱস্থা আশ্ৰয় লোৱা হ'ব বুলি সোমাবাৰে অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত মত প্ৰকাশ কৰে অঞ্চটোৰ ৰাইজে ৷ লগতে চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত বাতিল নকৰিলে ভোট বৰ্জন কৰাৰো হুংকাৰ অঞ্চলবাসীৰ ৷
ৰাজ্য চৰকাৰৰ নিৰ্দেশনা পত্ৰ জৰিয়তে (Notice for village amalgamation) যোৰহাটৰ এই গাঁও অঞ্চলসমূহৰ যাতায়াত-আইন শৃংখলা, প্ৰশাসনিক কাম-কাজ আদি সুচাৰুৰূপে চলাবৰ বাবে গোলাঘাট জিলাৰ লগত চামিল কৰা হৈছে । কিন্তু হাস্যকৰ কথা এয়ে যে, যোৰহাটৰ উক্ত অঞ্চলসমূহৰ পৰা যাৱতীয় সকলো কাম-কাজৰ লগতে বিভাগীয় কামৰ বাবে বিভিন্ন বিভাগীয় কাৰ্যালয়লৈ দূৰত্ব মাত্ৰ ১৫-২০ কিলোমিটাৰ । কিন্তু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পিচত এতিয়া গোলাঘাটত এই কাম-কাজসমূহৰ বাবে ৰাইজে যাব লাগিব ৬০ কিলোমিটাৰ দূৰত্বলৈ ।
চৰকাৰৰ এই সিদ্ধান্তৰ আঁৰত এক ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থ জড়িত আছে বুলি সৰ্বত্ৰ চৰ্চা হৈছে । উল্লেখ্য যে, ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি যোৰহাটৰ উত্তৰ ঠেঙাল খণ্ডিয়া গাঁও পঞ্চায়তৰ চকলাটিং গ্ৰাম, চাংচোৱা, চকলানি হাবি নং ১, চকলানি হাবি নং ২, মধ্য ঠেঙাল, ১ নং মহবন্ধা, ২ নং মহবন্ধা, ১ নং ভালুকমৰা, ২ নং ভালুকমৰা, মধ্য পৰ্বতীয়া গাঁও পঞ্চায়তৰ ৰৌমাৰী খুটি, গুৱাল গাঁও, ৰঙাগড় চাপৰি, ওপৰৰ গৰুমৰা, গৰুমৰা কৈৱৰ্ত, গৰিয়া চাপৰি, নাম গৰুমৰা, মধ্য গৰুমৰা, দৰিকামাৰী গাঁও, গেন্ধেলী, ভোজখাতী, ধেমাজি গাঁও, গুৱাল গাঁও, তিতাবৰ বেকাজানৰ কেবাখনো গাঁৱক গোলাঘাট জিলাত চামিল কৰা হৈছে ।
লগতে পঢ়ক: Protest in Morigaon; তিৱাৰ দাবী পূৰণ নহ’লে জ্বলিব মধ্য অসম; তিৱা সংগঠনৰ হুংকাৰ