ETV Bharat / state

Titabar SDC Hospital: তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ

author img

By

Published : Jun 1, 2023, 6:06 PM IST

উৎকট গৰমত তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ ৷ বিদ্যুৎ সেৱাৰ অভাৱত অভাৱনীয় পৰিস্থিৰ সন্মুখীন হ’বলগীয়া হৈছে চিকিৎসালয়খনৰ ৰোগী আৰু ৰোগীৰ অভিভাৱক (Patients scramble at Titabar SDC Hospital) ৷

Patients scramble at Titabar SDC Hospital
উৎকট গৰমত থাকিব লগা হৈছে ৰোগীয়ে
তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ

যোৰহাট, 1 জুন: তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত অনিয়মৰ অভিযোগ ৷ উৎকট গৰমত তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতি ৷ ব্যৱস্থা থকাৰ পাচতো চিকিৎসালয়খনত নাই বিদ্যুৎ সেৱা (Patients scramble at Titabar SDC Hospital) ৷

তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত উৎকট গৰমত থাকিব লগা হৈছে ৰোগীয়ে ৷ নামত হে চলিছে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয় ৷ চিকিৎসালয়খনত ৰোগীৰ বাবে নূন্যতম সা-সুবিধাৰ অভাৱ ৷ বিদ্যুৎ সেৱাৰ অভাৱত অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে চিকিৎসালয়খনৰ ৰোগী আৰু ৰোগীৰ অভিভাৱক ৷ চকুৰ অস্ত্ৰোপচাৰ কৰি ৰখা ৰোগীৰ কোঠাত লাইট ,ফেন আছে যদিও উপযুক্ত বিদ্যুৎ যোগানৰ অভাৱত ঘণ্টা ঘণ্টা ধৰি উৎকট গৰমত চটফটাই থাকিব লগীয়া হৈছে ৰোগী (Titabar SDC Hospital) ৷

যোৰহাট জিলাত ৰাজ্যৰ ভিতৰতে দ্বিতীয় সৰ্বোচ্চ হাৰত তাপমাত্ৰা বৃদ্ধি পাইছে ৷ তিতাবৰ অসমাৰিক চিকিৎসালয় খনত জেনেৰেটৰ ব্যৱস্থা আছে যদিও চকুৰ অস্ত্ৰোপচাৰ কৰি ৰখা ৰোগীৰ কোঠাত আজিকোপতি সংযোগ কৰা হোৱা নাই জেনেৰেটৰ ৷ যাৰ ফলত চিকিৎসালয়খনত বিদ্যুত সেৱা বিচ্ছিন্ন হলে চিকিৎসালয় খনৰ কক্ষত থাকিব নোৱাৰা অৱস্থা সৃষ্টি হয় ৰোগী আৰু অভিভাৱক ৷ ফলত ৰোগীসকলে এক অভাৱনীয় পৰিস্থিত দিন কটাবলৈ বাধ্য হৈছে চিকিৎসালয়খনত (No Electricity) ৷

গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি বিচনী মাৰি মাৰি ৰোগীক ৰাখিব লগীয়া হৈছে আত্মীয়ই ৷ বিদ্যুৎৰ লুকাভাকু আৰু ঘণ্টা ঘণ্টা জুৰি ব্যাহত থকা বিদ্যুৎ যোগান ব্যৱস্থাক লৈ ক্ষোভ ৰোগীৰ লগতে আত্মীয়ৰ ৷ উল্লেখ্য যে তিতাবৰ বাসীৰ লগতে কাষৰীয়া নাগালেণ্ডবাসীৰ আশা-ভৰষাৰ স্থল তিতাবৰ মহকুমা আসমৰিক চিকিৎসালয় ৷ কিন্ত চিকিৎসালয়খনৰ এই দুৰৱস্থাই সাধাৰণ ৰাইজৰ মাজত প্ৰশ্নৰ সৃষ্টি কৰিছে ৷ আনহাতে তিতাবৰ অসামৰিক চিকিৎসালয়ত ৰোগী তথা অভিভাৱকৰ সমস্যা সমূহ শীঘ্ৰেই সমাধান কৰাৰ দাবী জনাইছে সচেতন ৰাইজে (No Electricity in Titabar SDC Hospital) ৷

লগতে পঢ়ক: Recognition of medical college:বৰপেটা মেডিকেল কলেজৰ স্বীকৃতি বাতিলক লৈ চাঞ্চল্য

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.