টীয়ক, 8 জুন : যিকোনো দুৰ্ঘটনা বা বিপদৰ সময়ত তৎক্ষণাত হাস্পতাললৈ ৰোগী কঢ়িয়াবৰ বাবে বিদ্যমান এটি সেৱা হৈছে এম্বুলেঞ্চ সেৱা ৷ যিকোনো মূহুৰ্ততে ৰোগীক সহায় কৰিবলৈ থাকে এই এম্বুলেঞ্চ সমূহ ৷ কিন্তু যেতিয়া সময় এম্বুলেঞ্চ বিচাৰি পোৱা নাযায়, তেতিয়া উপায়হীন হৈ পৰিব লাগে আমি ৷ বিভিন্নজনে ঠেলা, চাইকেল, গৰুগাড়ী আনকি দাঙকোলা কৰিও হাস্পতদাললৈ ৰোগী কঢ়িওৱা দেখা যায় ৷
টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত হাটখোলাত সংঘটিত হৈছে তেনে এক ঘটনা ৷ এম্বুলেঞ্চক বাৰে বাৰে ফোন কৰিও সঁহাৰি নোপোৱাত ঠেলাৰে চিকিৎসালয়লৈ অনা হয় এজন লোকক ৷ প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে সন্ধিয়া প্ৰায় ৮.৩০ বজাত সংঘটিত হোৱা এক কাজিয়া সূত্ৰে পেত নামৰ লোকজনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে বিনন্দ পাও নামৰ এজন লোকক ৷ গুৰুতৰভাৱে আহত হোৱা লোকজনক চিকিৎসালয়লৈ নিবলৈ 108 এম্বুলেঞ্চৰ সৈতে যোগাযোগ কৰা হয় যদিও কোনো সঁহাৰি নোপোৱাত ঠেলাৰে টীয়কৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অনা হয় ৷ দীৰ্ঘ সময় চেষ্টা কৰিও এম্বুলেঞ্চৰ পৰা কোনো সঁহাৰি নোপোৱাত আৰু মুমুৰ্ষ অৱস্থাত ব্যক্তিজনক ঠেলাৰে চিকিৎসালয়লৈ আনিব লগা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।
লগতে পঢ়ক : সোমবাৰৰ দিনটোত অসমত চিনাক্ত 154 গৰাকী ক'ভিড-19 আক্ৰান্ত