টীয়ক,30 জুনঃ শিৱসাগৰ জিলাৰ আমগুৰি হালোৱাটিং থানাৰ অন্তৰ্গত এগৰাকী কিশোৰীৰ সৈতে সংঘটিত হোৱা যৌন নিৰ্যাতনৰ ঘটনাক ন্যায় প্ৰদান কৰাৰ নামত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কিশোৰী গৰাকীৰ সবিশেষ সামাজিক মাধ্যমত ৰাজহুৱা কৰাক লৈ ক্ষোভ প্ৰকাশ অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ ৷ বিধায়কজনৰ বিৰুদ্ধে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজে মঙলবাৰে টীয়ক থানাত এখন এজাহাৰ দাখিল কৰিছে ।

উল্লেখযোগ্য যে ,posco act 2012 ৰ 23 নম্বৰ দফা উলংঘা কৰাৰ অপৰাধত অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজে বিধায়কজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি অভিযুক্ত বিধায়কজনক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনায় । এই আইন অনুসৰি কোনো কিশোৰ-কিশোৰীৰ অভিযোগ বা ন্যায়ৰ নামত তেওঁলোকৰ নাম, ফটো বা তেওঁলোকৰ সবিশেষ সামাজিক মাধ্যমত প্ৰচাৰ বা প্ৰসাৰ কৰিব নোৱাৰে আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সেই যুৱতীগৰাকীৰ নাম, দেউতাকৰ নাম ফেচবুক মাধ্যমত প্ৰচাৰ কৰি এই আইনখনক উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি উচিত তদন্তৰ দাবী জনাইছে । বিধায়কজনে তেওঁৰ সেই বিতৰ্কিত প'ষ্টটো ইতিমধ্যে ফেচবুকৰ পৰা আঁতৰাই দিয়া বুলিও জানিবলৈ দিছে সংগঠনটোৱে ।
লগতে পঢ়কঃটিকটকক ফেৰ মাৰিবলৈ সাজু ভাৰতীয় এপ চিংগাৰী