ETV Bharat / state

সীমা বিবাদত জৰ্জৰিত অসম : মেঘালয় আৰু মিজোৰামৰ পাচত নাগালেণ্ডে লৈছে আগ্ৰাসী ৰূপ

author img

By

Published : Nov 13, 2020, 6:11 PM IST

অসমৰ ভূমিত নগাৰ কেম্প স্থাপন । সীমান্তত উত্তেজনা অব্যাহত । মহকুমা প্ৰশাসনৰ লগতে আৰক্ষীৰ তৎপৰতা । উত্তেজনা বৃদ্ধি দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত ৷ নগা আৰক্ষীৰ শিৱিৰ ভেটি অসম আৰক্ষী বেটেলিয়ানৰ বাংকাৰ নিৰ্মাণ ।

মেঘালয় আৰু মিজোৰামৰ পাচত নাগালেণ্ডে লৈছে আগ্ৰাসী ৰূপ

যোৰহাট, 13 নবেম্বৰ : ইখনৰ পাচত সিখন ৰাজ্যৰ সৈতে আৰম্ভ হৈছে অসমৰ সীমা বিবাদ ৷ বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ জিলাৰ অসম-মিজোৰাম সীমান্তত সীমা বিবাদৰ উত্তেজনা মাৰ নৌযাওতেই, পুনৰ উজনিত আৰম্ভ হৈছে অসম-নাগালেণ্ডৰ সংঘাত ৷ মৰিয়নিৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই চলোৱা বেদখলৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে অসম আৰক্ষী আৰু অসমৰ প্ৰশাসন । দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগা আৰক্ষীৰ এটা শিৱিৰ স্থাপন কৰাৰ পিচত সমগ্ৰ অঞ্চলটোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । নগাই সশস্ত্ৰ নগা আৰক্ষীৰ শিৱিৰ স্থাপন কৰি তাত নগা আৰক্ষী মোতায়ন কৰে যদিও অসমৰ প্ৰশাসনে উক্ত শিবিৰটো উচ্ছেদ কৰিব বিচাৰে ৷ কিন্তু নগা প্ৰশাসনিক বিষয়া আৰু আৰক্ষীৰ অনুৰোধত এদিনৰ সময় দি শিবিৰটো উচ্ছেদ কৰিবলৈ সকীয়নি দিয়ে ।

দুদিনৰ পাচত উক্ত শিবিৰটো নগাই আঁ‌তৰাই নিয়াৰ পৰিৱৰ্তে তাত অধিক নগা আৰক্ষী নিয়োগ কৰে । ইয়াৰ পাচতেই নগাৰ এনে কাৰ্যৰ বিৰুদ্ধে এক প্ৰকাৰ ফেপেৰি পাতে অসম আৰক্ষীয়ে । যোৰহাটৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰৰ নেতৃত্বত আৰক্ষী, প্ৰশাসন আৰু বন বিভাগৰ এটা বৃহৎ দলে উক্ত শিবিৰ উৎখাত কৰিবৰ বাবে আগবাঢ়ে । ইফালে, নাগালেণ্ডৰ প্ৰশাসনে শিবিৰটো আঁ‌তৰাই নিয়াৰ কোনো লক্ষণ নেদেখি উক্ত শিবিৰটো স্থাপন কৰা টিলাটোলৈ উঠি যোৱা পথৰ দাঁ‌তিতে অসম আৰক্ষী বেটেলিয়ানৰ দুটাকৈ শিবিৰ স্থাপন কৰাৰ লগতে বাংকাৰো নিৰ্মাণ কৰে । তাৰোপৰি বৃহৎ সংখ্যক অসম আৰক্ষীৰ বেটেলিয়ান মোতায়ন কৰা হয় ।

ইয়াৰ পাচতেই গা লৰিল নাগালেণ্ড চৰকাৰৰ । সমগ্ৰ বিষয়টো আলোচনা কৰিবৰ বাবে নাগালেণ্ড চৰকাৰে তেওঁলোকৰ উচ্চ পদস্থ বিষয়াক ঘটনাস্থলীলৈ প্ৰেৰণ কৰে । বুধবাৰে আবেলি সময়ত মোককচাং জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজা ভৌলী, সহকাৰী আৰক্ষী অধীক্ষক ইমটি মেৰেন আও, সীমান্ত দণ্ডাধীশ ফিৰহাছী , মাংকুলেম্বাৰ মহকুমা আৰক্ষী বিষয়া তালি চুনেপ আদি উপস্থিত হৈ অসমৰ দলটোৰ সৈতে এক চমু আলোচনাত মিলিত হয় । যদিও নিশা লৈকে কোনোধৰণৰ ফলপ্ৰসূ সমাধান নোলাল । যাৰ ফলত যোৰহাটৰ আৰক্ষী অধীক্ষক মৃনাল তালুকদাৰৰ উপৰিও মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া তথা সীমান্ত দণ্ডাধীশ ডাঃ বিশ্বজিত বৰা, তিতাবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া নিতুমনি দাস আদিৰ লগতে অসম আৰক্ষীৰ এটা বৃহৎ দলৰ লগতে স্থানীয় লোক বৃহস্পতিবাৰে পুৱালৈকে ঘটনাস্থলীত থাকে । ঘটনাৰ পিচত সমগ্ৰ অঞ্চলটোতে উত্তেজনা অধিক বৃদ্ধি পোৱাৰ লগতে পুৱাৰে পৰা অসম আৰক্ষীয়ে নিজৰ শক্তি বৃদ্ধি কৰি অধিক জোৱান ঘটনাস্থলীত নিয়োজিত কৰিছে ।

আনহাতে মৰিয়নীৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ অস্থায়ী কেম্প স্থাপনক লৈ উত্তেজনা সৃষ্টি হৈছে । যোৱা দেওবাৰে অসমৰ সংৰক্ষিত বনাঞ্চলৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই ঘৰ নিৰ্মাণৰ বাবে যুগুতাই থোৱা সামগ্ৰী অসম আৰক্ষী সহযোগিতাত বন বিভাগ আৰু মহকুমা প্ৰশাসনে জব্দ কৰিছিল । দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ সেই একেই স্থানতে দুদিনৰ পাচত অৰ্থাৎ মঙলবাৰে দেখা গ’ল নগা আৰক্ষীৰ এটা অস্থায়ী কেম্প । মঙলবাৰে দুপৰীয়াৰ মহকুমা আৰক্ষী বিষয়া, যোৰহাট জিলা সংমণ্ডলিক বন বিষয়া, সীমান্ত দণ্ডাধীশ সহিতে অসম আৰক্ষীৰ এটা বৃহৎ দল সেই স্থানলৈ গৈ নগা আৰক্ষীৰ চাউনীটো প্ৰত্যক্ষ কৰে । তাত উপস্থিত থকা নগা আৰক্ষী বিষয়াক অতি শীঘ্ৰে চাউনীটো ভাঙিবলৈ সীমান্ত দণ্ডাধীশে নিৰ্দেশ দিয়ে যদিও নগা আৰক্ষীয়ে তেওঁৰ উদ্ধতম কৰ্তৃপক্ষৰ নহা পৰ্যন্ত কেম্পতো আঁতৰাব নোৱাৰাৰ কথা জানিবলৈ দিয়ে ।

পৰৱৰ্তী সময়ত সেই স্থানত তিতাবৰ মহকুমাধিপতিৰ লগতে অসম আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ এটা বৃহৎ দল উপস্থিত হয় । নাগালেণ্ড প্ৰশাসনৰ উচ্চপদস্থ বিষয়া উক্ত স্থানত উপস্থিত নোহোৱাত অসম আৰক্ষীয়ে নগা আৰক্ষীৰ কেম্পতো আঁতৰাবলৈ সক্ষম হোৱা নাই । শেহতীয়া তথ্য মতে বৰ্তমান ও পৰিস্থিতি একে আছে।নগা আৰক্ষীয়ে ইতিমধ্যে নিজৰ শক্তি বৃদ্ধি কৰা তথ্য আহি পৰিছে ।

লগতে পঢ়ক : সীমান্তত কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েনৰ ক্ষেত্ৰত মান্তি নহয় মিজোৰাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.