ETV Bharat / state

ডঃ দেৱেন দত্তৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি আটছাৰ সংবাদমেল - যোৰহাট প্ৰেছ ক্লাৱত আটছাৰ সংবাদমেল

দোষীয়ে উপযুক্ত শাস্তি দিয়াৰ দাবীৰ লগতে বাগিছাৰ চিকিৎসক সকলক পদত্যাগ নকৰিবলৈ অনুৰোধ জনায় যোৰহাটত আটছাৰ সংবাদমেল ৷

ডঃ দেৱেন দত্তৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি আটছাৰ সংবাদমেল
author img

By

Published : Sep 6, 2019, 8:14 PM IST

যোৰহাট, 6 ছেপ্তেম্বৰঃ যোৰহাটৰ টিয়ক চাহ বাগিছাত যোৱা ৩১ আগষ্টত নৃশংস ভাৱে হত্যাকৰা হৈছিল চিকিৎসক ডঃ দেৱেন দত্তক ৷ এই হত্যাকাণ্ডৰ সন্দৰ্ভত শুকুৰবাৰে যোৰহাট প্ৰেছ ক্লাৱত আটছাৰ সংবাদমেল ৷ সংবাদমেল অনুষ্ঠিত কৰি সমগ্ৰ ঘটনা দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী আটছাৰ ৷ ইপিনে বাগিছাৰ চিকিৎসক সকলক পদত্যাগ নকৰিবলৈ আহ্বান জনায় চাহ বাগিছাৰ চিকিৎসক সকলক নিৰাপত্তা দিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে সংবাদমেলত । অৱশ্যে অসম চৰকাৰৰ লগতে চাহ বাগিচাত পৃথক-পৃথক চৰকাৰ চলে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সংগঠনটোৰ নেতাসকলে ৷ চাহ বাগিচাৰ চিকিৎসককে ধৰি আন আন কৰ্মচাৰীক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে অসম চৰকাৰ ।

ডঃ দেৱেন দত্তৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি আটছাৰ সংবাদমেল

আনহাতে ছ’চিয়েল মিডিয়াতো চাহ জনগোষ্ঠীক কেন্দ্ৰ কৰি যিকোনো নিকৃষ্ট মন্তব্য প্ৰদান নকৰিবলৈ অনুৰোধ সংগঠনটোৰ ৷ এনে মন্তব্যৰ বাবে অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে সংগঠনটোৰ নেতা সকলে । টিয়ক চাহ বাগিছাৰ ঘটনা পুনৰাবৃত্তি নহ’বৰ বাবে বাগিছাই-বাগিছাই সজাগতা সভা পাতিব সংগঠনটোৱে । ইপিনে এই ঘটনাৰ পাছত ৫ খন চাহ বাগিছাত (টিয়ক, জগদুৱাৰ, নামচিচু, ডালিম আৰু খনিকৰ) যি লক্ আউট ঘোষণা কৰিছে সেইয়া প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় । আনহাতে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰাক্তন আটছা কৰ্মী মনোজ মাঝি আটছাৰ সক্ৰিয় সদস্য নহয়, এজন শুভাকাংক্ষীহে বুলি উল্লেখ কৰে নেতাসকলে । আলফা (স্বা) কৰা মন্তব্যৰ বিৰোধে তীব্ৰ ক্ষোভ উজাৰিছে সংগঠনটোৰ কৰ্মকতা সকলে । এই সংবাদমেলত উপস্থিত থাকে আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজেন কুমাৰ আৰু সাধাৰণ সম্পাদক পবন বেদীয়া ৷ টিয়কৰ ঘটনাৰ ফলত সমগ্ৰ চাহ জনগোষ্ঠী অতি লজ্জিত তাৰ বাবে প্ৰয়াত ডঃ দেৱেন দত্তৰ গৃহলৈ গৈ ক্ষমা খুজিব বুলি জানিবলৈ দিয়ে ৷

ডঃ দেৱেন দত্তৰ হত্যাকাণ্ড কেন্দ্ৰ কৰি যোৰহাটত আটছাৰ সংবাদ মেল।।বাগিচাৰ চিকিৎসক সকলক পদত্যাগ নকৰিবলৈ অনূৰূধ সংগঠনটোৰ।।

যোৱা ৩১ আগষ্টৰ দিনা যোৰহাটৰ টিয়কত সংঘটিত হোৱা চিকিৎসক ডঃ দেৱেন দত্তৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আটছাৰ গুৰুত্বপূৰ্ণ সংবাদ মেল অনুষ্ঠিত কৰে প্ৰেছ ক্লাব যোৰহাটত।সমগ্র ঘটনা সৰ্ম্পকত দুৰ্ভাগ্যজনক বুলি আখ্যা কৰাৰ লগতে চৰকাৰলৈ অনুৰোধ দুষিয়ে পাওক কঠোৰৰ পৰা কঠোৰ শাস্তি।

আটছাৰ বিষয় ববিয়াই এইবাৰৰ পৰা চাহবাগিচাৰ চিকিৎসক সকলৰ নিৰাপত্তাৰ বাবে সকলো ব্যৱস্থা কৰিবলৈ প্ৰস্তুত আটছা।

অসম চৰকাৰৰ লগতে চাহ বাগিচাত পৃথক পৃথক চৰকাৰ চলে বুলি তাৎপৰ্য পুৰ্ণ মন্তব্য সংগঠনটোৰ।

চাহ বাগিচাৰ চিকিৎসককে ধৰি আন আন কৰ্মচাৰীক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে অসম চৰকাৰ।

চছিয়েল মিডিয়াত চাহ জনগোষ্ঠীক কেন্দ্ৰ কৰি যি নিকৃষ্ট মন্তব্য প্ৰদান কৰিছে সেয়া নকৰিবলৈ অনুৰোধ সংগঠনৰ।
এনে মন্তব্যৰ বাবে অপ্ৰিতীকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে আটছাই।
টিয়ক চাহ বাগিচাৰ ঘটনা পুনৰাবৃত্তি নহবৰ বাবে বাগিচাই বাগিচাই সজাগতা সভা পাতিব সংগঠনটোৱে।

এই ঘটনাৰ পাছত টিয়ক,জগদুৱাৰ,নামচিচু,ডালিম,আৰু খনিকৰ এই ৫ খন চাহ বাগিচাত যি লক্ আউট ঘোষণা কৰিছে সেইয়া প্ৰত্যাহাৰ কৰিবলৈ দাবী আটছাৰ।

উল্লেখযোগ্য যে শেহতীয়াকৈ যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰাক্তন আটছা কৰ্মী মনোজ মাঝি আটছাৰ সক্ৰিয় সদস্য নহয় এজন শুভাকাংক্ষীহে।

আনহাতে টিয়কৰ ঘটনাৰ পাছত আলফা(স্বা) কৰা মন্তব্যৰ বিৰোধে তীব্র ক্ষোভ উজাৰিছে সংগঠনটোৰ কৰ্মকতা সকলে।ভৱিষ্যতে এনে সমালোচনা কৰা মন্তব্য নিদিবৰ বাবে আহ্বান জনাই আলফা স্বাধীনক।

উল্লেখযোগ্য যে যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সংবাদ মেল আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজেন কুমাৰ আৰু সাধাৰণ সম্পাদক পবন বেদীয়া উপস্থিত থাকে আৰু লগতে টিয়কৰ ঘটনাৰ ফলত সমগ্র চাহ জনগোষ্ঠী বাবে অতি লজ্জিত তাৰ বাবে প্ৰয়াত ডঃ দেৱেন দত্তৰ গৃহলৈ গৈ ক্ষমা খুজিব পৰিয়ালৰ ওচৰত।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.