ETV Bharat / state

যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত CAA বিৰোধী প্ৰতিবাদ - অসম ছাত্ৰ সন্থা,সচেতন নাগৰিক মহল,বঙালী সমাজ,মাৰোৱাৰী সমাজ

যোৰহাটত চি এ এ বিৰোধী প্ৰতিবাদ অব্যাহত আছে ৷ শনিবাৰে যোৰহাট ষ্টেডিয়ামৰ সমীপত অনুষ্ঠিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ সমাৱেশ ৷ লগতে সদৌ অসম ছাত্ৰ সন্থা,সচেতন নাগৰিক মহল,বঙালী সমাজ,মাৰোৱাৰী সমাজেও এই সমাৱেশত অংশগ্ৰহণ কৰে ৷

অব্যাহত চি এ এ বিৰোধী প্ৰতিবাদ
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ সমাৱেশ
author img

By

Published : Dec 28, 2019, 5:16 PM IST

যোৰহাট,28 ডিচেম্বৰঃ দহ সহস্ৰাধিক লোকৰ প্ৰতিবাদত উত্তাল হ'ল যোৰহাটৰ ৰাজপথ । ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক আওকাণ কৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ চৰকাৰে CAA বিৰোধী প্ৰতিবাদক গুৰুত্ব নিদিলেও ৰাজ্যবাসীয়ে মাৰ বান্ধি থিয় দিছে ইয়াৰ বিৰুদ্ধে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ সমাৱেশ

শনিবাৰে যোৰহাট ষ্টেডিয়ামৰ সমীপত অনুষ্ঠিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ সমাৱেশ ৷ লগতে সদৌ অসম ছাত্ৰ সন্থা, সচেতন নাগৰিক মহল, বঙালী সমাজ, মাৰোৱাৰী সমাজেও এই সমাৱেশত অংশগ্ৰহণ কৰে ৷ সমাৱেশখনিত উপস্থিত থাকে কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমা আৰু সভাপতি ৰাণা প্ৰতাপ বৰুৱা ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমীয়া জাতিৰ মাজত বিভ্ৰান্তি সৃষ্টিৰ দ্বাৰা এই আন্দোলন নিঃশেষ কৰিব বিচাৰিছে বুলি বক্তব্য আগবঢ়ায় সম্পাদক চাংমাই ৷

লগতে চাওকঃমহানগৰীৰ মালিগাঁৱৰ ব্যৱসায়ী সকলৰ এক বিশেষ পদক্ষেপ

দহ স্ৰহস্ৰাধীক লোকৰ প্ৰতিবাদত উত্তাল ৰাজপথ। টোকাৰী গীতৰে প্ৰতিবাদ কন্ঠ শিল্পীৰ।।

হিমন্ত বিশ্ব শৰ্মা দুৰ্শাসন আৰু ধৃতৰাষ্ট ৰূপি সৰ্বানন্দ সোনোৱাল।ৰাণা প্ৰতাপ বৰুৱা।

প্ৰতিনিয়ত বৃদ্ধি পাব ধৰিছে জাতিধ্বংসী সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ।দল-মত,জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে প্ৰতিদিনেই ওলাই আহিছে হেজাৰ হেজাৰ লোক।বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত অব্যাহত থকা 'কা'বিৰোধী উত্তাল প্ৰতিবাদক গুৰুত্ব আৰোপ নকৰিলেও ৰাজ্যখনৰ হাজাৰ হাজাৰ জনতাই এতিয়াও ঐক্য বদ্ধ ভাৱে মাৰ বান্ধি থিয় দিছে এই আইনৰ বিৰুদ্ধে।বিভিন্ন ধৰণৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে নাগৰিকে বিভিন্ন দল সগঠনৰ সহযোগিতা।আজি যোৰহাট ষ্টেডিয়াম সমীপত অনুষ্ঠিত হোৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ সমাৱেশত হাজাৰ হাজাৰ লোকৰ উপস্থিত হয়।সদৌ অসম ছাত্ৰ সন্থা,যোৰহাটৰ সচেতন নাগৰিক, অসমীয়া বংঙালী সমাজ,মাৰুৱাৰী সমাজ লগতে হাজাৰ হাজাৰ মহিলাৰ অংশগ্ৰহণ কৰে গণ সমাৱেশত।আনহাতে গণ সমাৱেশত টোকাৰী গীতৰে প্ৰতিবাদ সাব্যস্ত কৰে কমলা গগৈ, বদন মলিয়াই।পূৱা ১০ বজাৰ পৰা গণ সমাৱেশত সংগঠিত হোৱা জনতাই শেষত চহৰখনৰ মাজৰে এক বৃহৎ প্ৰতিবাদী সমদল কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.