ETV Bharat / state

কেতিয়া সম্পূৰ্ণ হৈ উঠিব টীয়কৰ ফ’ৰলেনযু্ক্ত পথ?

author img

By

Published : Jun 2, 2021, 4:54 PM IST

টীয়কত ফ’ৰলেনযু্ক্ত পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ ৷ এজাক বৰষুণতেই টীয়ক, জগদুৱাৰ আদি পৌৰ এলেকা বুৰ যায় কৃত্ৰিম বানত ৷ পূৰ্বেও এই পথচোৱা নিৰ্মাণত গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷

four-lane-road-corruption
টীয়কত ফ’ৰলেনযু্ক্ত পথ নিৰ্মাণত বিসংগতি

টীয়ক, 2 জুন : যোৰহাট জিলাৰ টীয়কত ফ’ৰলেনযু্ক্ত পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, যোৰহাট বাইপাছৰ পৰা জাঁজীলৈকে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত নিয়োজিত জিডিচিএল নামৰ এটা নিৰ্মাণ সংস্থাৰ পৰা উপ ঠিকা লাভ কৰা লিংক্কন নামৰ প্ৰতিষ্ঠানটোৰ নিম্নমানদণ্ডৰ কামৰ বাবেই নিৰ্মীয়মান অৱস্থাত থকা ফ’ৰলেনযুক্ত পথচোৱা নিৰ্মাণৰ পাচতেই বিধস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷

এজাক বৰষুণতেই টীয়ক, জগদুৱাৰ আদি পৌৰ এলেকা কৃত্ৰিম বানৰ তলত ডুব যাব লগা অৱস্থাৰ লেখীয়া হৈছে । আনহাতে, নিৰ্মাণকাৰী সংস্থাটোৰ নিম্নানদণ্ডৰ কামৰ বাবে এতিয়া পথটোৰ ব্লেক টেপিং নিৰ্মাণৰ কিছুদিন পাচতেই চপৰা-চপৰে এৰিছে এই ব্লেক টেপিং ৷ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ তিনিমাহ নহওঁতেই জাঁজী-হাঁহচৰাৰ সমীপৰ পথটোৰ এটা অংশৰ পকী অংশ ফাটি তললৈ বহি যায়, যাৰ ফলস্বৰূপে পথটো যাতায়াতৰ বাবে অনুপযোগী হৈ পৰে ৷

টীয়কত ফ’ৰলেনযু্ক্ত পথ নিৰ্মাণত বিসংগতি

পথচোৱা নিৰ্মাণৰ সময়ত নিম্নমানদণ্ডৰ কাম প্ৰত্যক্ষ কৰি নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ নিৰ্মাণকাৰী সংস্থাক দাবী জনাইছিল স্থানীয় দল-সংগঠন তথা ৰাইজে ৷ কিন্তু আৰক্ষী আৰু প্ৰশাসনৰ সহযোগত নিৰ্মাণৰ কাম অব্যাহত ৰখা হৈছিল ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে সদৌ অসম ছাত্ৰ সন্থা যোৰহাট জিলাৰ কাৰ্যনিৰ্বাহকৰ সদস্য জিতু নেওগে সংগঠনটোৰ সহযোগিতাত এই কোম্পানীৰ বিৰুদ্ধে টীয়ক থানাত এক গোচৰ ৰুজু কৰিছিল আৰু সমস্ত কাম পুনঃনিৰীক্ষণৰ দাবী জনাইছিল । পুনৰ পথৰ এই অৱস্থা দেখি অনতি পলমে তদন্তৰ খতিয়ান দাখিল কৰিবলৈ প্ৰশাসনক দাবী জনাইছে আছুৱে ৷ অন্যথা ৰাইজৰ সহযোগত অনাগত দিনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহকৰ সদস্যগৰাকীয়ে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কি ক'লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.