ETV Bharat / state

ADITYA L1 launch : ইছৰোৰ সূৰ্য অভিযানৰে জড়িত অসমৰ ঐশ্বন্যা শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 1:08 PM IST

সূৰ্যত অভিযান চলাবলৈ সাজু ইছৰো ৷ শনিবাৰে উৎক্ষেপন হ'ব আদিত্য এল-১ সূৰ্যমুখী অভিযানত জড়িত হোৱাৰ গৌৰৱ অৰ্জন কৰিলে বাহনা মহাবিদ্যালয়ৰ অধ্যাপক ড৹ ঐশ্বন্যা শৰ্মাই ৷

ADITYA L1 launch
ইছৰোৰ সূৰ্য অভিযানৰে জড়িত অসমৰ ঐশ্বন্যা শৰ্মা

যোৰহাট, 2 ছেপ্টেম্বৰ: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আজি সূৰ্য অভিমুখে উৎক্ষেপন কৰিব আদিত্য এল-1 নামৰ মহাকাশযান ৷ সূৰ্যত অভিযান চলাবলৈ সাজু হৈছে ইছৰো ৷ আদিত্য এল-1 নামৰ মহাকাশযান সাজু কৰি তুলিছে ইছৰোৱে ৷ এই বিৰল গৌৰৱৰ অংশীদাৰ হৈছে এগৰাকী অসমীয়া । সূৰ্যৰ জটিল প্ৰক্ৰিয়াবিলাক অধ্যয়ন কৰিবলৈ প্ৰেৰণ কৰিবলগীয়া আদিত্যৰ কাৰ্যক্রমণিকাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত নেতৃত্ব ল'বৰ বাবে যুটীয়া অনুসন্ধানকাৰী বিজ্ঞানী হিচাপে নিযুক্ত কৰা হৈছে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড° ঐশ্বন্যা শৰ্মাক ।

আদিত্য এল-১ ত সংলগ্ন দূৰবীক্ষণ যন্ত্ৰ সংক্ষেপে SUIT (Solar Ultraviolet Imaging Telescope) এ সংগ্ৰহ কৰি পঠিয়াবলগীয়া তথ্যৰ পৰা সূৰ্যৰ আলোকমণ্ডল আৰু বৰ্ণমণ্ডলত স্থিত তৰংগ আৰু কম্পনৰ বিষয়ে তেওঁ অধ্যয়ন কৰিব । উল্লেখযোগ্য যে, ড° শৰ্মাই 2015 চনৰ পৰা আদিত্যত সংলগ্ন সাতটা যন্ত্ৰৰ অন্যতম যন্ত্ৰ SUIT ৰ মুখ্য অনুসন্ধানকাৰী বিজ্ঞানী তথা পুনেত অৱস্থিত জ্যোতি পদাৰ্থ বিজ্ঞানৰ গৱেষণা প্ৰতিষ্ঠান IUCAA ৰ জ্যেষ্ঠ বিজ্ঞানী অধ্যাপক দূর্গেশ ত্ৰিপাঠীৰ লগত কৰ্মৰত । নাক (NAAC) ৰ এ প্লাছ গ্ৰেড লাভ কৰা যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান বাহনা মহাবিদ্যালয়ৰ শিক্ষকসকল ইতিমধ্যেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ক্ষেত্ৰত উচ্চগুণমানসম্পন্ন গৱেষণাত বৰ্তি থকাৰ উপৰি গৱেষণাপত্ৰ প্ৰকাশ কৰি ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত হৈছে ।

ড° শৰ্মা যোৰহাট ৰজামৈদাম নিউ ক’লনীৰ বিচিত্ৰ শৰ্মা, দীপালি শৰ্মাৰ কন্যা আৰু নগৰৰ উপকণ্ঠৰ পদুমণি নিবাসী তথা চিলাপথাৰ মহাবিদ্যালয়ৰ শিক্ষক উৎপল শইকীয়াৰ পৰিবাৰ । ভাৰতবর্ষৰ সূৰ্যমুখী অভিযানৰ ঐতিহাসিক যাত্ৰাত ড° ঐশ্বন্যা শৰ্মা জড়িত হোৱাত মহাবিদ্যালয়-পৰিয়ালৰ লগতে যোৰহাট তথা অসমবাসীয়ে আনন্দ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: Aditya-L1 launch : পুৱা 11.50 বজাত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপন কৰা হ’ব আদিত্য-L১ ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.