ETV Bharat / state

অখিল গগৈক মুক্তিৰ দাবীত অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজৰ সংবাদমেল

সোমবাৰে অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ লগতে অসমৰ কেইবাটাও জলন্ত সমস্যা সমাধানৰ দাবীত এক সংবাদ মেল সম্বোধন কৰে । ইপিনে টীয়কৰ মাজমজিয়াত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কৃষক মুক্তি সংগ্ৰাম সমিতি যোৰহাট জিলাৰ সভাপতি মৃদুল বৰাৰ উপস্থিতত টীয়ক মহকুমা সমিতিৰ উদ্যোগত অখিল গগৈকে ধৰি কা বিৰোধী আন্দোলনৰ ৰোষত পৰি কাৰাবন্দী হৈ থকা নেতাসকলক মুক্তিৰ দাবীত হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

Assam premi yubo satra samaj demand to relesed akhil gogoi

author img

By

Published : Jun 8, 2020, 8:13 PM IST

টীয়ক, ৮ জুন : অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজৰ কেন্দ্ৰীয় কাৰ্যালয়ত সোমবাৰে অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ লগতে অসমৰ কেইবাটাও জলন্ত সমস্যা সমাধানৰ দাবীত এক সংবাদ মেল সম্বোধন কৰে । উপদেষ্টা মনোজ গগৈয়ে সাংবাদিক সকলক সম্বোধি কয় যে, ৰাজনৈতিক মেৰপাকত বন্দী হৈ সংগ্ৰামী সত্বা অখিল গগৈ কাৰাগাৰত ১৮০ দিন ধৰি বন্দী হৈ আছে ।

Assam premi yubo satra samaj demand to relesed akhil gogoi
অখিল গগৈক মুক্তিৰ দাবীত অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজৰ সংবাদ মেল

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ই মাওবাদীৰে সৈতে সম্পৰ্ক থকা অভিযোগত গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈক। কিন্তু ২৯ মে' তাৰিখে NIA ই আদালতত তথ্য প্ৰমাণৰ অবিহনে কেৱল অভিযোগ আৰোপ কৰি প্ৰায় ৪০ পৃষ্ঠা চাৰ্জশ্বীট দাখিল কৰে নিয়াৰ আদালতে । এই ৪০ পৃষ্ঠাৰ ১৯ পৃষ্ঠা অভিযোগ হোৱাৰ বিপৰীতে বাকী ২১ পৃষ্ঠা বিভিন্ন নথি সংলগ্ন চাৰ্জশ্বীট বুলি উল্লেখ কৰে ।

সমগ্ৰ বিশ্বতে COVID-19 ৰ ত্ৰাসৰ বাবে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ অনুসৰি বিভিন্ন ৰাজ্যত কাৰাবন্দী সকলক মুক্তি দিছে কিন্তু তাৰ বিপৰীতে জামিন পোৱাৰ পিছতো পুনৰ গোচৰ ৰুজু কৰি অখিল গগৈক ১৮০ দিনে কাৰাবন্দী কৰি ৰখাতো এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি সংগঠনটোৱে অভিযোগ উখাপন কৰে। ইয়াৰ যোগেদি চৰকাৰে মানৱাধিকাৰ ভংগ কৰাৰ ওপৰিও গণতন্ত্ৰকো ধূলিসাৎ কৰাৰ লগতে এক প্ৰতিশোধ পৰায়ণ মনোবৃত্তিহে দাঙি ধৰিছে বুলি সংগঠনটোৱে আক্ষেপ কৰে ।

অখিল গগৈক দীঘলীয়া ভাৱে বন্দী কৰি থোৱাৰ সুযোগ লৈ বিজেপি চৰকাৰে বিভিন্ন ধৰণৰ জনবিৰোধী কাম হাতত লৈছে। তাৰ মাজতে উত্তৰ-পূৱৰ আমাজন হিচাপে খ্যাত দিহিং পাটকাই বৰ্ষাৰণ্যৰ চেলেকি সংৰক্ষিত বনাঞ্চলত কয়লাৰ মুক্ত খননৰ বাবে অনুমতি প্ৰদান কৰিছে,ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সাতটা স্থানত অইল ইণ্ডিয়া খনন আৰু হাইড্ৰকাৰ্বন পৰীক্ষণৰ বাবে গ্ৰহণ কৰা হৈছে হঠকাৰী সিদ্ধান্ত ।

আনহাতে,অখিল গগৈক কাৰাবন্দী কৰি ৰাখি বিজনী,ৰহা,ডবকা,সোণাপুৰকে ধৰি চাৰিখন টোলগেট মুকলি কৰাৰ লগতে আন চাৰিখন টোলগেট নিৰ্মাণৰ কাম চলাই আছে । অৰুণাচল প্ৰদেশৰ দিবাং নদীত ৬২২২.১৬ হেক্টৰ বনভূমি ধংস কৰি দিবাং জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ লোৱা হৈছে ।

এই প্ৰকল্পই তিনিচুকীয়া জিলাত ভয়াৱহ জলবোমাৰ ৰূপ লোৱাৰ আশংকা বেছি বুলিও সংগঠনটোৱে দাবী উখাপন কৰে । লগতে,অখিল গগৈৰ কাৰাবন্দীত্বৰ সুযোগ লৈ নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ কাম চলি আছে থকা বুলিও সংবাদ মেলত সংগঠনটোৱে উল্লেখ কৰে ।

সেয়ে চৰকাৰখনক অসমৰ ৰাইজে বিৰোধ কৰা কৰ্ম পৰা আঁতৰত থাকিবলৈ সকিয়নি দিয়াৰ লগতে কৃষক নেতা অখিল গগৈক মানৱীয় দুৰ্যোগৰ এই সময়ত সংবেদনশীল দৃষ্টিৰে সকলো কথা বিশ্লেষণ কৰি তেওঁ আৰু তেওঁৰ সহযোগীসকলক অনতি পলমে মুক্তি দিবলৈ দাবী জনাইছে সংগঠনটোৱে।

ইপিনে টীয়কৰ মাজমজিয়াত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কৃষক মুক্তি সংগ্ৰাম সমিতি যোৰহাট জিলাৰ সভাপতি মৃদুল বৰাৰ উপস্থিতত টীয়ক মহকুমা সমিতিৰ উদ্যোগত অখিল গগৈকে ধৰি কা বিৰোধী আন্দোলনৰ ৰোষত পৰি কাৰাবন্দী হৈ থকা নেতাসকলক মুক্তিৰ দাবীত হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে পঢ়ক : অখিল গগৈৰ মুক্তিৰ দাবীত কামপুৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.