ETV Bharat / state

টীয়কত নিৰ্বাচনী প্ৰচাৰ দেৱব্ৰত শইকীয়াৰ - দেৱব্ৰত শইকীয়া

বিজেপি চৰকাৰে অসমীয়া জাতিক ধ্বংস কৰাৰ বাবে ষড়যন্ত্ৰ কৰিছেঃ দেৱব্ৰত শইকীয়া

টীয়কত নিৰ্বাচনী প্ৰচাৰ দেৱব্ৰত শইকীয়াৰ
author img

By

Published : Apr 5, 2019, 8:06 PM IST

টীয়ক, ৫ এপ্ৰিলঃ শুকুৰবাৰে টীয়কত উপস্থিত হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া । আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে টীয়কত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে শইকীয়াই । দেৱব্ৰত শইকীয়াই যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ প্ৰচাৰ চলাই বিজেপি নেতৃত্বাধীন চৰকাৰ তথা দলটোৰ বিৰুদ্ধে সৰৱ হৈ পৰে । সমষ্টিটোৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা চাৰিখনকৈ সভাত অংশ গ্ৰহণ কৰি বিজেপি চৰকাৰে অসমীয়া জাতিক ধ্বংস কৰাৰ বাবে ষড়যন্ত্ৰ কৰিছে বুলি উল্লেখ কৰি কংগ্ৰেছৰ নেতাগৰাকীয়ে কয়- সুবোধ বিশ্বাসৰ দৰে অসমীয়াৰ স্বভিমানক আঘাত কৰা ব্যক্তিক বিজেপিয়ে আঁকোৱালি লৈ বিজেপিৰ প্ৰকৃত চৰিত্ৰ প্ৰমাণ কৰিছে । লগতে, অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ নকৰাৰ যি সিদ্ধান্ত লৈছে তাক সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ।

Intro:Body:টীয়কত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
TEOK:টীয়কত যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ সমৰ্থনত শুক্ৰবাৰে কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিজেপি নেতৃত্বাধীন চৰকাৰ তথা দলটোৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে বিধান সভাৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া । সমষ্টিটোৰ বিভিন্ন প্ৰান্তত চাৰিখনকৈ সভাত অংশ গ্ৰহণ কৰি বিজেপি চৰকাৰে অসমীয়া জাতি ধ্বংস কৰাৰ বাবে সকলো ষড়যন্ত্ৰ সম্পূৰ্ণ কৰিছে বুলি উল্লেখ কৰি কংগ্ৰেছৰ নেতাগৰাকীয়ে কয় সুবোধ বিশ্বাসৰ দৰে অসমীয়াৰ স্বভিমানক আঘাত কৰা ব্যক্তিক বিজেপিয়ে আকোৱালি লব বিচৰা কাৰ্য্যৰে এই কথা প্ৰমানিত কৰিলে বিজেপি দলটোৰ প্ৰকৃত চৰিত্ৰ ।নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ নচলাই বুলি অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই লোৱা সিদ্ধান্তক দেবব্ৰত শইকীয়া আদৰণি জনাইছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.