ETV Bharat / state

যোৰহাটৰ পথাৰত ছিৰাল ফাট

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বলিয়া বানে সপোনৰ ঘৰখন উটুৱাই নিয়াৰ পাচত ভয়ংকৰ সমস্যাৰূপে দেখা দিছে খৰাঙে ৷ শাওনৰ পথাৰত ভৰপকৰ সময়ত উত্তৰ পশ্চিম ঢেকৰগড়া উন্নয়ন খণ্ডৰ অন্তৰ্গত গৰখীয়া দল অঞ্চলৰ ভবালীচুকৰ আইকৰি পথাৰৰ বিঘা বিঘা কৃষি ভূমি খৰাঙৰ কৱলত

যোৰহাটৰ পথাৰত ছিৰাল ফাট
author img

By

Published : Aug 14, 2019, 11:34 PM IST

যোৰহাট, 14 আগষ্টঃ ৰাজ্যৰ বানৰ বিভীষিকাৰ পাচত এতিয়া ঠায়ে ঠায়ে খৰাঙৰ ভয়াৱহতা । যোৰহাটৰ পথাৰত মেলিছে ছিৰাল ফাট । চিন্তিত কৃষক ৰাইজ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বলিয়া বানে সপোনৰ ঘৰখন উটুৱাই নিয়াৰ পাচত ভয়ংকৰ সমস্যাৰূপে দেখা দিছে খৰাঙে ৷ শাওনৰ পথাৰত ভৰপকৰ সময়ত উত্তৰ পশ্চিম ঢেকৰগড়া উন্নয়ন খণ্ডৰ অন্তৰ্গত গৰখীয়া দল অঞ্চলৰ ভবালীচুকৰ আইকৰি পথাৰৰ বিঘা বিঘা কৃষি ভূমি খৰাঙৰ কৱলত । যাৰফলত বহু কৃষকে মূৰে কপালে হাত দিবলগীয়া অৱস্থা । প্ৰকৃতিৰ ওপৰতে ভৰষা কৰা এইসকল খেতিয়কৰ মতে জলসিঞ্চন বিভাগে বিভিন্ন আঁচনি আছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগটোৱে । যাৰ বাবে মুৰে-কপালে হাত দিবলগীয়া অৱস্থা কৃষক ৰাইজৰ ৷ আনহাতে, উত্তৰ-পশ্চিম যোৰহাটৰ মালৌখাত,মালৌপাম,ৰান্ধনী জান,কেৰিমেৰী আদি অঞ্চলৰ বহু হেক্টৰ কৃষি ভূমি ভৌগদৈ নদীৰ বালিয়ে পুতি পেলায় ৷

Intro:বানৰ তান্ডৱ পাছতে ভয়াবহ খৰাং।।নামতহে আছে জলসিঞ্চন বিভাগ।।যোৰহাটৰ পথাৰত ছিৰাল ফাট।।Body:

বোলে আছে গৰু নাবাই হাল
বোৱাতকৈ নোবোৱাই ভাল।।খন্ড বাক্য খাৰ সম্পূৰ্ণ ৰূপত মিলি যোৱা বিভাগ ৰাজ্যৰ জলসিঞ্চন বিভাগ।নামতহে আছে বিভাগটো।তাৰ প্ৰমাণ যোৰহাট শাওনৰ পথাৰৰ আচল ৰূপ।ৰাজ্যৰ বিভিন্ন প্ৰান্তত বলিয়া বানে মানুহৰ সপোনৰ ঘৰ-দূৱাৰ উটুৱাই নিয়াৰ পিছত এতিয়া আন এক ভয়ংকৰ সমস্যাই দেখা দিছে।এতিয়া শাওনৰ পথাৰত ভৰপকৰ সময়ত যোৰহাট জিলাৰ উত্তৰ পশ্চিম যোৰহাটৰ ঢেকৰগড়া উন্নয়ন খন্ডৰ অন্তৰ্গত গৰখীয়া দল অঞ্চলৰ ভবালীচুকৰ আইকৰি পথাৰৰ বিঘা বিঘা কৃষি ভূমিত খৰাং কৱলত।ছিৰাল ফাট মেলিছে পথাৰত।যাৰফলত বহু কৃষকে মূৰে কপালে হাত দিব লগিয়া অৱস্থা।প্ৰকৃতিৰ ওপৰতে ভৰষা কৰা এইসকল খেতিয়কৰ মতে জলসিঞ্চন বিভাগ আছে কিন্তু কোনো কাম নাই।বালিগাও অঞ্চলত বৃহত্তৰ অঞ্চলক সামৰি জলসিঞ্চন বিভাগৰ দ্বাৰা পৰিচালিত পামছেট আছিল যদিও বছৰ বছৰ ধৰি কৃষি ভুমিত আজিও লৈকে এটুপি পানী নপৰিল খৰাংৰ সময়ত।গৰখীয়া দল অঞ্চলৰ কৃষকে জলসিঞ্চন বিভাগৰ গিফিলতিৰ বাবেই মুৰে-কপালে হাত দিব লগিয়া অৱস্থাৰ সৃষ্টি হৈছে।ইপিনে উত্তৰ পশ্চিম যোৰহাটৰ মালৌখাত,মালৌপাম,ৰান্ধনী জান,কেৰিমেৰী আদি অঞ্চলৰ বহু হেক্টৰ কৃষি ভূমিত এতিয়া ভৌগদৈ নদীৰ বালি।আনহাতে জিলা খনৰ বহু অঞ্চলত এতিয়া খৰাংৰ কৱলত পৰি খজাল ধৰা কৃষি পথাৰৰ কঠিয়া পকিবলৈ আৰম্ভ কৰিছে।ইপিনে এনে কৰুণ পৰিস্থিতিৰ মাজতো জিলা কৃষি বিভাগৰ দূৰ্ভগীয়া কৃষক ৰাইজৰ খৱৰ নোলোৱা বুলি অভিযোগ উস্থাপন কৰিছে।Conclusion:ৰাজ্যৰ কৃষকৰ বিপদৰ সময়ত সাৰ পাবনে জলসিঞ্চন বিভাগ আৰু কৃষি বিভাগ।নে আধুনিক যোগতো প্ৰকৃতিৰ ওপলত নিৰ্ভৰশীল হবগৈ লাগিব ৰাজ্যৰ কৃষকে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.