ETV Bharat / state

কোনে ৰচিছিল ভুৱা অপহৰণৰ ব্লু প্ৰিন্ট ! - crime

শুকুৰবাৰে যোৰহাট ৰৰৈয়া বিমানবন্দৰ সঞ্চালকৰ বিৰুদ্ধে অঞ্চলজুৰি বিভিন্ন দল-সংগঠনৰ ব্যাপক প্ৰতিবাদ

কোনে ৰচিছিল ভুৱা অপহৰণৰ ব্লু প্ৰিন্ট !
author img

By

Published : Jun 14, 2019, 9:04 PM IST

যোৰহাট,১৪ জুনঃ যোৰহাট বিমান বন্দৰত কৰ্মৰত চুপাৰ ভাইজাৰৰ অপহৰণ কাণ্ডই লৈছে নতুন মোৰ ৷ বিমানবন্দৰৰ সঞ্চালক কৃষন কুমাৰৰ বিৰুদ্ধে মানহানিৰ লগতে পৰিকল্পিত ষড়যন্ত্ৰৰ অভিযোগ উত্থাপিত কৰিছে ৰঞ্জীতা বৰা নামৰ মহিলা গৰাকীয়ে । লগতে যোৰহাট ৰৰৈয়া বিমানবন্দৰ সঞ্চালক কৃষন কুমাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদমুখী হৈ উঠিছে যোৰহাটবাসী ৰাইজ। অভিযোগ অনুসৰি,যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰৰ ঠিকাৰ ধনৰ বাবেই অসমীয়া বিৰোধী বিষয়া তথা সঞ্চালক কৃষন কুমাৰে পৰিকল্পিত ভাৱে মহম্মদ ডানিছ নামৰ লোকজনক অপহৰণৰ নাটক ৰচনা কৰিছিল ৷ উল্লেখযোগ্য যে মহম্মদ ডানিছ নামৰ লোকজনে নিজকে অপহৰণ কৰাৰ নাটক কৰি ফোন যোগে জনাই মহম্মদ ইব্ৰাহীমক । এই ঘটনা জানিব পাৰি যোৰহাট আৰক্ষীয়ে তৎকালীন ভাৱে তদন্ত কৰে ৷ প্ৰথম অৱস্থাত ৰৰৈয়া বিমানবন্দৰৰ সঞ্চালক কৃষন কুমাৰে এই অপহৰণত স্থানীয় ঠিকাদাৰ পোনা গগৈ আৰু পিংকু গগৈ জড়িত থকাৰ কথা ব্যক্ত কৰিছিল।

কোনে ৰচিছিল ভুৱা অপহৰণৰ ব্লু প্ৰিন্ট !

সেই দিনাই ৰৰৈয়া আৰক্ষীয়ে নিশা ভাগতে দুয়োকে সোধ-পোচ কৰে ৷ ইফালে অপহৰণৰ নাটক কৰা যুৱক ডিনিছে অহৰহ নিজৰ মালিক তথা মহম্মদ ইব্ৰাহীমৰ সৈতে ফোন যোগেদি সম্পৰ্ক যোগাযোগ ৰক্ষাত আৰক্ষীৰ সন্দেহ হৈ ডানিছৰ সন্ধানত নামি পৰে ।অৱশেষত ফোন ট্ৰেপিঙত গোলাঘাট জিলাৰ ফৰকাটিং ৰে'ল ষ্টেচন পৰা ডিমাপুৰ দিশে যাত্ৰা কৰোতে ডানিছক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আনহাতে ৰঞ্জীতা বৰা নামৰ মহিলা গৰাকীয়ে নিজৰ স্বামী আৰু পুত্ৰৰ ওপৰত ভুৱা অপহৰণৰ নাটক ৰচনা কৰি জনমানসত হেয় প্ৰতিপন্ন কৰিব বিচৰা তিনিওগৰাকী ব্যক্তিৰ বিৰুদ্ধে যোৰহাট সদৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল ৷ ইতিমধ্যে আৰক্ষীয়ে এজাহাৰ ভিত্তিত ১৩৫১/১৯/IPC:120B/203/403/430/153(section A)ত মহম্মদ ডানিছক গ্ৰেপ্তাৰ কৰিছিল আৰু ইতিমধ্যে ডানিছ যোৰহাট আৰক্ষীৰ জিম্মাত ।

আনহাতেদি বিমানবন্দৰৰ সঞ্চালক আৰু ঠিকাদাৰ মহম্মদ ইব্ৰাহীমো অতিশ্ৰীঘে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছিল যদিও বিগত ২ জুনৰ পৰা আৰক্ষীয়ে ঘটনা সম্পৰ্কত নীৰৱ ভূমিকা গ্ৰহণ কৰাৰ পৰিপেক্ষিতত শুকুৰবাৰে বৃহত্তৰ অঞ্চলৰ ৰাইজে যোৰহাট ৰৰৈয়া বিমান বন্দৰৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত এঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

যোৰহাট ৰৰৈয়া বিমানবন্দৰ সঞ্চালকৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ।।সঞ্চালক কৃষান কুমাৰক গ্ৰেপ্তাৰৰ দাবীত স্থানীয় ৰাইজৰ এই প্ৰতিবাদী কাৰ্যসূচী।।

২ জুনৰ অপহৰনৰ ঘটনাৰ নতুন ৰূপ লৈছিল।যোৰহাট বিমান বন্দৰত কাম কৰা চুপাৰ ভাইজাৰক মৰিয়নিৰ পৰা অপহৰন কৰা ঘটনাই লৈছিল ইউ ট্ৰান।ৰৰৈয়া বিমান বন্দৰৰ ডাইৰেক্টৰৰ বিৰুদ্ধে ৰৰৈয়া আৰক্ষী চকীত দাখিল কৰা হৈছিল এজাহাৰ।

ডাইৰেক্টৰ কৃষন কুমাৰৰ বিৰুদ্ধে মানহানিৰ লগতে পৰিকল্পিত ষড়যন্ত্ৰৰ অভিযোগ উত্থাপিত কৰি ৰঞ্জীতা বৰা নামৰ মহিলা গৰাকীয়ে।

উল্লেখযোগ্য যে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰৰ ঠিকাৰ ধনৰ বাবেই অসমীয়া বিৰুধী বিষয়া তথা ডাইৰেক্টৰ কৃষন কুমাৰে পৰিকল্পিত ভাৱে মহম্মদ ডানিছ ক অপহৰনৰ নাটক ৰচনা কৰিছিল।

বিমান বন্দৰৰ বিভিন্ন সময়ত টিংকু গগৈয়ে লাভ কৰি আহিছিল।
বিগত সময়চোৱাত ৰৰৈয়া বিমানবন্দৰ ডাইৰেক্টৰ গৰাকীৰ লগত মনো-মালিন্ন হোৱাত পূৰ্বৰ সম্পৰ্কত ফাট মেলে।যাৰ ফলত কৃষন কুমাৰ নামৰ বিষয়া জনে এখন পৰিকল্পীত ভূৱা অপহৰন নাটক ৰচনা কৰিছিল।
এই ক্ষেত্ৰত সহায় কৰিছিল "আজাহ ৰুলিং ছাটাৰ এন্ড কন্টাকসন্স"নামৰ সুদূৰ ৰাজস্থানৰ মহম্মদ ইব্ৰাহীমৰ নামৰ লোক জনৰ লগতে উপ-ঠিকা হিচাপে লোৱা মহম্মদ ডানিছে।
উল্লেখযোগ্য যে মহম্মদ ডানিছে নিজকে অপহৰণ কৰাৰ নাটক কৰি ফোন যোগেদি জনাই মহম্মদ ইব্ৰাহীমক।এই ঘটনা জানিব পাৰি যোৰহাট আৰক্ষীয়ে তৎকালীন ভাৱে তদন্তত লাগি পৰিছিল

।আৰক্ষীক ৰৰৈয়া বিমানবন্দৰ ডাইৰেক্টৰ কৃষন কুমাৰে জনাই যে এই অপহৰনত স্হানীয় ঠিকাদাৰ পোনা গগৈ আৰু পিংকু গগৈ জড়িয়তে থকাৰ সন্দেহ প্ৰকাশ কৰিছিল।

সেই দিনাই ৰৰৈয়া আৰক্ষীয়ে নিশা ভাগতে শোধ-পোছৰ বাবে দূয়োকে ৰৰৈয়া আৰক্ষী চকীত জেৰা কৰাৰ লগতে ঘটনাৰ সম্পৰ্কীয় তথ্য যোগোতায়ছিল।
আনহাতে অপৰহৰন নাটক কৰা যূৱক ডিনিছে অৰহৰ নিজৰ মালিক তথা মহম্মদ ইব্ৰাহীমৰ সৈতে ফুন যোগেদি সম্পৰ্ক যোগাযোগ ৰক্ষাত আৰক্ষীৰ সন্দেহ হৈ ডানিছ ৰ সন্ধানত নামি পৰিছিল।
ফন ট্ৰেপ কৰি অৱশেষত গোলাঘাট জিলাৰ ফৰকাটিং ৰেল ষ্টেচন পৰা ডিমাপুৰ দিশে যাত্ৰা কৰোঁতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে।ইতিমধ্যে এই ঘটনা যে এখন ভূৱা অপহৰনৰ নাটক আছিল আৰক্ষীৰ তদন্ত উলাই পৰিল।
ভুৱা অপহৰন নাটক কৰি নিৰ্দুক্ষী লোকক হাৰাশাস্তি কৰা অভিযোগত ৰৰৈয়া আৰক্ষী চকীয়ে এজাহাৰ দাখিল কৰিছে।১৩৫২/১৯ /IPC:120B/203/420/153(section-A)গোচৰত গোচৰ ৰুজু কলিছে।আনহাতে ৰঞ্জীতা বৰা নামৰ মহিলা গৰাকীয়ে নিজৰ স্বামী আৰু পুত্ৰৰ ওপৰত ভূৱা অপহৰনৰ নাটক ৰচনা কৰি জনমানসত হেই প্ৰতিপন্ন কৰিব বিছৰা তিনিও গৰাকী ব্যক্তিৰ ওপৰত যোৰহাট সদৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল।

ইতিমধ্যে আৰক্ষীয়ে এজাহাৰ ভিক্তিত ১৩৫১/১৯/IPC:120B/203/403/430/153(section A)ত মহম্মদ ডানিছ গ্ৰেপ্তাৰ কৰিছিল আৰু ইতিমধ্যে ডানিছ যোৰহাট কাৰাগাৰৰ আলহী হৈ আছে।

আনহাতেদি বিমানবন্দৰ ডাইৰেক্টৰ আৰু ঠিকাদাৰ মহম্মদ ইব্ৰাহীম ও অতিশ্ৰীঘে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছিল যদিও বিগত ২ জুনৰ পৰা আৰক্ষীয়ে ঘটনা সম্পৰ্কত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰাৰ পৰিপেক্ষিতত আজি বৃহত্তৰ অঞ্চলৰ ৰাইজে যোৰহাট ৰৰৈয়া বিমান বন্দৰৰ প্ৰৱেশ দ্বাৱাৰ সন্মুখত এঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।প্ৰায় দুই শতাধিক পুৰুষ মহিলা কৰা প্ৰতিবাদৰ অন্তত যোৰহাট জিলা প্ৰশাসনৰ দন্ডাধীশ উপস্থিত হৈ বিমানবন্দৰ সঞ্চালক কৃষন কুমাৰ আৰু অনা অসমীয়া ঠিকদাৰৰ বিৰুদ্ধে বিহীত বেৱস্হাৰ লোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতহে পৰিস্থিতিৰ সাম কাটে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.